ল’ৰা: মই গাঁৱৰ ল’ৰা
গাঁৱে গাঁৱে বন্তি জ্বলাই যাম
ছোৱালী: গাঁৱলীয়া ছোৱালী মই, শেৱালি মই নেৱালি
গাঁৱৰ কোলাত হাঁহি মাতি
সোণধানৰ জেউতি চৰাম ৷
নতুন দিনৰ যঁতৰা
নতুন দিনৰ বতৰা
আন
অ’ মোৰ
কবিটোক
জনা অ’ মোৰ
শিল্পীটোক
সেউতীৰে
মালতীৰে মালা পিন্ধাম
ন সুৰীয়া আইনাম
ন সুৰীয়া বিয়ানাম
তাৰ লগতে
গাঁৱলীয়াৰ জয়-সুৰীয়া নাম গাই
গাঁৱলীয়াৰ ন জীৱনৰ
ন ছবিখন চাম
৷
ল’ৰা: গাঁৱৰ ল’ৰা,...
আগবাঢ়ি যাম
হাবি কাটি
আগবাঢ়ি যাম পৰ্ব্বত ভাঙি
আগবাঢ়ি গৈ উলিয়াম
নিতৌ নতুন পাম
জুই সুৰীয়া
জয় সুৰীয়া নতুন
গান গাম
ৰাইজৰ বৰ নামঘৰত, সোণৰ
ৰূপৰ
পাত মেৰিয়া
বৰখুটা লগাম ৷
দুয়ো: আমি দুয়ো একেলগে যাম
একেলগে খাম
একেলগেই জীৱন জুই গাঁৱে গাঁৱে
লগাই
গাঁৱলীয়া ৰাইজৰ মনত জ্বলাই
চাকি বাতি
সুন্দৰৰ থাপনা পাতি
আগলৈ...আগলৈ... আৰু পোহৰলৈ
আগবাঢ়ি যাম ৷
গাঁৱৰ ল’ৰা-ছোৱালীয়ে ঘৰে ঘৰে বন্তি জ্বলায় ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment