অনুসন্ধান আকাংক্ষাত

Wednesday, August 13, 2014

ৰাষ্ট্ৰবিপ্লৱৰে আজি কৰা মহাসূত্ৰপাত

ৰাষ্ট্ৰবিপ্লৱৰে আজি কৰা মহাসূত্ৰপাত

জীৱনৰে মহান লগ্ন ... শুনা পীড়িতৰ আৰ্ত্তনাদ ৷

পৰাধীন জীৱনৰ ভষ্ম মুক্তি যুঁজতে কৰা ইবাৰ

উদ্ধাৰিবা ভাৰত চূৰ্ণীত কৰি কাৰাগাৰ ৷

আগবাঢ়ি আহা সবে
     
      মাতৃ বলি হবলৈ,

ত্ৰিবৰ্ণ পতাকাৰ হকে

     ব'ক সহস্ৰ তেজৰে নৈ ৷

ভাৰতৰে মুক্তি যুঁজত তুমি সৈনিক

      হোৱাগৈ

বজ্ৰেৰে বান্ধাহে বুকু

      আহা নাচাবা পাছলৈ ৷

দলে দলে যত ডেকা

       আহা আজি ৰণলৈ

শঙ্কা নকৰা শঙ্কা নকৰা

       ধৰ্ম্ম যুঁজৰ হবহে জয় ৷

বোলো সকলো ভাৰতীয় মন্ত্ৰ  "বন্দেমাতৰম্‌"
গোৱা একেলগে মিলি "জয় স্বতন্ত্ৰ ভাৰতম্‌" ৷




[জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীতটি ‘লভিতা’ নাটকত দিছে]
[ইউনিক’ড ৰূপান্তৰ:  দিগন্ত শইকীয়া]

No comments: