অনুসন্ধান আকাংক্ষাত

Monday, January 21, 2013

সোণতৰা (পৃষ্ঠা নং - ১)



সোণতৰা
[জ্যোতিপ্ৰসাদ আগৰৱালা]


(এক)

আইতা ! মই কাইলৈ বাইটীহঁতৰ তালৈ যাম ৷ ইমান দিনৰপৰা যাওঁ যাওঁকৈ আছোঁ ৷
          কিয় ? বাইটীয়েৰহঁতৰ তাতনো কি কৰিবিগৈ ? সিহঁত জিলাত থকা ছোৱালী, তোলৈ উভতিকে নেচাব ৷
          নহয় আইতা, যাম ৷ কেলৈ নেচাব ? মোক বৰআইতাই সৰুতে যাওঁতে বৰ মৰম কৰিছিল ৷
          এতিয়া আকৌ বৰআইতাৰ হলগৈ হাকিমনী ৷
          হওক বাৰু, মই যামেই যাম ৷ জিলাত পূজা মই দেখা নাই ৷ পিতাইকে এইবাৰ মোক লৈ যাবলৈ কৈ থৈছোঁ ৷ পিতাইয়েও নিম বুলিছিল ৷
          বাৰু, যাবি তেনেহলে ৷- এই বুলি মাক ৰান্ধনী-ঘৰলৈ সোমাই গল ৷ সোণতৰাও নৈঘাটলৈ পানী আনিবলৈ গল ৷
          সোণতৰাহঁতৰ ঘৰখন ৰজাদিনীয়া হাজৰিকাৰ ঘৰ ৷ সোণতৰাৰ আজোককাকে অসম ৰজাৰ হাজৰিকাৰ বিষয় খাইছিল ৷ কোম্পানীয়ে দেশ লোৱাৰেপৰা সোণতৰাৰ পৰিয়ালে হাৰ-কোৰ বাই, গাঁৱৰ ভাল মানুহ বোলাই খাই-বৈ আছিল ৷ মহে-গৰুৱে, ধনে-ধানে, ঘৰে-বাৰীয়ে গাঁৱৰ ভিতৰত চহকী ৷ তেওঁৰ সংসাৰত দুটা পুতেক আৰু দুজনী জীয়েক থৈ সংসাৰ এৰিব লগাত পৰে ৷ বৰপুতেক কমলচন্দ্ৰক যেনিবা কলিকতাত বি-এ মহলালৈকে পঢ়ুৱাই বৰচাহাবক খাটিলুটি ছবডেপুটী পাতি জিলাৰে ছোৱালী বিয়া কৰাই দি গৈছে ৷ সৰুটো পুতেক হলিৰামে যেনিবা জিলাৰ স্কুলৰ তৃতীয় শ্ৰেণীলৈকে পঢ়ি বাপেকৰ মৃত্যুত ঘৰ চম্ভালিবলৈ ওচৰৰে গাঁৱৰ ছোৱালী এজনী ধৰি আনি ধন বিত ভৰি ঘৰগৃহস্থীখন পাতিলে ৷ এতিয়া অৱস্থা মজলীয়া ৷ হলিৰামে বাপেকৰ দৰে মহাপয়োভৰে থাকিব পৰা নাই ৷ যদিও সংসাৰখন অভাৱ নোহোৱাকৈ বঢ়িয়াকৈ চলাই আছে ৷ হলিৰামৰ সন্তানৰ ভিতৰত মাথোন একেজনী ছোৱালী - সোণতৰা ৷ সোণতৰা যদিও অতুল সুন্দৰী নহয়, তথাপি সুন্দৰীৰ শাৰীৰ ৷ সোণতৰাৰ নামে আৰু গাৰ বৰণে অলপো ভিন্‌পৰ নাই ৷ ছোৱালীজনী আজলী, বৰ সৰল ৷ একেজনী ছোৱালী দেখি মাক-বাপেকে কতো দিব-থবৰ মন কৰা নাই ৷ সোণতৰাৰ বিয়া দিবৰ বয়স অৱশ্যে পাইছেহি ৷
          সোণতৰা আজি ভালেমান দিন বৰপিতাকৰ ঘৰলৈ যোৱা নাই ৷ গাঁৱৰপৰা জিলালৈ বাৰমাইল ৷ বৰপিতায়েক কেতিয়াবা চফৰ ফুৰিবলৈ আহে, তাকো ছমাহ-বছৰেকৰ মূৰত ৷ বৰপিতাকৰ জীয়েক বায়েকহঁতকো দেখা নাই ভালেমান দিন ৷  সোণতৰা এইবাৰ বৰ হেঁপাহকৈ ওলাল ৷ মনতে কত পাঙিলে, কত ভাঙিলে ৷ বাইদেৱেকহঁতৰ সৈতে কেনেকৈ পূজাত ৰং-ধেমালি কৰিবগৈ, ইত্যাদিবোৰ ভাবি তাইৰ মন উগুল-থুগুল লাগিল ৷ পিছদিনা পুৱাই বাপেকৰ সৈতে গৰু-গাড়ীত উঠি জিলালৈ ৰাওনা হল ৷ জিলাত গৈ কেনে পাবগৈ, কি কৰিবগৈ, বায়েকহঁতক কেনেকৈ লগত নিয়া খাৰলি, খৰিচা, বগৰিগুৰি,কৰাইগুৰি দিবগৈ, তাকে ভাবি ভাবি তাই যাবলৈ ধৰিলে ৷ খৰালিৰ ফৰফৰীয়া বাটত গৰুৱেও কোবেৰে বেগ ললে ৷


                                                                                      পিছৰ পৃষ্ঠা ....
                                                                     

[ইউনিকড ৰূপান্তৰ : দিগন্ত শইকীয়া]         (পৃষ্ঠা নং- ,, , , , , , , )



No comments: