সোণতৰা
[জ্যোতিপ্ৰসাদ আগৰৱালা]
(দুই)
আজি
সপ্তমী পূজা ৷ চহৰখনত এটা ন স্ফূৰ্ত্তিৰ ভাব ৷ যেনিয়েই মন কৰা যায় সেইপিনেই কেৱল স্ফূৰ্ত্তিহে
৷ মানুহৰ ভক্তিভাবখিনি স্ফূৰ্ত্তিৰ সাগৰত বুৰ গৈ তলিত পৰি আছেগৈ ৷ পূজাৰ গোন্ধত চহৰখন
জাগৃত যেন হৈছে ৷ অসমৰ চহৰ এনেয়ে নিমাওমাও ৷ পূজা বুয়েই এইকেইদিন তেওঁ অলপ চহৰমুৱা হৈছে ৷ মানুহবোৰে
ন কাপোৰ-কানি পিন্ধি বাটে বাটে গোঁসানী চাই গা-ঘেলাই ফুৰিছে ৷
কতই কত ৰকমৰ ফেছনতনো ফুৰিছে তাৰ লেখজোখ নাই ৷কিছুমানে বাৰমাহ জোতাৰ মুখ নেচাই পূজা
বুলি জোতা পিন্ধি লেঙেৰাৰ ভাও দি দৰ্শকৰ মনত আনন্দ দিছে ৷ সমদুখত দুখী কাৰোবাৰ সহানুভূতিও
পাইছে ৷ কিছুমানে গাত নোহোৱা হলৌ চোলাকে পিন্ধি চখ কৰিছে ৷ কিছুমানে আঁঠুমূৰীয়াকৈ এখন
চুৰিয়া পিন্ধি মূৰত ৰংবেৰঙৰ বন্ধা কলিকতীয়া পাগুৰি পিন্ধি হাতত ম’হৰ টোকোন এডাল লৈ মুখত চাধা ধপাতৰ
চেলেউ এটা লগাই মহাৰাজ সিন্ধু-নাৰায়ণ বা গেন্ধুনাৰায়ণ হৈ বাটে-পথে গহীনাই ফুৰি ফুৰি আলিকাষৰীয়া পুতলাৰ দোকানত সোমাই গহীনাই দৰাই চাৰি পইচাৰ
ঠাইত এপইচা হেকোজেকোকৈ দি নিজৰ মহতালি দেখুৱাইছে ৷ গাঁৱলীয়া ছোৱালীবিলাকে জিলাত পূজা
চাবলৈ আহি ‘পাছা’ পাৰীৰ শাৰীৰে পাক খাই
কপালত এচোতালকৈ সেন্দুৰ সানি, ৰঙা টিক্টিকিয়া জাকিট চোলা পিন্ধি অপেচৰী হলোঁ বুলি ভাবি পুলুং-পালাংকৈ চহৰৰ আলিৰ শিলত উজুতি খাই কোনো কোনো ৰসিক পুৰুষৰ মনত আনন্দ দান কৰিছে
৷ এইদৰে নানা বিধৰ পাতল আৰু গহীন কথাই সেইদিনা মানুহৰ মন আকৰ্ষন কৰিছিল ৷
সোণতৰাক
তিনিওজনী বায়েকে পাই বহুৱা তুলিবলৈহে থৈছে ৷ সোণতৰাৰ গহনাৰ, কাপোৰ-কানিৰ, সেওঁতাৰ, খোপাৰ আৰু তাই
লগত অনা বস্তুবোৰৰ আলোচনাত ঘৰ উৰোঁ উৰোঁ কৰিছে ৷ সোণতৰাই ভাবিছে, তাইৰ চেনহী ৰচকী বায়েকহঁতে তাইৰ সৈতে সেইবোৰ ধেমালিহে কৰিছে ৷
মাজুজনী
নায়েক সুধিলে, “হেৰা
সোণতৰা নে বগীতৰা ! পিছে আমাৰ সৈতে ৰাতি থিয়েটাৰ চাবলৈ যাবানে
? আজি ছাজাহান থিয়েটাৰ হ’ব ৷”
সোণতৰা
– “ওঁ, যামতো বাইটী ৷ তোমালোক যাবা জানো
? ছজাহান নে চাবাজান নে কিনো আকৌ সেইটো ?”
সোণতৰাৰ
কথাত আটাইকেইজনীয়ে ধেক ধেক কৰে হাঁহিবলৈ ধৰিলে ৷ সোণতৰাই অলপ লাজ পাই ক’লে, জানো পাই ! আমাৰ মুখত নোলায় দেখোন !”
মাজুজনী
– “ৰজা ৷ নেজানা ?”
সোণতৰা
– “অ’ আই, কি নাম ঔ ! মুখত নোলায়ে দেখোন
৷ বাৰু গলে দেখিম নহয়, কেনে ৰজাটো ?”
মাজুজনী-
“পিছে আমাৰ লগত হলে গাঁৱলীয়া ভূতটো
হৈ যাব নোৱাৰা ৷ সেই ঢোল যেন মাদলী আৰু ঢেকীথোৰা যেন থুৰিয়াযোৰ খুলি থৈ যাব লাগিব ৷
আমাৰ দৰে পোছাক পিন্ধিব লাগিব ৷ তোমাৰ সেই জাকিট নে ফাকিট পিন্ধিলে নহব ৷ আমাৰ দৰে
ফেছনকৈ পিন্ধিব লাগিব ৷”
সোণতৰা
– “অ’ আই ! তোমালোকৰ দৰে বুকু উদংকৈ মই মানুহৰ আগত ওলাব নোৱাৰোঁ
পাই ! মোৰ বৰ লাজ লাগিব ৷ তোমালোকে যেনেকৈ কোচাই মেখেলাখন পিন্ধিছা,
সেইখন দেখোন কিবা বঙালনীৰ ঘূৰি যেনহে হৈছে ৷ আমাৰ গাঁৱে গাঁৱে চুৰ কৰি
ফুৰা সেই অঘৰীবোৰৰ তিৰোতাবোৰেহে সেইদৰে পিন্ধে ৷ ভাল মানুহে সেইদৰে নিপিন্ধে দেওহে
৷ সেইদৰে মই নোৱাৰোঁ পাই ! লাগে থিয়েটাৰ নে ফিয়েটাৰখন নাচাৱেই
৷”
সোণতৰাৰ
কথাত বায়েকহঁতে ইজনীয়ে সিজনীৰ মুখলৈ চোৱাচুই কৰিবলৈ ধৰিলে ৷
বৰজনীয়ে
ক’লে, “গাঁৱলীয়া ভূত নহয়, আজিকালিৰ ফেছন কি বুজিব ? তেনেহলে আমাৰ সৈতে নোৱাৰা যাব
৷ কাৰে সৈতে যোৱা যাবা ৷” বুলি তাই তাৰপৰা উছাট মাৰি গুচি গ’ল ৷ আন দুজনীয়েো তাকে কৰিলে ৷
এজনীয়ে
সোণতৰাক দেখুৱাই কৰ্চিকাটাৰে কিবা গুঁঠিবলৈ লাগিল ৷ এজনীয়ে ভিতৰৰপৰা হাতচিলাই কলটো
আনি চিলাই কৰিবলৈ বহিল ৷ সোণতৰাই ৰ লাগি সকলোলৈকে চাই আছিল ৷ কিন্তু যেতিয়া চিলাইকলটো
দেখিলে, তাই মনৰ সংশয় ছেদ কৰিব নোৱাৰি বায়েকৰ ওচৰলৈ গৈ বহি সুধিলে,-
“বাইটী ! এইটোনো কি আকৌ ? অ’ আই ! কটপ্কৈ কেনেকৈ খুটিছে ৷”
আটাইকেউজনীয়ে
সোণতৰাৰ কথাত গিৰ্জনি মাৰি হাঁহি দিলে ৷ সোণতৰায়ো একো বুজিব নোৱাৰি সিহঁতৰ সৈতে উজান
ধৰিলে ৷
বৰজনীয়া
ক’লে, “এইটো হৈছে খৰিচা খুন্দা কল, বুজিছা ? তোমালোকৰ গাঁৱত আছেনে ?”
সোণতৰা-
“ক’ত আছে ? নাই ৷ আমি ঢেঁকীতহে খুন্দো ৷ বাৰু বাইটী ! ইয়াত খুন্দা
খৰিচাবোৰ কেনে খাবলৈ ?”
আটাইকেউজনীয়ে
হাঁহি ৰাখিব নোৱাৰিলে ৷ তাৰ পিছত কাপোৰ তাত সুমুৱা দেখি সোণতৰাই অলপ লাজ পাই সুধিলে,
“ইয়াত দেখোন কাপোৰ সুমাইছা, কাপোৰ সিয়া কল ? অ’ ৷” তাৰ পিছত সিয়া কাপোৰৰ
সিয়নীটো চাই ক’লে,
“আই
ঐ দেহি ! সিয়নীটো বৰ চিকুণ ৷ বাইটী ! মোকো শিকাই দিবা দেই ৷”
এনেতে
ছোৱালীহঁতৰ মাক আহি ক’লেহি, “তহঁত
বাৰু এজনীওনো যাব নেপাৱনে ? তিনিজনীকৈ ছোৱালী.. তেও জানো কামত অলপ সহায় পাম ?
মাজ-পাচলি কুটি-বাছি দিব লাগে বুলি হবলা নেজান ? এই ধোদোঙা ধোদোঙা তিনিজনী ছোৱালী থাকোঁতে
আকৌ মই এতিয়া দুখ খাব লাগিছে ৷ মোৰ কপাল ! সোণতৰা ! আহ আই ৷ তয়েই কুটি-বাছি দেহি ৷
মোৰ কেজনী ছৌৱালী নহৈ যেনিবা ল’ৰাহে হ’ল
আই !”
সোণতৰাই
বৰ আয়েকৰ সৈতে ৰান্ধনিঘৰলৈ খোজ ললে ৷ বৰ বায়েকে ক’লে,
“যোৱা,
আজিলৈ তুমিয়েই কৰি দিয়াগৈ ৷”
মাকে
শুনি ক’লে, “এৰা তাইক কৰি
খুৱাবি চাৰি তহঁতক তাই খুৱাব লাগিল, নহয় ?”
বৰায়েকৰ
ওচৰতে বহি সোণতৰাই ইটো সিটো কৰি দি আছে ৷ এনেতে বাজৰপৰা কোনোবাই বৌ বৌ কৈ মাতি
সোমাই আহিল ৷ “অ’
চন্দ্ৰ নে ? আহ বোপাই ! মই ভাত ৰান্ধিবলৈ সোমাইছোঁ ৷”
চন্দ্ৰনাথ
আহি দুৱাৰমুখত থিয় দিলে ৷ সোণতৰাক দেখি সি অলপ পৰ থমক খাই ৰ’ল
৷তাৰ পিছত সুধিলে, বৌ ! পিছে আজি থিয়েটাৰ চাবলৈ যাব নে নেযায় ?”
“জানো
বোপাই ! মোৰনো বুঢ়া মানুহৰ কি.. ছোৱালীহঁতক সোধগৈ ৷”
“এওঁনো
ক’ৰ ? এওঁক দেখোন চিনি পোৱা নাই ৷”
“আমাৰ
দেওৰৰ ছোৱালী... বায়েকহঁতৰ সৈতে পূজা চাবলৈ আহিছে ৷”
চন্দ্ৰনাথে
ইয়াৰ মাজতে ছোৱালীজনীলৈ চাই আছিল ৷ কথা শেষ হোৱাত ক’লে,
“বাৰু,
বাৰু ! মই তেনে এওঁলোকক সুধি আহোঁছোন ৷ পিছে এৱোঁ যাব নহয় ?”
সোণতৰাই
এনেতে চন্দ্ৰনাথৰ চকুলৈ চালে ৷ চন্দ্ৰনাথেও সুবিধা পাই সোণতৰাক সুধিলে , “যাবানে
?”
সোণতৰা
অলপ অপ্ৰস্তুত হৈ বৰআয়েকৰ ফালে চালে ৷ বৰআয়েকে ক'লে, "যাব ৷ তাই আকৌ তাকে চাবলৈ হেঁপাহ
কৰি আহিছে ৷”
“বাৰু
মই তেন্তে গধূলিকৈ আহি নিমহি দেই ৷” এই বুলি
চন্দ্ৰনাথে বঙলা ঘৰৰ ফালে খোজ ললে ৷
পিছৰ পৃষ্ঠা ....
No comments:
Post a Comment