অনুসন্ধান আকাংক্ষাত

Monday, January 21, 2013

সোণতৰা (পৃষ্ঠা নং – ৬)



সোণতৰা (পৃষ্ঠা নং ৬)
[জ্যোতিপ্ৰসাদ আগৰৱালা]



(ছয়)

          ওচৰৰে গাঁৱৰ বুঢ়ী এজনীয়ে সেই দিনালৈ খুজিমাগি ঘৰমূৱা হৈ লাখুটিত ভৰ দি খোজ দিছে ৷ গাত তাইৰ লেতেৰা ফটা কাপোৰ ৷ মুখ সোতোৰা পৰা, চকুৰে বৰ ভালকৈ নমনে ৷ বাটতে সোণতৰাক পাই বুঢ়ীয়ে থৰ লাগি ৰল ৷ মুখলৈ অলপ বেলি চাই সুধিলে, আই ! তই সন্ধিয়াখন অকলে কান্দি-কাটি ফুৰিছ কিয় ? আন্ধাৰ হৈ আহিছে, ঘৰলৈ যা ৷ তোৰ ঘৰ কত ?
          বুঢ়ীৰ কথাত সোণতৰাই আকৌ উচুপি কান্দিবলৈ ধৰিলে ৷ তাইৰ শোক দুগুণে উথলি উঠিল ৷ বুঢ়িয়ে সুধিলে, কিনো হল আই ? কিয় কান্দিছ ?
          সোণতৰাই উচুপি উচুপি কলে, মোক আই-বোপায়ে ঘৰৰপৰা খেদাই দিছে ৷ এটা নৰকীয়ে মোৰ... তাই আৰু কব নোৱাৰিলে ৷
          বুঢ়ীয়ে বুজিলে ৷ তাইৰ মন সহানুভূতিৰে ভৰি পৰিল ৷ ডেকাকালৰ কথাই বুঢ়ীৰ মনত ভুমুকিয়ালেহি ! ভুক্তভোগী বুঢ়ী ৷ আজি জীৱনৰ সন্ধিয়াত বুঢ়ীৰ আগত তাইৰ গাভৰু কালৰ কথা উজ্জ্বল হৈ উঠিল ৷ লাখুটিত ভৰ দি মাথোন তাই এবাৰ চিঞৰিলে ৷ "কপাল আই কপাল ! পুৰুষত বিশ্বাস মাই আই ৷ বল আই, মোৰ ঘৰলৈকে বল ৷ দুখে-সুখে তাতে টুকটুক-টাকটাককৈ খাই থাকিম ৷ বল আই ! আহ !" বুঢ়ীয়ে সোণতৰাৰ হাতত ধৰিলে ৷ সোণতৰাই সেই বিপদত বুঢ়ীৰ শৰণ লবলৈ মান্তি নোহোৱাকৈ থাকিব নোৱাৰিলে ৷

*

          আজি সাদিন হৈছে সোণতৰাৰ এজনী মৰা ছোৱালী জন্ম হল ৷

*

          সেইদিনা বৰ ধুমুহা ৷ সোণতৰাই পঁজাটোৰ ভিতৰত অকলে বহি আছে... জুই একুৰা ধৰি বুঢ়ীলৈ বাট চাই ৷ ৰাতিও বাঢ়ি আহিল ৷ ধুমুহাও এৰা নাই ৷ বাহিৰত বৰ বৰষুণ ৷ বুঢ়ী নাই ৷ পঁজাটিৰ দুৱাৰখন মেলি সোণতৰাৰ সৰ্ব্বভাৰসা বুঢ়ীলৈ সোণতৰাই বাট চাইছে... বুঢ়ী নাই ৷ নিশা বহুত হলহি ৷ সোণতৰা বহি থাকিল ৷ আজি এমুঠিও খাবলৈ নাই ৷ তাই মুখ ওফোন্দাই জুহালৰ ওচৰত বহিল ৷ খৰিও ঢুকাই আহিল ৷ জুইকুৰা নুমাই আহিল ৷ লাহে লাহে আঙঠাও ছাইত পৰিণত হলগৈ ৷ সেই নিজম এৰাবাৰীৰ মাজত পঁজাটোত সোণতৰা বহি থাকিল ৷ বেজাৰত, দুকত, তাই কান্দিব খুজিলে, কিন্তু চকুপানী এটুপিও নোলাল ৷ সকলো শুকাই নাইকীয়া হৈছে ৷ ইমান দিন বৰষুণ ধাৰাসাৰে বৈ আছে ৷ আৰু কিমান হব ?
          সোণতৰা,.. অ আই ! সোণতৰাই লৰি গৈ দুৱাৰখন মুকলি কৰি দিলেগৈ ৷ কঁপি কঁপি তিতি জুৰুলি-জুপুৰি হৈ বুঢ়ী থৰক-বৰককৈ সোমাই আহিল ৷ আই, আই ! উস মৰিলোঁ আই... নাৰায়ণ স্বামীগুৰু ! বুলি মাটিত লুটি খাই পৰিল ৷ এন্ধাৰ পঁজাটোৰ ভিতৰত কোনেও কাৰো মুখ দেখা নাই ৷ সোণতৰা লৰালৰিকৈ জুই ওচৰ পালেগৈ জুই নুমাই পানী হৈ আছে ৷ উস্‌ কি ভীষণ অৱস্থা ! এন্ধাৰে-মুধাৰে খেপিয়াই বুঢ়ীক গবা মাৰি ধৰি সোণতৰাই মাতিলে, আই ! আই অ ! উঠা, পাটীলৈ নিও, বলা ৷ বুঢ়ী আৰু নুঠিল ৷ বুঢ়ীয়ে আৰু নেমাতিলে ৷ বুঢ়ীয়ে সংসাৰৰ সকলো দুখ সহি, সেইদিনা প্ৰকৃতিৰ অত্যচাৰ মূৰ পাতি লৈ সংসাৰৰ পৰা আঁতৰি গল ৷ কোনেও নেদেখিলে ৷ কোনেও নুশুনিলে ৷ সেই আন্ধাৰ নিশা আন্ধাৰ পঁজাটিৰপৰা আন্ধাৰ দেহা পৰিত্যাগ কৰি বুঢ়ীৰ আত্মাই ওলাই গল... আন্ধাৰলৈ নে পোহৰলৈ ?
          সোণতৰাৰ আশ্ৰয়ৰ থলো নোহোৱা হল ৷ বেচেৰীয়ে মাটিত বাগৰি বাগৰি কান্দিলে, হিয়া-মূৰ ভুকুৱালে ৷ অঠাই নিৰাশাৰ সাগৰত তাই তল গল ৷
          কোনো নাহিল ৷ সোণতৰাই মজিয়াতে এটা গাঁত খান্দি বুঢ়ীৰ শটো তাতে পুতি ঘৰটিৰপৰা ওলাই মুকলি সংসাৰত জাঁপ দিলে ৷

