সোণতৰা (পৃষ্ঠা নং – ৮)
[জ্যোতিপ্ৰসাদ আগৰৱালা]
(আঠ)
সেইদিনা
বুঢ়াৰ ঘৰত শৰাধ ৷ গাঁৱৰ মানুহ মাতিছে ৷ ওচৰৰ গাঁৱৰে চিনাকি মানুহ মাতিছে ৷ জিলাত
থকা সম্বন্ধীয়া মানুহ দুই এঘৰকো মাতিছে ৷ ৰাতি সেইদিনা ভোজ ৷ সোণতৰাই সেইদিনা দিনৰ
দিনটো কাম কৰি তত পোৱা নাই ৷
খাবৰ
সময় হৈছে ৷ মানুহবিলাক আহি পাতে পাতে বহিছে ৷ এনেতে দিনৰ দিনটো ওন্দোলাই থকা মেঘে
বৰষিবলৈ ধৰিলে ৷ ধাৰাষাৰে বৰষুণ ৷ বৰ বতাহ, ধুমুহা ৷ পাতে পাতে সকলোৱে বহি খাবলৈ
ধৰিছে ৷ এনেতে ওচৰতে থিয় ষি থকা বঢ়াক এজনে ক’লে,
“কেঁচা
জলকীয়া এটা পালে ভাল আছিল ৷”
বুঢ়া
– “বাৰু
কোনো কথা নাই ৷ হেৰৌ গোলাপ ! কেঁচা জলকীয়া কেটামান আনিবলৈ কচোন ৷”
গোলাপে
ৰান্ধনী-ঘৰলৈ চিঞৰ মাৰি ক’লে, “সোণতৰা
! কেঁচা জলকীয়া কেটামান লৈ আহচোন ৷”
সোণতৰাই
কেঁচা জলকীয়া কেটামান হাতত লৈ থিয় হ’লহি ৷ তাইৰ
চকু হঠাৎ এঠাইত পৰিল ৷ তাই চক খাই উঠিল ৷ জীৱনত এনেকৈ তাই চক খোৱা নাই ৷ তাৰ লগে
লগে আৰু কেজনমান মানুহেও চক খালে ৷ এজনে ভাতৰ গৰাহ এৰি উঠি ক’লে,
“ইস্
ইস্ ৷ এইজনী আমাৰ গাঁৱৰ হলিৰামৰ ছোৱালী নহয়নে ? তাইৰ বদনামত গাঁৱৰ মানুহ মুখ
উলিয়াব নোৱৰা হৈছিল ৷ হয় ৷ ৰাইজে তাইক সমাজৰপৰা খেদি দিছিল ৷ তাই আহি বৰীয়া বামুনী
এজনীৰ ভাত খাই জাতিকুল এৰিলে ৷ হৰি হৰি ! তাই পানীদুনি সোপাকে চুইছে নহয় ৷ ৰাম
ৰাম... হৰি হৰি !”
পিছৰ পৃষ্ঠা ....
No comments:
Post a Comment