অনুসন্ধান আকাংক্ষাত

Thursday, February 8, 2018

কোনে আহি ফুল কলি দিলেহি ফুলাই

কোনে আহি ফুল কলি দিলেহি ফুলাই
কোনে আহি গানে গানে সঁহাৰি জনায় আজি
অজানা পুলকে দিয়া উপচাই
-
বাৰে বাৰে বিহগীৰ অলকা গীত শুনোঁ
প্ৰাণত গোপন যত কথা আছে গঁঠা
মনৰ মানুহে মনৰ কথাটি বুজি পায়
-
সমীৰণে মধুচন্দা আনে
ফাগুণৰে ৰং দি যায়
মোৰ আজি মন প্ৰজাপতি হৈ উৰি উৰি যায়
উৰি যায়...
-
[কণ্ঠঃ- ইলোৰা বৰুৱা; কথাঃ- হেমন্ত গোস্বামী]
[ইউনিক'ড ৰূপান্তৰঃ- দিগন্ত শইকীয়া]

No comments: