অনুসন্ধান আকাংক্ষাত

Thursday, February 19, 2015

অসমীৰে চোতালতে





অ'............ !

অ'.........
অসমীৰে চোতালতে !

ৰ’দালিয়ে চেনেহতে

মৰমৰ ফাকু খেলে

ৰঙতে নাচে পখিলী

মাতে মোকে হাত বাউলি

মাতে মোক হাত বাউলি ।



নীলা নীলা পাহাৰতে !

ডালিমীয়ে কথা পাতে

জুৰিটিৰ কাষতে ৰৈ

হিয়াৰে বতৰা কৈ

মলয়াত উৰে চুলি

অ’ মলয়াত উৰে চুলি

মাতে মোকে হাত বাউলি

মাতে মোক হাত বাউলি ।



ভৈয়ামৰে পথাৰতে !

ৰোৱনী লখিমীহঁতে

উলাহত জুৰিলে গান

বনগীত সুৰীয়া তান

হাঁচটিৰ তামোল খুলি

অ’ হাঁচটিৰ তামোল খুলি

মাতে মোকে হাত বাউলি

মাতে মোক হাত বাউলি ।



চেনেহৰে অসমখনি !

কত ৰূপৰ জিলিঙনি

সপোনৰ সুঁৱদি মাত

হিয়া মোৰ কৰিলি শাঁত

কিনো ৰূপে ভুলালি

অ’ কিনো ৰূপে ভুলালি

মাতে মোকে হাত বাউলি

মাতে মোক হাত বাউলি ।



অসমীৰে চোতালতে !

ৰ’দালিয়ে চেনেহতে

মৰমৰ ফাকু খেলে

ৰঙতে নাচে পখিলী

মাতে মোকে হাত বাউলি

মাতে মোক হাত বাউলি ।৷


মহম্মদ ৰফিৰ কণ্ঠেৰে নিগৰিত গীত

No comments: