সোণতৰা (পৃষ্ঠা নং – ৪)
[জ্যোতিপ্ৰসাদ আগৰৱালা]
(চাৰি)
সোণতৰাই
নাই নাই বুলিও তিনিদিন থিয়েটাৰ চালে ৷ চন্দ্ৰনাথে যে তিনিওদিন সোণতৰাহঁতৰ লগৰীয়া
হৈছিল তাক নক’লেও হ’ব
৷ চন্দ্ৰনাথৰ সৈতে সোণতৰাৰ এতিয়া ভালকৈয়ে কথা-বতৰা হয় ৷ যাবৰ দিনা চন্দ্ৰনাথ আহি ক’লে,
“যাবাগৈ
৷ আমালৈ নেপাহৰিবা দেই ৷”
সোণতৰায়ো
ক’লে, “আপুনি আমাৰ
ঘৰলৈ যাবচোন, কিমান দূৰনো ? আপোনাৰ দুচকীয়া গাড়ীখনো আছে নহয় ৷”
চন্দ্ৰনাথ
– “বাৰুযাম
৷ গ’লে আকৌ খেদাই নিদিবা ৷”
তাৰ
পিছত সোণতৰাই সকলোৰেপৰা বিদায় লৈ ঘৰলৈ উভতিল ৷ যাওঁতে বেয়েকহঁতৰ মাকলৈ দঢ়াই কৈ গ’ল
৷ বায়েকহঁতেও শলাগি থলে ৷
পিছদিনা
চন্দ্ৰনাথে চাইকেলত উঠি সোণতৰাৰ ঘৰত উপস্থিত হ’লগৈ
৷ সোণতৰাৰ মাক-বাপেকেও চিৰস্তাদাৰৰ পুতেক আহিছে বুলি আদৰ-সাদৰ কৰি সুধিলে পুছিলে
আৰু মাজে মাজে আহিবলৈ ক’লে ৷ চন্দ্ৰনাথেও সুবিধাহে
পালে ৷
এইদৰে
চন্দ্ৰনাথ সোণতৰাৰ ঘৰলৈ প্ৰায়েই অহা হ’ল ৷
সোণতৰাৰ মাক-বাপেকেও চন্দ্ৰনাথৰ গুৰিলৈ আৰু মাত-কথালৈ চাই সন্তৰ চূড়ামণি বুলি
আদৰ-সাদৰৰ মাত্ৰা চৰাবলৈ ধৰিলে ৷ লাহে লাহে চন্দ্ৰনাথে জিলাৰপৰা আজি ইতো কাইলৈ
সিটো দি থাকি সোণতৰাক হাতৰ মুঠিলৈ আনিলে ৷ তায়ো আজলী ছোৱালী ৷ চন্দ্ৰনাথৰ
ধূৰ্ত্তালিৰ তাই কি গম পাব ? চন্দ্ৰনাথৰ
ওফাইদাং আৰু মন ভুলোৱা কথাত তাই তেনেই ভোল গ’ল
৷
পিছৰ পৃষ্ঠা ....
No comments:
Post a Comment