অনুসন্ধান আকাংক্ষাত

Monday, October 19, 2015

তুমি মোৰ প্রেৰণা





পুৰুষ কণ্ঠ    তুমি মোৰ প্রেৰণা তুমি মোৰ বাসনা

বননিত যিদৰে ফুলে হালে জালে

চেনেহত মন দোলে

নাৰী কণ্ঠ      তুমি মোক নেচাবা লাগে লাজ অজানা

হৃদয়ত যিমানে আশা ভৰি পৰে

দুচকুত লাজ লাগে

পুৰুষ কণ্ঠ    তুমি মোৰ প্রেৰণা....

-

পুৰুষ কণ্ঠ    তোমাৰে খোজটি ৰচকী পখিলী

মনটি কেনিনো উৰে

নাৰী কণ্ঠ      তোমাকে বিচাৰি পায় কিবা এটি

হৃদয় উলাহেৰে ভৰে

পুৰুষ কণ্ঠ    .. তোমাৰে হাঁহিটি ফুলৰে পাপৰি

তুলনা কৰোঁ কিহেৰে

নাৰী কণ্ঠ      তোমাৰ মৰমে হৃদয় ফুলনি

ধুনীয়া কৰিব পাৰে

দুয়ো          নয়নত যিমানে সপোন ভৰি পৰে

নাৰী কণ্ঠ      পৰাণত ফুল লাগে

পুৰুষ কণ্ঠ    তুমি মোৰ প্রেৰণা তুমি মোৰ বাসনা

বননিত যিদৰে ফুলে হালে জালে

বননিত যিদৰে ফুলে হালে জালে

চেনেহত মন দোলে

তুমি মোৰ প্রেৰণা....

-

পুৰুষ কণ্ঠ    তোমাৰে ছবিটি আঁকিব নোৱাৰি

হিয়াতে কিনো আছে

নাৰী কণ্ঠ      মনৰে দাপোণত নিজকে দেখিলে

কেনিও চাব নেলাগে

পুৰুষ কণ্ঠ    অ..তোমাৰে পৰশত ফুলবোৰ ফুলিলে

সুৱাসে উতলা কৰে

নাৰী কণ্ঠ      জীৱন এখনি ধুনীয়া ফুলনি

মনে মনে মিলি গলে

দুয়ো          পৰাণত যিমানে আপোন ভাব আহে

নাৰী কণ্ঠ      ভাবিলেই ভাল লাগে

পুৰুষ কণ্ঠ    তুমি মোৰ প্রেৰণা তুমি মোৰ বাসনা

বননিত যিদৰে ফুলে হালে জালে

চেনেহত মন দোলে

নাৰী কণ্ঠ      তুমি মোক নেচাবা লাগে লাজ অজানা

হৃদয়ত যিমানে আশা ভৰি পৰে

দুচকুত লাজ লাগে

পুৰুষ কণ্ঠ  তুমি মোৰ প্রেৰণা তুমি মোৰ বাসনা...  ৷৷

-

[ভূপেন হাজৰিকাদেৱৰ গীত (দ্বৈত)]
[ইউনিক’ড ৰূপান্তৰ :- অনামিকা বৰা]

No comments: