পাৰ্স্পেক্টিভ্ !
মৃত্যু
জন্মৰপৰা কিমান দূৰত ?
মৃত্যু
জন্মৰপৰা কিমান দূৰত ?!
মই মোৰপৰা কিমান দূৰত ?
কত খলপীয়া মোৰ মই
অসমীয়া মই শদিয়াত !
শ্ৰীলঙ্কাত থিয়হৈ দেখোঁ
কুমাৰীকা, কাশ্মীৰ,
কামৰূপৰ
ত্ৰিভূজটো !
গোটেইখন যেন মোৰ জন্ম ঠাই
..শদিয়া
!
নিউয়ৰ্কত শ্যামদেশৰ ডেকাজনক পালোঁ
এনে
লাগিল..
(যেন) সি বহুদিনৰ
চিনাকী !
মোৰ
শদিয়াৰ পাহোৱাল ডেকাহে...
মোৰ পাৰ্স্পেক্টিভত মানুহ ইতিবাচক..
অসম, ভাৰত, পৃথিৱী
তিনিখলপীয়া
সত্বাৰ মাজত সংঘৰ্ষ ?!
ক’ত সংঘৰ্ষ ?
কিহৰ
সংঘৰ্ষ ?
পৃথিৱীখন
এটা
বেলুন হৈ
উৰি
গ’ল
মোৰ
আঙুলিৰপৰা..
পৃথিৱীখন এটা বেলুন হৈ উৰি গ’ল মোৰ আঙুলিৰপৰা !
মনিব নোৱাৰা দূৰত্বৰপৰা দেখিছোঁ..
মনিব নোৱাৰা দূৰত্বৰপৰা দেখিছোঁ
সেই
বেলুনটো !
মই
চন্দ্ৰৰ বুকুৰপৰা !
চন্দ্ৰৰ
বুকুৰপৰা ।।
[Perspective = (n) অবিকল দৃশ্য, পৰিপ্ৰেক্ষিত]
[ভূপেন
হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত কবিতা আবৃত্তি]
[ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া]
No comments:
Post a Comment