সুন্দৰৰ
জয়-যাত্ৰা
নিতে নৱ
প্ৰকাশৰ
বিচিত্ৰ মেলা,
তোৰে-মোৰে
জীৱনৰ
ইপাৰে-সিপাৰে
কিনো
লুকাভাকু খেলা !
ভুৱনে
ভুৱনে মই
বিকশাওঁ আলোক-প্ৰপঞ্চ,
হাঁহো কান্দো
নাচো গাওঁ
মুখৰিত কৰি দি
ত্ৰিভুবন-মঞ্চ ৷
তই সত্য
অনাদি অনন্ত
বৃন্দ
বৃন্দ কত
মদনমোহন যত
জিনি জিনি মহাৰূপৱন্ত ৷
হিয়াৰ মাজত
মোৰ
শুনো
কি নুশুনোকৈ
বাঁহীটি বজাই দিয় জান,
সেইহে বিচাৰি ফুৰো
বিচাৰোতে
চিৰানন্দ,
তই
কিৰণানন্দ
পৰমানন্দ
অমৃত
ভাণ্ড কৰি দিয়া দান
বিশ্বজীৱন
জ্যোতি-প্ৰাণ ৷
জীৱনে
জীৱনে মাথোঁ
পাতোঁ মই অন্বেষণ-যাগ্ ,
বিচিত্ৰ
প্ৰকাশৰ
সচিত্ৰ গানেৰে দিয়া
গোপনতে লৱ যজ্ঞভাগ ৷
আঁৰে আঁৰে হাঁহি
বজাৱ ব্ৰহ্ম-বাঁহী
৷
এটি ৰূপ
ভাঙি-ছিঙি
খণ্ড-বিখণ্ড কৰি
তোক চাওঁতেই
বিখণ্ডতে অখণ্ড ৰূপৰ তই
হাঁহি মাৰি লুকাৱ যে
পালোঁ পালোঁ বুলি
ভাবোঁতেই...
নিত্য-অনিত্যৰ
অনন্ত মেলা
মাথোঁ
এটা লুকাভাকু খেলা ৷
মনোমন্দিৰৰ
দুৱাৰৰ
শিলৰ শলখা
মাৰিবলে’
কৰি আনো
সপ্তভুৱন চিত্ৰলেখা
অযুত
নিযুত ছবি তাই আঁকি যায়
তথাপিও তোৰ দেখা নাই ৷
গানৰ
কণ্ঠ জুৰি
উঠে জ্বলি
বিবিধ বিতান
কত স্বপ্ন-গান,
মূৰ্চ্ছনা
মূৰছি পৰে
গানেও যে গান গাই
ভাগৰি ভাগৰি অৱসান
ছন্দিতা ম্লান ৷
তথাপিও
গান তোৰ
বীণত নপৰে ধৰা
তোৰ সুৰসপ্তক চৰা
নপৰে অ’
ধৰা ৷
শুনো
মাথোঁ
নুবুজিও বুজি যাওঁ
ব্যৰ্থ-প্ৰয়াসেৰে
বজাবলে’ চাওঁ
তোৰ গান গানৰো অতীত
হৃদয়-বীণত
তাক তুলিব নোৱাৰোঁ অ’...
মাথোঁ মোক কৰিছে মোহিত ৷
অনাদি
অনন্ত
মধু শ্ৰীমন্ত
সুৰ-সুৰধনী জিনি
তোৰ বাঁহী যিটি সুৰে বাজে,
সেই
সুৰ ধৰি মই
বীণত বজাবলে’
অলিয়া-বলিয়া হৈ
ফুৰোঁ
মাজে মাজে ৷
মাথোঁ
শুনো
মাথোঁ শুনো
মুক মুগ্ধ ধ্যানাস্তৰত
সুৰ-লয়-তান ;
তাৰ
স্বৰলিপি মোৰ
লিখিবলে’
স্বৰ নাই,
শব্দ নাই,
নাই মাত্ৰা, নাই লয়-মান
অদ্ভুত শ্ৰৱণ মহাগান ৷
জানো
থাক বহু দূৰণিত
তেনেয়ে
ওচৰতো
হৃদয়ৰ স্পন্দিত ধ্বনিত
য’ত
আছে থাক তাতে
আপোনাৰ শ্ৰীৰে হৈ আপুনি মণ্ডিত ৷
তোৰ
তীৰ্থ তোৰ ৰাজধানী
বিচাৰি বিচাৰি মই যাওঁ
কোনোবা
জনমতে চিনাই দিছিলোঁ যে
সেই গুণে বাট চিনি পাওঁ ৷
বাটে
বাটে, ঘাটে ঘাটে
কত
কত নৱ দেশ
মনোময়
অশেষ-বিশেষ
সৌন্দৰ্য্যৰ
কত মহাদেশ
বিবিধ বেশৰ সমাবেশ ৷
কত
বসুন্ধৰা
কত
ৰূপে-বৰ্ণে-গন্ধে
ৰসে-গানে ভৰা,
দ্যুলোক-ভূলোক
নীহাৰিকালোক
পাৰ
হৈ যাওঁ দিব্যলোক
আলোকৰো
সিপাৰৰ
কোনোবা আলোক,
বাটে
বাটে তোৰ গান গাওঁ,
হিয়াৰ
মাজত মোৰ তোক জান পাওঁ
মই তোৰ তীৰ্থলে’
যাওঁ ৷
মোৰ
এই পৃথিৱীত
তোৰ
মাথোঁ এটি সুৰ নাচে,
পৰ্ব্বত-বননি
জুৰি
ভৈয়ামে
ভৈয়ামে উৰি
ঘাঁহ-বন, পাত-লতা
কত ফুল বাছে ৷
নয়নাভিৰাম
নানা ঠাঁচে
অপৰূপ ৰূপৰ সাঁচে সাঁচে
বিভঙ্গ-অভঙ্গ
ত্ৰিভঙ্গ ভঙ্গিম
ৰূপ
লেখ নাই
জোই নাই
সুৰূপ-কুৰূপ ৷
সাগৰে-বেলিয়ে
মিলি
পাতে
কিনো খেলিমেলি
ৰূপান্তৰেদি
বয়
যুগান্তৰৰ
নই
বেমেলিৰে ধেমালি
ধেমালিৰে বেমেলি
বেমেলিয়ে ধেমালিয়ে
পৃথিৱী দেৱতা বয়
নিতে নিতে নৱৰূপ মালী ৷
সোণ-ৰূপ-জুই
জ্বলিছে ডাৱৰ ছুই....
সোণ
জ্বলে, ৰূপ জ্বলে,
সোণ-ধান জ্বলে
দেশ-মহাদেশ জ্বলে
নানা মণি-মৰকত মুকুতা ভস্ম
নৱসৃষ্টিৰ গৈ সিয়ে হয় অস্ম ৷
সেই
ছাই-ভস্ম সানি
মানুহ ব’ৰাগীটোৱে
দিগম্বৰ হৈ ফুৰে তোৰ গান গাই
তই মাথোঁ হাঁহ চাই চাই ৷
নতুনৰো
নতুনেৰে ঘূৰি ঘূৰি আহ তই
মানৱৰ জন
নৱ
আলোকৰে পিন্ধি সুৰভিত অঞ্জন
মানুহ
ব’ৰাগীটোৱে
ভস্মকে মুঠি মাৰি
ফুকে তোৰ নৱ সুৰ-মন্ত্ৰ
উঠে
জ্বলি পৃথিৱীত আৰু এক নবীন
মানৱ নৱতন্ত্ৰ
গুম্গুমনিৰে চলে
মহাকাল যন্ত্ৰ ৷
আমীৰ
ফকীৰ হৈ যায়
ফকীৰ
আমীৰ হৈ
হীৰা-মণি-মুকুতাৰে
কাৰেং শুৱায়,
নটীয়ে কাচোন কাচি
সুৰ নিগৰাই নাচি
ৰূপৰ মাজেদি তোৰ
প্ৰকাশৰ বিকাশৰ বসন্ত গায়
তোৰে খেলা তয়ে থাক চাই ৷
তাৰ
মাজে মাজে মই
তোকেই বিচাৰি ফুৰোঁ
নাপাই নাপাই ;
মোক
অহা দেখিলেই
আকউ লুকাৱ তই
থকা যেন লাগিছিল
পিছে দেখোঁ তই তাত নাই ৷
নতুন
দেশলে যাওঁ
গান গাই গাই
তোৰে গুণ ইনাই বিনাই,
তই
লুকাবলে’ ভাল
পিন্ধি ললি জটাজাল
পাতি ললি
মায়া ছায়াবাজী-হাট
ক’লা
বগা মেলা ;
মোৰে
য’তে নবীন প্ৰপঞ্চ
মঞ্চে মঞ্চে
মাথোঁ তোৰ লুকাভাকু খেলা ৷
বজা,
বজা, বজা বাঁহী
অসীম সুন্দৰ...
যাত্ৰা-বাটটো
মোৰ
সুৰ-কল্লোলেৰে
তোৰ
কৰি দে মুখৰ
জীৱনলে’
আহক বসন্ত
অৰূপৱন্ত তোৰ হাঁহিৰে
শ্ৰীমন্ত ৷
কণ্ঠত
জাগোক মোৰ
তোৰেই কলাপী,
গাম
মই তোৰ গান
আলাপী-বিলাপী ;
জিভাত
দিয়ক থিত
তোৰেই ভাৰতী,
জীৱনে
জীৱনে গাম
তোৰেই আৰতি ৷
ওঁঠত
বজাই দে
তোৰে ৰঙা হাঁহি,
তোৰ
সুৰ-সুৱদীৰে
বজামে বাঁহী ৷
চকুত
জ্বলক মোৰ
তোৰ দিব্যজ্যোতি ,
তাৰেই
দেখিম মই
তোৰেই ছবিটি ৷
হাতত
তুলি দে মোৰ
তোৰেই লেখনী
লিখি
যাম ইন্দ্ৰধনু
নানা দিব্য বৰণৰ
উজ্বলিব অৰ্কমালা-মণি ৷
মিছা
!
মিছা মোৰ গৰ্ব্ব-অহঙ্কাৰ
মিছা
মোৰ কাব্যৰ সম্ভাৰ
মিছা মোৰ যত অলঙ্কাৰ
ব্যৰ্থ মোৰ কামনাৰ, বাসনাৰ
হেঁপাহ
আশাৰ
শত শত ফল-ফুল
ষোড়শোপচাৰ
৷
মই
ৰচা গানবোৰে
তোক মাথোঁ ব্যঙ্গ কৰে
মোৰ বৰ্ণনাই মাথোঁ
তোক কৰা ম্লান
তই যে মহান ৷
মোৰ
সুৰে
মাথোঁ
দূৰে দূৰে
ভয়-ভীত সঙ্কুচিত ভৃত্য সম ঘূৰে,
তোৰ
ই বিৰাট ৰূপ
সমস্তে নেদেখি মাথোঁ
বলিয়াবতিয়া বকি ফুৰে ৷
তোৰ
পদৰেণু এটা
পায় কি নাপায় সি
তোক পোৱা বুলি কৈ মিছা দম্ভ কৰে ,
মোৰ
গীত-ছন্দ
সুৰ মনোহৰ মকৰন্দ
যত
কাব্য-কাৰিকৰী
সুচিত্ৰ
বিচিত্ৰ যত
জগ-জন মনোহাৰী,
ঝঙ্কৃত পদবন্ধ
সকলোৱে অন্ধ
উমানে উমানে গায় গান
তোৰ দেখা নাই ৷
মোৰ
যত
সংশ্লেষণ, বিশ্লেষণ
গঢ়ন-পিতন
খনিকৰী, স্থপতিৰ মন্থন-গ্ৰন্থন,
একোৱে
নোখোলে তোৰ মহা অৱগুণ্ঠন ৷
মোৰ
যত সাহিত্য-বিজ্ঞান
তোৰ
মাথোঁ কৰে অপমান ৷
মোৰ
তনু-মন ধন-জন
আজি তোতে কৰিলোঁ সমৰ্পন
তই মোৰ পূজাৰ অতীত,
নিজেই
নিদিলে ধৰা
কিহেৰে ধৰিম তোক
নিজে
আহি নিজে
মোতে তই
দে আজি থিত্ ৷
আজি
যে মই নাই
নাই আৰু মই,
ময়েই
যে তই হলোঁ
তই হলোঁ মই ৷
ৰূপৰ
যমুনা মই
তই বৱ অপৰূপ গঙ্গা
অনন্ত
অঙ্গা
মিলি দুয়ো যাওঁ বৈ বৈ ৷
ৰূপ
অৰূপৰ আজি
হৈ যাওক সঙ্গম
ভুৱন
মুগ্ধ হওক
মুগ্ধ হওক যত জীৱ-জঙ্গম ৷
জগতৰ
যত তীৰ্থগামী
সুন্দৰকামী
তোতে মোতে অৱগাহি
কৰি যাওক
পূণ্য-সঞ্চয়
বন্দনা-স্তুতি
গ’ক জয় ৰূপ-অৰূপৰ জয় ৷
আজি
কিনো মহানন্দ
আজি
মোৰ
অভিনৱ, দুলড়ী লেচাৰী কত ছন্দ
গীত-সুৰ লয়-মান মাত্ৰা
সাৰ্থক সুন্দৰ যাত্ৰা ৷
কলিকতা
০১/০৭/১৯৪৩
[জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কবিতা]
[ইউনিক’ড
ৰূপান্তৰ: দিগন্ত শইকীয়া]
No comments:
Post a Comment