অনুসন্ধান আকাংক্ষাত

Monday, January 21, 2013

সোণতৰা (পৃষ্ঠা নং – ৭)



সোণতৰা (পৃষ্ঠা নং ৭)
[জ্যোতিপ্ৰসাদ আগৰৱালা]


(সাত)

          প্ৰথম যৌৱনৰ দুৱাৰদলিত সোমাই এখোজ নৌ যাওঁতেই সোণতৰাৰ জীৱনে তাইৰ মুখত বিহ বাকি দিলেহি ৷ যৌৱনে যি মিঠা মৌ তাইক আনি দিলেহি, সেয়াই সোণতৰাৰ পক্ষে বিহ হল ৷ সংসাৰখন তাইৰ পক্ষে হল বিষময় ৷ তাই চকু মুদি কেৱল জীয়াই থাকিল ৷ তাইৰ আশা নাই, আনন্দ নাই, লোভ নাই.. একো নাই ৷ জীয়াই থাকিব লাগে, আছে ৷ তাইৰ বয়স যৌৱনত ভৰি দি যি আশাৰ সোণোৱালী জীৱনৰ কথা ভাবিছিল, তাক এটা প্ৰকাণ্ড বিৰাট ধুমুহাই ভাঙি চূৰমাৰ কৰি গলহি ৷ সি আৰু ঠন ধৰি উঠিব নোৱৰা হল ৷
          সেই সংসাৰবিৰাগী ছোৱালীজনীৰ মনৰ যৌৱন অবতৰত ম্লান পৰিল ৷ তাক ঠন  ধৰাবলৈ সঞ্জীৱনী নাই ৷ শাৰীৰিক যৌৱন, দুখ-দৈন্য, অভাৱৰ ঘাত-প্ৰতিঘাতত ম্লান পৰি আছিল ৷ এতিয়া আকৌ সুখ, শান্তি ; খোৱা-পিন্ধাৰ পূৰ্ণতাত সি ঠন ধৰি উঠিল ৷ পুৰণি শৰীৰ ন হল ৷ উটি যোৱা সৌন্দৰ্য্য আকৌ উভতি আহি থিতাপি ললেহি ৷
          প্ৰথম দিনা দেখাৰেপৰা যি এটা সৰল সৌন্দৰ্য্যই গোলাপক সোণতৰালৈ ঢাল খুৱাইছিল, তাৰ পূৰ্ণতাৰ লগে লগে ইয়াৰো সেই বাসনা হৈ আহিল ৷ তাৰ অন্তৰ আত্মাই সোণতৰাক বিচাৰিছে ৷ তাৰ জীৱনৰ আশাই সোণতৰাক বিচাৰিছে ৷ তাৰ জীৱনৰ আশাই সোণতৰাক মূৰত মুকুটকৈ পিন্ধিব খুজিছে ৷ তথাপি তাৰ সন্দেহ হৈছে.. সঁচাকৈয়ে সি সোণতৰাক বিচাৰিছেনে ?
          গোলাপৰ সেই ভাবে, তাৰ সেই দৃষ্টিয়ে, সোণতৰাৰ হৃদয়তন্ত্ৰীত টুকৰিয়াইছেগৈ, কিন্তু সেই তন্ত্ৰী আজি স্পন্দনহীন ৷ তাৰপৰা সুৱদি সুৰ ওলাব খোজা নাই ৷ সেই তন্ত্ৰীত প্ৰাণৰ অভাৱ ৷
          সোণতৰাৰ সৈতে কত কথা পাতিছে, কত কথা কৈছে, কিন্তু এই বিষয়ে তাইৰপৰা অলপো সহানুভূতি পোৱা নাই ৷ তাই শুনিব লাগে মাথোন  শুনি গৈছে ৷ জীৱনৰ সুখলৈ তাইৰ আৰু স্পৃহা নাই ৷ কিন্তু ইয়াৰ আগ্ৰহ আকাঙ্ক্ষা দিনে দিনে চৰি আহিছে ৷ বানপানীৰ দৰে আহি তাৰ হৃদয় খলক লগাইছে ! সি আৰু কেনেকৈ থাকিব বাৰু ?
          বুঢ়া-বুঢ়ী গাঁৱলৈ ওলাই গৈছে ৷ পথাৰৰপৰা সোণতৰাই ডাঙৰি কঢ়িয়াই আনি ভঁৰালত থৈছেহি ৷ বুঢ়াৰ পুতেকে চোতালতে মৰণা মাৰিব লাগিছে ৷ সোণতৰাৰ সেই মধুৰ মন্থৰ খোজকিটালৈ সি চাব লাগিছে ৷ ভাগৰত বাগৰি অহা সোণতৰাৰ কপালৰ ঘামৰ টোপালকিটিয়ে এজোলোকা সহানুভূতি আনি তাইৰ গাত পেলাই দিছেহি ৷ ৰদত সোণতৰাৰ মুখখন কি সুন্দৰ হৈ ৰঙা পৰি আছে ৷ মুখখন গহীন ৷ কি ৰূপহ গাম্ভীৰ্য্য !
          সোণতৰাই শেষ ডাঙৰিটো আনি ভঁৰালত থৈ ৰিহাৰে ঘামবোৰ মচি বহিছে ভঁৰালৰে ওচৰত পৰি থকা শিল এটাত ৷ গোলাপ ওচৰলৈ গৈ সোণতৰাৰ সৈতে এটা দুটাকৈ কথা পাতি কলে, সোণতৰা ! তই মোলৈকে বিয়া সোমা !
          তাই কঁপি উঠিল ৷উচাট মাৰি তাৰপৰা গুচি গল, মই কাৰো তিৰোতা হবলৈ নেযাওঁ ৷
          অলপ দূৰত গৈ তাই ফেকুৰি ফেকুৰি কান্দিলেগৈ ৷ তাইলৈ পুৰুষ মাত্ৰেই চন্দ্ৰনাথৰ দৰে নৰকী, পাষণ্ড ৷


                                                                                      পিছৰ পৃষ্ঠা ....
                                                                     
[ইউনিকড ৰূপান্তৰ : দিগন্ত শইকীয়া]         (পৃষ্ঠা নং- ,, , , , , , , )

No comments: