সোণতৰা (পৃষ্ঠা নং – ৫)
[জ্যোতিপ্ৰসাদ আগৰৱালা]
(পাঁচ)
সময়ে
সোণতৰাৰ চকু মেলি দি গ’লহি ৷ সোণতৰাই নৈঘাটলৈ পানী
নিবলৈ আহি পানী-কাষৰীয়া শিলটোৰ ওপৰত বহিছেহি ৷ সন্ধ্যাৰ আকাশলৈ চাই তাই ভাবিছে ..
সন্ধ্যাৰ পিছৰ দৰে তাইৰ ভৱিষ্যত আন্ধাৰ ৷ তাইৰ সৰ্ব্বনাশ হ’ল
৷ কিন্তু তাইৰ আগত আকৌ চন্দ্ৰনাথৰ মুখখন উজ্জ্বল হৈ উঠিলহি ৷ তাই তেতিয়া ভাবিলে ..
নহয়, মই মিছাকৈয়ে ভয় কৰিছোঁ ৷ তেওঁ ইমান মানুহজনে মোকনো আৰু আলৈ-আথানি কৰিবনে ?
তেওঁৰ মুখৰ বাইক্ষাৰ তেওঁ জানো পেলাব পাৰিব ? নহয়, মোৰ ভয় কৰাৰ সকাম নাই ৷ তেওঁ
মোক নিবই নিব ৷ মাক-বাপেকৰ সন্মতি লওঁতে চাগৈ পলম হৈছে ৷ পিছে ক’তা
? তেওঁ দেখোন নহা হ’ল ! কিজানিবা নাহেই ! তাইৰ
গয়ো লাগিল, বেজাৰো লাগিল ৷ চকুৱেদি দুটুপি লো বাগৰি গ’ল
৷ আকৌ কিছু পৰ ৰৈ ভাবিলে .. নহয়, তেওঁ মোক এনেকৈ এৰিব নোৱাৰে ৷ কেতিয়াও নোৱাৰে ?
মোক এনেকৈ তেওঁ এৰিব পাৰিবনে ? তথাপি তাইৰ মন তাৰ মাজে মাজে শিয়ৰি উঠিছিল ৷ মুখ শুকাই
আহিছিল ৷ তাই বাপেকক কি ক’ব ? মাকক
কি ক’ব ? এইবোৰ ভাবি তাই এবাৰ কন্দনামুৱা হৈ চাৰিফালে
চায়... তাইৰ যেন অন্তৰ আত্মাই এটা দাৰুণ যন্ত্ৰণাত শিয়ৰি উঠিছে ৷ তাইৰ ভয়াতুৰ
প্ৰাণে এই মহাবিপদত কাৰোবাক সহায় বিচাৰি
দিগন্তলৈ এটি আকুল আগ্ৰহৰ দৃষ্টি নিক্ষেপ কৰিছে ৷ আজলী ছোৱালীজনী বেচেৰী ৷
চন্দ্ৰনাথ
আৰু নহা হ’ল ৷ সোণতৰাই যিদিনাই তাইৰ
তাইৰ কথা ক’লে বোলে মোৰ এনেকুৱা হৈছে,
সেই দিনাৰেপৰা চন্দ্ৰনাথে বাট এৰিলে ৷ সোণতৰাই আশাকৈ থাকিল, আহিব বুলি মন ডাঠি
থাকিল ; কিন্তু চন্দ্ৰনাথৰ আৰু দেখাদেখি
নাই ৷ তাই ভাবিলে, বাপেকে চাগৈ গাঁৱলীয়া ছোৱালী বিয়া নকৰায়, তাৰ বেজাৰতহে
চন্দ্ৰনাথ নহা হ’ল ৷
এমাহ,
দুমাহ, তিনিমাহ, চাৰিমাহ ৷ চন্দ্ৰনাথ নহিল ৷ সোণতৰাই কত দিন অকলৈ উচুপি উচুপি
কান্দিলে... ‘ক’ত
আছাগৈ, আহাঁ, আহাঁ ৷” চন্দ্ৰনাথ নাহিল ৷ শেষত
বিপদত পৰি তাই ভগৱন্তৰ চৰণত লুটি খাই পৰি কাতুৰ্ব্বাদ কৰিলে... “প্ৰভু
তেওঁক আনা ৷” চন্দ্ৰনাথ নাহিল ৷ লাহে
লাহে মাকে জানিলে, বাপেকেও জানিলে ৷ মাক-বাপেকৰ মূৰত বজ্ৰপাত ! কত চেষ্টা.... সকলো
মিছা ৷ মাক-বাপেকে তাইক নানা চেষ্টা কৰিও তাইৰ মুখৰপৰা এষাৰিকৈ কথা উলিয়াব নোৱাৰিলে
৷ তাই মাক-বাপেকৰ গালি-শপনি, শাও আৰু কত টান ব্যৱহাৰ সহ্য কৰিলে, কত-শাস্তি খালে,
কেই ৰাতি তাই বিয়াকুল হৈ কান্দি চকুপানীৰে বিছনা ওপচাই দিলে ৷ চন্দ্ৰনাথ নাহিল ৷
ঘুনুক-ঘানাককৈ
চুবুৰীয়াই জানিলে, গঞাই জানিলে ৷ মাক-বাপেকে ৰাইজৰ কথাত তাইক এৰিবলৈ বাধ্য হ’ল
৷ মাকে বাৰীচুকতে ঘৰ এটা সাজি ৰাখিবলৈ বাপেকক কত কুটুৰিলে, কিন্তু বাপেক এনেয়েই
সেই কলঙ্কত মুখ উলিয়াব পৰা নাই, আকৌ তাইক ঘৰত ৰাখিবনে ? এদিন সন্ধিয়া বাপেকে গাঁৱৰপৰা তাইৰ কলঙ্কৰ কথা
শুনি আহি খঙত বেজাৰত তাইক ঘৰৰপৰা উলিয়াই দিলেহি... “তই
আৰু মোৰ ঘৰ সোমালে তোৰ জীৱ নথওঁ ৷ তোৰ মাৰ-বাপেৰ নাই ৷ আজিৰপৰা মোৰ ছোৱালী মৰিল ৷”
সোণতৰাই
চকুৰ পানীৰে বুকু ওপচাই সন্ধিয়াৰ আন্ধাৰৰ আঁৰ হৈ গ’ল
৷ বেজাৰত, ভয়ত, কলৈ গৈছে, কি কৰিছে, একো কব নোৱাৰি কেনিবা গুচি গ’ল
৷ চন্দ্ৰনাথ নাহিল ৷
পিছৰ পৃষ্ঠা ....
No comments:
Post a Comment