পুৰুষঃ- আহ ঐ আহ
ওলাই আহ ←২
সমস্বৰেঃ- আহ আহ আহ
-
পুৰুষঃ- আহ ওলাই আহ ওলাই আহ
যুৱকৰ দল
সমস্বৰেঃ- দে ভাঙি দে ভাঙি দে
শতৰুৰ বল
পুৰুষঃ- আইৰে চকুপানি টুপি
নাৰীঃ- আইৰে
চকুপানি টুপি
সমস্বৰেঃ- তোৰ মচিবৰ হ’ল
আহ ওলাই আহ ওলাই আহ
যুৱকৰ দল
নাৰীঃ- আহ
ওলাই আহ ওলাই আহ
যুৱতীৰ দল
সমস্বৰেঃ- দে ভাঙি দে ভাঙি দে
শতৰুৰ বল
-
পুৰুষঃ- কোন শতৰুৰ পদাঘাতে
আইৰ বুকু ভাঙে
মিলনৰ এনাজৰী ছিঙি থৈ গ’ল
সমস্বৰেঃ- কোন শতৰুৰ পদাঘাতে
আইৰ বুকু ভাঙে
নাৰীঃ- মিলনৰ
এনাজৰী ছিঙি থৈ গ’ল
হিংসাৰ অগনিৰে দেখোন
আইৰ বুকু দহে
সমস্বৰেঃ- অসমীৰ মজিয়া ৰণাংগন হ’ল
ৰণাংগন হ’ল
আহ ওলাই আহ ওলাই আহ
যুৱকৰ দল
আহ ওলাই আহ ওলাই আহ
যুৱতীৰ দল
দে ভাঙি দে ভাঙি দে
শতৰুৰ বল
-
পুৰুষঃ- মিলনৰ এনাজৰী আমি
পুনৰ গাঁঠিম
নাৰীঃ- স্ব নিৰাপত্তাৰ গড় বান্ধিম
সমস্বৰেঃ- মিলনৰ এনাজৰী আমি
পুনৰ গাঁঠিম
স্ব নিৰাপত্তাৰ গড় বান্ধিম
পুৰুষঃ- আই অসমীৰ সম্প্ৰীতিৰ বাবেই আমি
সবল সমাজ এক গঢ়িবৰ হ’ল
সমস্বৰেঃ- আই অসমীৰ সম্প্ৰীতিৰ বাবেই আমি
নাৰীঃ- সবল
সমাজ এক গঢ়িবৰ হ’ল
সাজু হ
হেৰ’ নৱজোৱান
দেশৰ জোৱান
সমস্বৰেঃ- বোৱাই দে চৌদিশে শান্তিৰ ধাৰ
আহ ওলাই আহ ওলাই আহ
যুৱকৰ দল
আহ ওলাই আহ ওলাই আহ
যুৱতীৰ দল
দে ভাঙি দে ভাঙি দে
শতৰুৰ বল
পুৰুষঃ- আইৰে চকুপানী টুপি
নাৰীঃ- আইৰে
চকুপানী টুপি
তোৰ মচিবৰ হ’ল
সমস্বৰেঃ- (আহ ওলাই আহ ওলাই আহ
যুৱকৰ দল
আহ ওলাই আহ ওলাই আহ
যুৱতীৰ দল
দে ভাঙি দে ভাঙি দে
শতৰুৰ বল)←২ ।।
-
ভূপেন
হাজৰিকাৰ কণ্ঠেৰে নিগৰিত সমবেত সংগীত
কথা আৰু সুৰঃ-
প্ৰনবি ৰাম বৰুৱা
এলবামঃ- আনন্দিতা
কণ্ঠঃ- ভূপেন হাজৰিকা, প্ৰনবি ৰাম বৰুৱা,
মধুমতি গোস্বামী, গিয়াছ
আহমেদ আৰু
পৰানি কলিতা
ইউনিক’ড ৰূপান্তৰঃ- অনুৰাধা
বৰুৱা
No comments:
Post a Comment