ষ্ট্ৰিম
লাইনড্ সৌ ধুনীয়া আলিত
এফ্ছলট্
দিয়া নিমজ আলিত
বৰ
বেগেৰে যাব পৰা
আঁক-বাক
অজগৰ সাপটোৰ দৰে
পিছলি
যোৱাদি যায় ।
দেখিবলৈ
ধুনীয়াও
চেপে
বুলি ভয়ো লাগে ।
তাৰ
কোলাত উঠি যি যায়
সিহঁতে
ছফুটিয়া স্প্ৰিঙৰ গাদীত
খুউব
আৰাম পায় ।
সিহঁতে
তাত উঠিলে নিজকে দেৱতা যেন ভাৱে,
বাটৰুৱা
যোজ কাঢ়ি যোৱা মানুহৰ গাত
সিহঁতৰ
মটৰৰ চকাই চেৰেক্কৈ
বোকা-পানী
মাৰি গ’লে সিহঁতে আমোদ পায় ।
সেই
মটৰখনে সাপে মতাদি কেঁট্কৈ মাতি
বাটৰ
জনতাৰ মাজেদি বাট বিচাৰিলে
জনতা
ছিটিকি উফৰি আঁতৰি যায় ।
ধুনীয়া
মটৰখন দেখি ভালো পায়,
সিঁহতে
খঙো খায় ।
চিক্মিক্
চাক্মাক্কৈ মটৰখন আহিল,
তেনেই
লেটেষ্ট্ মডেলৰ
চৌধ
চিলিণ্ডাৰৰ মটৰখন...
হঠাৎ
দেখোন মটৰখন ৰৈ যায় ;
আৰোহীবোৰ
জোকাৰ খাই উঠিল,
ওচৰৰ
এজুম জনতা লৰি আহিল,
মটৰখন
চাবলৈ
কেনেকুৱা
নতুন গাড়ী
মটৰখন
চাৰিওফালৰ পৰা বেঢ়ি
কিছুমানে
আহি ভিতৰলৈ জুমাজুমি কৰিলে ।
গাড়ীত
উঠি অহা শকত মানুহজনৰ উঠিল খং
চকু
টেলেকাকৈ লেতেৰা সুদা গাৰে থকা
মানুহবোৰক
হুকি মাৰি ক’লে---
“এই
ভূত বুৰ্ব্বকচব ! মটৰ-গাড়ী দেখা নাই ?
কি
চাবলৈ আহিছ ? ভাগ, ভাগ, ভাগ !
হেই
হেই ল’ৰা, কেলেই গাড়ীখন ছুইছ ?
কটা
বোকাই-ছোকাই আহি গাড়ীখনত
হাত
দিছেহি ?”
মানুহবোৰ
সেমেনাসেমেনি কৰি
আঁতৰি
দূৰলৈ গ’লগৈ ।
সৰু
সৰু ল’ৰা দুটাই সিহঁতৰ
গোটেই
গাটো মটৰৰ চিক্মিকীয়া বডি দেখি
ৰং
পাই হুকিলৈ মন নকৰি আছিল ধেমালিকৈ,
হেণ্ডিমেনটো
নামি দুয়োটাকে ঠলামুৰি মাৰি
পঠিয়ালে
দূৰলৈ ।
সিহঁতেও
আমনজিমনকৈ
দূৰৈৰ
খাৱৈৰ পাৰত ৰৈ থাকিলগৈ ।
কিছুপৰ
ড্ৰাইভাৰটোৱে
মটৰখনৰ
ইঞ্জিনটো চাই
বস্তা
এখন পাৰি তলত লেধাই সোমাই
পিছত
ওলাই আহিল ।
ষ্ট্ৰেয়াৰিঙত
বহি ছেলফ্ষ্টাৰ্টাৰ চলাই
গাড়ী
চলাব নোৱৰা হ’ল ।
গাড়ীত
উঠি অহা শকতজনৰ মুখত বিৰক্তি
কপালত
ঘাম আৰু চকুত খং !
কি
গাড়ীবোৰ উলিয়াইছে আজিকালি
আমেৰিকানবোৰ
ঠগ্ হ’ল !
ওঠৰ
হেজাৰকৈ দাম লৈ দুদিনতে
বেয়া
হোৱা গাড়ীবোৰ দি ঠগিছে,
“ড্ৰাইভাৰ
! কি হ’ল, কি হ’ল ?”
ড্ৰাইভাৰে
মূৰ খজুৱাই ক’লে –
“দেউতা
! একো হোৱা নাই,
অলপ
বেটাৰীটো কমি গৈছে...
ছেলফ্টো নচলে ।”
শকতজনে
খঙত ক’লে
---“হেণ্ডেল
মাৰা”
ড্ৰাইভাৰ
উঠি গৈ হেণ্ডেল মাৰিবলৈ লাগিল,
হেণ্ডেল
মাৰি ড্ৰাইভাৰ ভাগৰি পৰিল
আৰু
হাত নচলে ।
ড্ৰাইভাৰে
ছিটত বহি ক’লেহি—
“দেউতা
! গাড়ীখন ঠেলিলেহে ষ্টাৰ্ট হ’ব ।”
শকতজনে
সদৰ্পে দূৰত ৰৈ থকা জনতালৈ
চাই
ক’লে
– “হেই মানুহবোৰ ! আহাঁচোন আহাঁ
গাড়ীখন
অলপ ঠেলি দিয়াঁহি ।”
মানুহবোৰ
একো নমতাকৈ ৰৈ থাকিল ।
শকতজনে
মানুহবোৰক আকৌ মাতিলে—
“হেৰা
আহাঁচোন
হেঁচা
এটা মাৰি দিয়াহি ।”
এইবাৰ
মানুহবোৰ হঠাতে আলিৰ পৰা নামি
গাঁৱলৈ
সোমাই গ’ল ।
শকতজনে
চিঞৰিলে—
“হে’ৰা,
হে’ৰা মানুহবোৰ ! আহাঁ
টকা
দহটা দিম, আহাঁ, আহাঁ...
দিম
আহাঁ... আহাঁ...।”
...
মানহবোৰ আঁৰ হৈ নেদেখা হৈ গ’ল
কোনো
উভতি নাহিল ।
[জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কবিতা]
[ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া]
========================
No comments:
Post a Comment