*

          কোনেও আশ্ৰয় নিদিলে ৷ সকলোৱে তাইক বিমুখ কৰিলে ৷ তাই সেই গাঁওখনৰপৰা আঁতৰি গল ৷ তাত তাই ঠাই নেপালে ৷
          সন্ধিয়া সোণতৰা আহি এঘৰৰ পদূলিমুখত থিয় হলহি ৷ ভোকত পিয়াহত তাইৰ অণ্ঠ-কণ্ঠ শুকাই গৈছিল ৷ তাই এখোজ দুখোজকৈ গৈ চোতালত থিয় দিলেগৈ ৷ ঘৰত বুঢ়া-বুঢ়ী আৰু পুতেক ৷ বুঢ়া-বুঢ়ীহাল বৰ ধাৰ্ম্মিক, বৰ ঈশ্বৰভক্ত ৷
          আই ! ঘৰত কোন আছে ?
          গহীন কণ্ঠেৰে কোনোবাই মাতিলে, কোন ? কি লাগে ?
          লগেলগে লোদোৰ-পোদোৰ পকা থেকেৰা যেন মুখেৰে বুঢ়া এজন ওলাই আহিল ৷
          সোণতৰা- ঘৰত কাম কৰিবলৈ মানুহ লাগিবনে ?
          এনেতে বুঢ়ী আৰু পুতেক ওলাই আহিল ৷ লৰাটোৱে সোণতৰাক দেখি চক খাই উঠিল ৷ সি ভিতৰলৈ আকৌ সোমাই গল ৷ বুঢ়াই গহীনাই সুধিলে, কোন গাঁৱৰ ? তোৰনো কোনো নাইনে ?
          সোণতৰা- মোৰ গিৰিহঁতে মোক আলৈ-আথানি কৰি কৰবালৈ গুচি গল আৰু অহা নাই ৷ মই তেতিয়াৰেপৰা এইদৰে ফুৰিছোঁ ৷ আজি দুদিন মোৰ লঘোন ৷
          বুঢ়ীয়ে মাত লগালে, কৰবাত জাতকুল যোৱা নহয়তো আকৌ ? আৰু আহ আই ! লাচনি-পাচনি কৰি দিবি ৷ তইনো কত এতিয়া মৰিবিগৈ ! থাক আই ৷ সোণতৰা মনে মনে থাকিল ৷
          বুঢ়াই কলে, এৰা আমাৰনো কি কাম আছে, তাকে কৰিবলৈ ৷ নাই, আমাক মানুহ নেলাগে, যা ৷
          ভিতৰৰপৰা পুতেক গোলাপে মাতিলে, নহয় পিতাই, ৰাখা ৷ ধান-চাউল বানিব পাৰিব ৷ কাপোৰ-কানি ধুই-ধাই কিয় দিব নোৱাৰিব ! থাকক ৷ তাইতো অনাই-বনাই ফুৰিছে ৷ বেচেৰীয়ে দুদিন লঘোন দিছে বুলিছে নহয় পিতাই !
          বুঢ়ীয়ে কলে, এৰাতো আকৌ ৷ তাইনো আমাৰ কি খাই ঢুকুৱাব ?
          বুঢ়াই ভাবি চালে ৷ তাইৰ মুখলৈ চাই বুঢ়াৰ মৰমো লাগিল ৷ তাইক আশ্ৰয় দিলে ৷



                                                                                      পিছৰ পৃষ্ঠা ....
                                                                     
[ইউনিকড ৰূপান্তৰ : দিগন্ত শইকীয়া]         (পৃষ্ঠা নং- ,, , , , , , , )

No comments: