অনুসন্ধান আকাংক্ষাত

Tuesday, January 23, 2018

হে হে হে ঢোলে ডগৰে

হে হে হে ঢোলে ডগৰে

হে হে হে হিয়াৰ উমেৰে

নেদেখা এনাজৰীৰে !

(হে) বান্ধোঁ আমি পাহাৰ শিখৰৰে

মহান চিয়েমক !

হে হে হে চেৰাপুঞ্জীৰে

হে হে হে ভিজা আকাশৰে

উদাৰ মেঘে যেনে দৰে

সাৱটি ধৰে বাৰিষা ৰূপেৰে

আমাৰ লুইতক !

মুগা সোণালী শুৱালকুছিৰে

হয় জেইন্‌চেম্‌ খাচী ৰূপহীৰে

সৰল গছৰে ৰূপ কাঠৰে ←২

সুগন্ধি সুৱাসে ভুলাই আমাক

হে হে হে ঢোলে ডগৰে

-

খাচী ঈশ্বৰ হয় উব্লেই মহান

নাগধাৰী শিৱ আমাৰো ভগৱান

খাচী আৰু আমি (হে) ভেদাভেদ এৰি ←২

বঢ়াওঁ অসমীৰ মহান একতা

হে হে হে ঢোলে ডগৰে

-

কৃষ্ণ গৰখীয়াই বায় বাঁহী !

-

কৃষ্ণ গৰখীয়াই বায় বাঁহী

খাচী গৰখীয়াই বায় শ্বৰাতি

দুয়োটি বাঁহী বাঁহৰে বাঁহী ! ←২

দুয়ো প্রকাশে একেটি সুৰক !

হে হে হে হিয়াৰ উমেৰে

নেদেখা এনাজৰীৰে

হে বান্ধোঁ আমি পাহাৰ শিখৰৰে

মহান চিয়েমক !

হে হে হে চেৰাপুঞ্জীৰে

হে হে হে ভিজা আকাশৰে

উদাৰ মেঘে যেনেদৰে

সাৱটি ধৰে বাৰিষা ৰূপেৰে

আমাৰ লুইতক !

হে হে হে ঢোলে ডগৰে

হে হে হে হিয়াৰ উমেৰে

নেদেখা এনাজৰীৰে !

(হে) বান্ধোঁ আমি পাহাৰ শিখৰৰে

মহান চিয়েমক ।।

-
[চিয়েম:                  খাচী ৰজা
জেইন্ চেম্ :          খাচী গাভৰুৰ গাৰ কাপোৰ
ব্লেই :                    জোন
উব্লেই:                  ঈশ্বৰ
শ্বৰাতি :                বাঁহৰ বাঁহী]

-

(কণ্ঠঃ- বন্দনা বৰুৱা)
(বোলছবিঃ- প্ৰতিধ্বনি)

ভূপেন হাজৰিকাদেৱৰ কণ্ঠৰ গীতটো
(ইউনিক'ড ৰূপান্তৰঃ- বসন্ত নাথ, অনামিকা বৰা,বনজীত পাঠক & দিগন্ত শইকীয়া)

No comments: