সোণতৰা (পৃষ্ঠা নং – ৩)
[জ্যোতিপ্ৰসাদ আগৰৱালা]
(তিনি)
চন্দ্ৰনাথ
সেই জিলাৰে চিস্তাদাৰৰ পুতেক ৷ পঢ়া-শুনাৰ ফালে পিঠি দি বৰ্ত্তমান বাপেকৰ আৰ্জ্জন
ধ্বংসত নিজকে নিযুক্ত কৰিছে ৷ ইংৰাজী স্কুলৰ প্ৰথম শ্ৰেণীলৈকে পঢ়ি, বাছনি পৰীক্ষাত
উঠিব নোৱাৰি হেড্মাষ্টৰক অবাইচ্ বচন বুলি স্কুলৰ সৈতে সম্বন্ধ ছিঙিলে ৷ বাপেকক
হেড্মাষ্টৰে হিংসা কৰে বুলি বুজাই দিয়াত বাপেকেও ‘এৰা,
আৰু পঢ়িব নেলাগে’ বুলি ক’ৰবাত
চাকৰিত সুমাই দিয়াৰে চেষ্টাত আছে ৷ ইফালে এৱোঁ নামকটা চিপাহীটি হৈ অ’ৰ
গোঁসাই তলৈ নি চব্বিছ ঘণ্টাৰ দীঘল দিনবোৰ টিলিকতে নিয়াব লাগিছে ৷ চন্দ্ৰনাথৰ
অৱশ্যে শলাগিবলগীয়া কেইটামান গুণো আছে ৷ ল’ৰাটো বৰ
কামিলা ৷ যি কামতে লগাই দিয়া যায় যেনে তেনে সমাধা কৰিবই ৷ ল’ৰাটো
নিজেই এলেহুৱা নহয় ৷ এইবোৰ কাৰণতে চন্দ্ৰনাথক মানুহে ভাল পায় ৷
ৰাতি
সোনকালে ভাত-পানী খাই আটাইকেইজনী থিয়েটাৰ চাবলৈ ওলাইছে ৷ চন্দ্ৰনাথ আহি – “হ’ল
নে তোমালোকৰ ? কাপোৰ-কানি পিন্ধোতেই দেখোন এযুগ যাব ৷ এই তিৰোতা মানুহ লৈ অলৈ তলৈ
সতকাই যাব নোৱাৰি “ ইত্যাদি.. নানা মন্তব্য
প্ৰকাশ কৰি আছে ৷ সোণতৰাৰ কাপোৰ-কানি পিন্ধাত নানা তৰ্ক-বিতৰ্ক ৷ জাকিটৰ সলনি
যেনিবা বায়েকহঁত তেওঁলোকৰে ব্লাউজ পিন্ধালে ; কিন্তু তাইৰ অৱস্থা তাইহে গম পাইছে ৷
বেচেৰীয়ে ৰিহাৰে লাজত ব্লাউজ ফ্লাউজ ধাকি লৈ ত্ৰাহি মধুসূদন দেখিছে ৷ কিন্তু কানত
ফুল সুমুৱায় কেনেকৈ ? থুৰিয়া পিন্ধা কাণৰ বিন্ধাইদি ফুল সৰকি ইফাল সিফাল পায়গৈ ৷
মেখেলা পিন্ধাত যেনিবা সোণতৰাক বলে নোৱাৰিলেগৈ, তথাপি টনা-আজোৰাকৈ ফেছনৰ যিমান
পাৰিলে আনিলে ৷ অৱশেষত জোতা পিন্ধাৰ পাল ৷ হীল্ থকা লেডীজোতা দেখিয়েই সোণতৰাৰ
চুলিৰ আগেদি জীৱ গ’ল ৷ বৰবায়েকে সিহঁতৰ পুৰণি
এযোৰ আনি ক’লে, “পিন্ধা
৷”
সোণতৰাই
বৰআয়েকৰ মুখলৈ বৰ কৰুণভাৱে চাই ক’লে, “ওঁ
নিপিন্ধো মই ৷ ক’ৰবাত ভৰি মোচোকা খাব ৷ মোৰ
ভয় লাগে ৷ পেঙত উঠা যেন লাগিব চাগৈ ৷ মই নিপিন্ধো ৷”
বৰআয়েকেও
ক’লে, “এৰা, তাই
নেলাগে পিন্ধিব ৷ কেতিয়াও নিপিন্ধা ছোৱালী, ক’ৰবাত
পৰিব-ধৰিব আই ! নেলাগে থাওক ৷”
বৰবায়েকে
জোতাযোৰ এফালে আঁতৰাই থৈ ক’লে, “নিপিন্ধা..
থাকা ৷ বাটত শিলগুটিত সেকাফেৰি পাবাগৈ ৷”
সোণতৰায়ো
উশাহ লৈ ৰক্ষা পৰিল অৱশেষত আটাইকেউজনী থিয়েটাৰলৈ ওলাল ৷ সোণতৰাই শিলৰ বাটত খোজ
কাঢ়িব নোৱাৰি একাষৰীয়া হৈ শিল নোহোৱাইদি যাবলৈ ধৰিলে ৷ সোণতৰাৰ “এইটো
কি ? সেইটো কি ? ইত্যাদিবোৰ বাটত যাওঁতে কৰা প্ৰশ্নৰ উত্তৰ দিয়াৰ ছলেৰে তাইৰে সৈতে
কথা-বতৰা পাতিবলৈ চন্দ্ৰনাথে ছল নেৰিলে ৷
সময়মতে
থিয়েটাৰ পালেগৈ ৷ দৃশ্যৰ পিছত দৃশ্য হৈ যাবলৈ ধৰিলে ৷ ৰজাৰ ঠাইত সেনাপতি ওলাল ৷
দূতৰ ঠাইত লিগিৰা ওলাল ৷ বৰঘৰৰ ঠাইত আলিবাট ওলাল ইত্যাদিকৈ থিয়েটাৰ শেষ হ’ল
৷ সোণতৰাই নিৰ্ব্বাক-নিস্পন্দ হৈ মাথোন চাই গ’ল
৷ বায়েকহঁতে সুধিলে, “কেনে দেখিছা ?”
তাই
ক’লে,”ভাল ৷”
ঘৰলৈ আহি মাথোন তাই সুধিলেহি, বাইটি ! থিয়েটাৰ কৰা আটাইবিলাক মানুহ মুছলমান নেকি ?”
বায়েকহঁতে
টোপনিজালতে এজাউৰি নহঁহাকৈ থাকিব নোৱাৰিলে ৷
পিছৰ পৃষ্ঠা ....
No comments:
Post a Comment