অনুসন্ধান আকাংক্ষাত

Sunday, February 10, 2013

নাটক - শোণিত কুঁৱৰী (৫)



নাটক - শোণিত কুঁৱৰী
[জ্যোতিপ্ৰসাদ আগৰৱালা]

দ্বিতীয় অঙ্ক
চতুৰ্থ দৰ্শন


[উষাৰ অন্তেষপুৰৰ এভাগ ৷ চিত্ৰই উষাক হাতত ধৰি ধৰি লৈ আহে ৷ উষা বিমনা... বিষাদিনী ]
চিত্ৰ :- সখী ! নকলেনো মই কেনেকৈ বুজোঁ তোমাৰ কিটোনো হল ৷ কোৱা কথাবোৰ ভাঙি-পাতি ৷ এইদৰে মৌনব্ৰত ধৰিলে জানো কিবা উপকাৰ হব ৷ আহাঁ, এই দলিচাখনিতে বহাঁ ৷ বেছ জুৰ পৰিছে ৷ তোমাৰ কি হল মোৰ আগত ভাঙি-পাতি কোৱাঁ ৷
            [উষাক নি ধলিচা এখনত বহুৱাই চিত্ৰও এখনত বহে ৷ পত্ৰও বহে ৷]
উষা :- সখী ! তুমি মোৰ কথা শুনিলে মোক বলিয়া বুলিবা, ধেমালি বুলি হাঁহি উৰাই দিবা ৷ কিন্তু ই ধেমালি নহয়... নহয় ৷
চিত্ৰ :- বাৰু নাভাবো ৷ কোৱা ৷ তুমিনো কলৈ গল বুলি কাক বিচাৰিছিলা ?
উষা :- কেনেকৈ কওঁ কোন ? চিত্ৰসখী ! তোমালোকতো মোৰ সুখৰ লগৰী ৷ তোমালোকৰ আগত নো মই কি লুকাম ! কিন্তু আজি যেন সখী ! মোক লাজে খুন্দা মাৰি ধৰিছে ৷ মোৰ আগত যেন কোনোবাই এখনি লাজৰ আৱৰণ দি গৈছে ৷ মই কওঁ কেনেকৈ সখী !  ই এটা সপোন ৷ ভাবিব নোৱৰা তুমি... কেনে... এখনি সৌন্দৰ্য্যৰ ছবি ৷
চিত্ৰ :- [অলপ হাঁহি ] তাকে নোকোৱা কিয় ?  তুমি সপোন দেখি বলিয়া হৈছা !
পত্ৰ :- এ, সপোন হে, মই আকৌ বোলো কি হল... সপোন দেখিনো তুমি এনে হব পোৱানে ? কিনো দেখিলা সপোনত ?
চিত্ৰ :- অঁ অঁ, মই অলপ বুজিছো ৷ তুমি কোনোবা মহাবীৰ দিগ্‌গজক সপোনত দেখিলা নেকি ?
উষা :- [লাজ কৰি ] তুমিতো....
চিত্ৰ :- অঁ বেছ বেছ ! কোৱা কাক দেখিলা ? মোৰ মন বৰ উৎসুক হৈছে ৷ কোৱা, কোৱা ৷
পত্ৰ :- পিছেনো সপোনেই যদি, সপোনতে কাৰবাক দেখিছা যদি, এইদৰে বাৰু বলিয়া হব লাগেনে ?
উষা :- অৱশ্যে সপোনত দেখিছোঁ ৷ সেই সুন্দৰ অনুপম মূৰ্ত্তি সপোনতে উটি আহিছিল, আকৌ সপোনতে উটি গল... কিন্তু থৈ গল এটি অঙ্গস্পৰ্শনৰ আনন্দ... সৌন্দৰ্য্যৰ মোহ, যৌৱনৰ লালসা, প্ৰনয়ৰ অদম্য হেঁপাহ ৷ তেওঁ কোন, তেওঁ কৰ মই কব নোৱাৰো ৷ কিন্তু তেওঁ মোৰ অঙ্গ স্পৰ্শ কৰিছে, তেওঁক মই হৃদয়ত ঠাই দিছোঁ ৷
চিত্ৰ :- বৰ আচৰিত দিয়া ৷ সপোনত দৰ্শন পাই এনে হোৱাতো মই কেতিয়াও দেখা নাই, শুনা নাই ৷কোন কৰ একো নাজানি তুমি আত্মসমৰ্পন কৰিলা ৷ বৰ অদ্ভুত !
পত্ৰ :- বাৰু, তোমাৰ সপোনটো কোৱাচোন ?
চিত্ৰ :- বাৰু কওঁ, কিন্তু নাহাঁহিবা দেই ৷ ৰাতি মই সাৰ পাইছিলোঁ নে কি জানো ! এটি অনিন্দ্যসুন্দৰ যুৱক মোৰ শয্যাত বহি মোৰ ফালে চাই হাঁহি....
            [চিত্ৰই হাঁহি দিয়ে !]
            যোৱা: , নকওঁ ৷
চিত্ৰ :- নহয়, নহয়, নাহাঁহো বাৰু ৷ [আকৌ হাঁহে ]
পত্ৰ :- কি হে হাঁহি থাকা ? তেওঁক কবলৈ নিদিয়া কিয় ?
চিত্ৰ :- বাৰু নাহাঁহো, কোৱা ৷ [গম্ভীৰ হয় ]
উষা :- তাৰ পিছত...
চিত্ৰ :- তাৰ পিছত তুমি তেওঁলৈ চালা ৷ তেওঁক বৰ ভাল পালা ৷ তেওঁক আকোৱালি ধৰিলে ৷
