অনুসন্ধান আকাংক্ষাত

Sunday, April 15, 2018

এটি তৰা জিলিমিলি জোনৰ সাৰথি

[এটি তৰা জিলিমিলি
                    জোনৰ সাৰথি
এই গধূলি হিয়া মোৰ
                    নিয়ে যে মথি] ←৩
-
আজি কিয় মই
    অকলে অকলে
মোৰ সৰু পঁজাটিত
    নিৰৱে নিৰলে
-
আজি কিয় মই
    অকলে অকলে
মোৰ সৰু পঁজাটিত
    নিৰৱে নিৰলে
[পাতি আছোঁ
ভাঙি আছোঁ
নাই বিৰতি] ←২
অ' মোৰ দূৰণিৰে
    সৰু তৰাটি
[এটি তৰা জিলিমিলি
                    জোনৰ সাৰথি
এই গধূলি হিয়া মোৰ
                    নিয়ে যে মথি] ←২
-
আমন জিমন এই
    গধূলিগোপালে
মোৰ দুচকুৰ
    টোপালে টোপালে
-
আমন জিমন এই
    গধূলিগোপালে
মোৰ দুচকুৰ
    টোপালে টোপালে
[শুদা শুদা
কৰে মোৰ
এই পঁজাটি] ←২
অ' মোৰ মন চিঙা
    সৰু তৰাটি
[এটি তৰা জিলিমিলি
                    জোনৰ সাৰথি
এই গধূলি হিয়া মোৰ
                    নিয়ে যে মথি] ←২
[এই গধূলি হিয়া মোৰ
                    নিয়ে যে মথি] ২
-
কণ্ঠঃ-     দ্বীপেন বৰুৱা
কথাঃ-     কেশৱ মহন্ত
সুৰঃ-      ৰমেন বৰুৱা
ইউনিক'ড ৰূপান্তৰঃ- দিগন্ত শইকীয়া

No comments: