অনুসন্ধান আকাংক্ষাত

Tuesday, June 19, 2012

আমাৰে সখিয়া আকুল বিয়াকুলে (নাটক: শোণিত কুঁৱৰী)


আমাৰে সখিয়া আকুল বিয়াকুলে

          সপোনৰ হাঁহিটি চাই,

সপোনত কোঁৱৰে আহুদি আনিলে

          মতলীয়া সখী খাই !


দিঠকৰ বাতৰি সপোনত মিলিলে

          আছিল সখী বাটে চাই ৷


ফাগুনৰ বতাহে গাতে ছাটি মাৰে...

          গাতে ছাটি মাৰি যায়

(হাঁহি) চুমাৰ পৰশনৰ জুতি পাই সখীয়াৰ

          গাতে উৱাদিহে নাই

          সখীয়াৰে গাতে উৱাদিহে নাই ৷৷




(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীতটি শোণিত কুঁৱৰী নাটকত দিছে)
(ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া)

1 comment:

Anuprerana said...

ভাল কাম।ধন্যবাদ