উষা :- যোৱা, কি ধেমালি কৰা ! সখী তুমি মোৰ সতে ধেমালি কৰিবা নেকি ? তেওঁৰ বিনে মই আৰু কাকো ভাল নাপাওঁ ৷ মোৰ জীৱনৰ তেৱেই একমাত্ৰ দেৱতা ৷ সখী... ধেমালি নহয় ৷
            [আনফালে মুখ কৰি বিমনা হয় ৷]
চিত্ৰ :- [পত্ৰক] হাঁহি ধেমালিকৈ উৰাই দিম বুলিছিলোঁ ; পিছে মিছা ৷ [উষাক ] সখী ! তুমি বেজাৰ নকৰিবা ৷ মই তেওঁক আনি দিম ৷
উষা :- আনি দিবা ... আনি দিবা....
            [চিত্ৰক সাবতি ধৰে]
চিত্ৰ :- আনি দিম ৷ পিছে কেনেকৈ ? বাৰু, এটা কথা কৰো ৷ এইদৰে উলিয়াব নোৱাৰিলে আন উপায় নাই ; অৱশ্যে তোমাৰ সপোনৰ তেওঁ যদি সঁচাকৈয়ে আছে ৷
উষা :- কি ? কেনেকৈ ?
চিত্ৰ :- মই তিনিও ভুৱনত যতবোৰ বিখ্যাত ৰাজ-বংশ আছে সকলোৰে কুমাৰসকলক মোৰ পটত আঁকি যাম ৷ তোমাৰ তেওঁৰ মুখৰ গঢ় ভালকৈ মনত আছে নহয় ?
উষা :- আছে, সখী ! আছে ৷ তেওঁৰ সেই মুখখনি মোৰ হিয়াত চাব খাই আছে ৷ সি আৰু মোচ নাখায় ৷
চিত্ৰ :- বাৰু, পত্ৰ যোৱাচোন তেন্তে ৷ ভূজপত্ৰ কিছুমান আৰু মোৰ লিখনী আৰু বৰণবোৰ লৈ আহাঁগৈ ৷
পত্ৰ :- বাৰু, তোমাৰ তাতে আছে নহয় ?
চিত্ৰ :- ওঁ ৷
            [পত্ৰ আনিবলৈ যায় ]
চিত্ৰ :- তাৰ পিছতবুজিছা সখী ! মই এতিয়া দেৱতা দানৱ গন্ধৰ্ব্ব কিন্নৰ মানৱ সকলোৰে কুমাৰসকলক পটত তুলি যাম ৷ মই সকলোকে জানো ৷ যদি তেওঁ সঁচাকৈয়ে আছে তেন্তে ইয়াৰ ভিতৰত নোলাই নেথাকে ৷ কিন্তু মই তোমাৰ ঘটনাতো বৰ আচৰিত পাইছোঁ ৷
উষা :- সখী মই...
চিত্ৰ :- মই বুজিছোঁ ৷
            [এনেতে পত্ৰই সকলো লৈ আহে ৷]
            আনিলা দিয়া ৷
            [চিত্ৰই সেইবোৰ লৈ আঁকিবলৈ প্ৰস্তুত হয় ৷উষা আৰু পত্ৰই একান্তমনে চায় ৷]
চিত্ৰ :- ভগৱতীক সেৱা জনাই মই হাতত লিখনী ললোঁ ৷
            [আঁকে ]
            চোৱা সখী ! দেৱতাৰ
            কুমাৰসকল... ৰূপৱান
            বীৰ্য্যৱান ৷ দৰ্শনতে
            জগতৰ যৌৱন চঞ্চল ৷
উষা :- [মুখ আনফালে নি ] ওঁহো, নাই ৷
চিত্ৰ :- [আঁকি ] এই চোৱা গন্ধৰ্ব্ব কিন্নৰ,
                        নৃত্যগীতবিশাৰদ
                        কুমাৰসকল ৷
উষা :- ওঁহো নাই ৷ ইয়াতকৈও সুন্দৰ সখী !
চিত্ৰ :-[আঁকে ] চোৱা সখী দৈত্যকুল
                        উজলাই আছে এই
                        মহাযোদ্ধা কুমাৰসকল ৷
                        আছেনে প্ৰাণৰ প্ৰিয়
                        ইয়াৰ মাজত ?
উষা :- নাই সখী ! নাই ৷
চিত্ৰ :- তেন্তেতো সকলো শেষ ! কেৱল মানৱৰ কুমাৰসকল থাকিলগৈ ৷ তাৰ ভিতৰতে এইজনৰ পট চোৱা ৷
            [শ্ৰীকৃষ্ণক আঁকিবলৈ আৰম্ভ কৰে ৷]
            যাৰ বেণু ৰৱ শুনি
            গকুল সদউ গোপিকা
            ঘৰবাৰী এৰি মতলীয়া,
            পটত তুলিলো সেই
            মোহন কলীয়া ৷
            [অঁকা শেষ ৷]
উষা :- [বৰ উৎসুক হৈ চাই] সখি সখী... অ নহয়, কিন্তু প্ৰায় প্ৰায় ৷
চিত্ৰ :- ভগৱতী ! ৰবা সখী ! মোৰ বুকুখন বৰকৈ ধপ্‌ধপাইছে ৷ আই মাতৃ !
            [আঁকিব খোজে ৷ উষাই বৰ ব্যগ্ৰ হৈ চায়]
            চাবা সখী ! মদনৰ
            আলসুৱা সন্তান ৰতন,
            অনিৰুদ্ধ নাতি শ্ৰীকৃষ্ণৰ ৷
            [অনিৰুদ্ধৰ মূৰ্ত্তি আঁকিবলৈ ধৰে ৷ যিমান ফুটি উঠে, উষা তিমান চঞ্চল হৈ যায় ৷ লাহে লাহে অঁকা শেষ হয় ৷]
উষা :- সখী.... সখী.... এৱেঁই.... এৱেঁই ৷
            [ৰঙা পৰি যায় ৷ আৰু পিছ মুহুৰ্ত্ততে ওৰণিৰে মুখ লুকুৱায় ]
চিত্ৰ :- [হাঁহি ] ধৰা পৰিলা ৷ মোৰ আনন্দ ! আজি মোৰ জীৱন সাৰ্থক, চিত্ৰলেখা নাম সাৰ্থক ৷ মোৰ ইমান দিনৰ সাধনা সফল ৷ সখী ! মোৰ এপাক নাচি পেলাবৰ মন গৈছে ৷
            সখি ! ভাগ্যৱতী তুমি ৷
            মদনমোহন এই প্ৰদ্যুম্ন কুমাৰ ৷
            মহাবীৰ, মহাযোদ্ধা মহা বীৰ্য্যৱান ৷
            সমতুল্য নাই কোনো এই কোঁৱৰৰ
            ৰূপত ভুৱন জিনা শ্ৰীকৃষ্ণৰ
            নুমলীয়া নাতি ; পোহৰাই
            আছে সখী দ্বৰকাৰ ৰাজ-
            প্ৰাসাদত,... মাৰ যায় যত বেলি ;
            সিন্ধুৰ বুকত...
            শোণিতৰ পছিম দিশত ৷
উষা :- [ওৰণি অলপ গুচাই] সখী !
চিত্ৰ :- এঁ এঁ... নিদিও! ৷
            [পটখন মুখৰ আগত দাঙি ধৰে ৷ উষাই পটখন থাপ মাৰি লৈ উঠি যাব খোজে ৷ চিত্ৰই ধৰি ৰাখে ৷ চিত্ৰ আৰু পত্ৰই হাঁহিবলৈ ধৰে ৷]
পত্ৰ :- কি সখী, হয়নে ?
উষা :- হয় সখী, হয় ৷
          [পটখন চুমা খায় ৷ তাৰ পিছত একেথিৰে পটখনলৈ চাই থাকে ৷]
            সখী... তুমি আনি দিম বুলিছিলা নহয়, এতিয়া মোক আনি দিয়া ৷ চিত্ৰ সখী !  জানিবা এওঁৰ বিনে মোৰ আন গতি নাই ৷ যদিহে সঁচাকৈয়ে মোলৈ তোমাৰ মৰম আছে, তেন্তে সখী উপায় কৰা ৷
চিত্ৰ :- অৱশ্যে ভাবিবলগীয়া কথা, এওঁক অনাটোকে সামান্য কথা নহয় ৷
উষা :- চিত্ৰ সখী !  এওঁৰ বিনে মোৰ জীৱন মিছা ৷
চিত্ৰ :- তেন্তে উপায় ?
উষা :- উপায় কৰা ৷
চিত্ৰ :- [ভাবি ] তেন্তে মই এবাৰ নিজে এওঁৰ ওচৰলৈ যাব লাগিব, মোৰ মায়া-কৌশল সকলো খটাই চেষ্টা কৰো ৷
উষা :- ওলোৱা তেন্তে সখী !  যোৱা, এওঁক লৈ আহাঁগৈ ৷ সখী !
চিত্ৰ :- তুমি ইমান অধৈৰ্য্য হৈছা কিয় ? তেন্তে মই এতিয়াই যাব লাগিব নেকি ?
উষা :- সখী ! আজিয়েই যোৱা ৷ মোৰ বুকুত হাত দি চোৱাঁ , মোৰ হিয়া পুৰিব লাগিছে ৷
চিত্ৰ :- বাৰু তেন্তে ৷ তুমি বহা ৷ মই সাজি-পাৰি ওলাই আহোঁগৈ ৷ পত্ৰ ! তুমি এটা গীত গোৱা, এওঁৰ মনটো ভাল লাগিব ৷
পত্ৰ :- বাৰু, মই গীত গাওঁ দিয়া ৷ তুমি যোৱা ৷
            [চিত্ৰ যায়গৈ ]
পত্ৰ :- তুমি এনেকৈ বেজাৰ কৰি নাথাকিবা, আমাৰ বেয়া লাগে নহয় ! মই গীত এটা গাওঁ শুনা ৷
উষা :-অঁ বাৰু গোৱাঁ ৷
            [পত্ৰই চকুৰে হাঁহি গায় ]

আমাৰে সখিয়া আকুল বিয়াকুলে
          সপোনৰ হাঁহিটি চাই,
সপোনত কোঁৱৰে আহুদি আনিলে
          মতলীয়া সখী খাই !
দিঠকৰ বাতৰি সপোনত মিলিলে
          আছিল সখী বাটে চাই ৷
ফাগুনৰ বতাহে গাতে ছাটি মাৰে...
          গাতে ছাটি মাৰি যায়
(হাঁহি) চুমাৰ পৰশনৰ জুতি পাই সখীয়াৰ
          গাতে উৱাদিহে নাই
          সখীয়াৰে গাতে উৱাদিহে নাই ৷৷

          [চোঁৱৰী বেশেৰে হাতত ঘোঁৰা-কোবোৰা চোঁৱৰ লৈ আঁঠুমূৰীয়া চুটি ফুলাম পাতলিৰ মেখেলা, কঁকালত টঙালি বান্ধি চিত্ৰ সোমাই আহে ৷]
পত্ৰ :- ই ! সখী দেখোন একেবাৰে চোঁৱৰী হলা ৷ সঁচাকৈয়ে যাবা নেকি ?
চিত্ৰ :- কি, যাব নালাগে নেকি ?
উষা :- কিয় যাব নালাগিব ! যাব লাগিব ৷
চিত্ৰ :- নিশ্চয় যাম ৷ ভয় নকৰিবা ৷ সখী !  সময় নিচেই কম ; মই খৰধৰ কৰি যাব লাগিব ৷ কিন্তু যোৱাৰ আগতে তোমাক মই কেইটামান কথা কৈ যাওঁ ৷সখী ! মই চন্দ্ৰ-সূৰ্য্য সাক্ষীকৈ কলো, যদি কুমাৰক আনিব নোৱাৰো, ময়ো আৰু উলটি নাহো ৷ উষা সখী ! [উষাক সাৱটি ধৰি] সখী বেজাৰ নকৰিবা ৷ ধৈৰ্য্য ধৰি থাকা ৷ পত্ৰ তোমাৰ সৈতে আছেই ৷ আনৰ আগত এতিয়া এইবোৰ কথা নকবা ৷ তুমি মোৰ কাৰণে বেজাৰ নকৰিবা ৷ মোক এতিয়া বিদায় দিয়া সখী ! [উষাক চুমা খাই ] থাকিবা আৰু এতিয়া ৷ পত্ৰ ! যাওঁ দেই ৷
            [যাব ধৰে ]
উষা :- সখী ! সখী ! মোৰ প্ৰাণে যে.... সখী ৰবা ৰবা, নাযাবা ৷ নহয়, যোৱা যোৱা ৷
            [পত্ৰৰ ডিঙিত সাৱটি ধৰি কান্দে ৷ চিত্ৰই দুখোজমান গৈ উভতি ৰয় ; আকৌ খোজ দিব খোজে ৷ ]

আঁৰ-কাপোৰ


                                                                                              (সিপিঠিত)

[ইউনিকড ৰূপান্তৰ : দিগন্ত শইকীয়া]


No comments: