[কবিতা মোৰ সদায়েই প্ৰিয়, .. সৰল ভাষা, গভীৰ বিষয়বস্তুৰে সমৃদ্ধ নৱ-প্ৰজন্মৰ
কবি বনজিত তালুকদাৰৰ কবিতাই এক নতুন দিগন্তৰ সূচনা কৰিব বুলি মোৰ দৃঢ় বিশ্বাস ৷ বনজিতলৈ
মোৰ আশীৰ্বাদ থাকিল.. ]
নাৰী কণ্ঠ:
ওৰেতো জীৱন সুৰ সুধা
নিগৰাই
মাটিৰ ধৰাত !
সোণৰ সৰগ ৰচা
অনন্য এক সাধনাৰ
নাম
ভূপেন হাজৰিকা !
যাযাবৰী জীৱনৰ
বলুকাৰাশি
যাদুকৰী কণ্ঠেৰে
সোণালী সপোন
সিঁচা
উদীপ্ত এক
সূৰ্য্যৰ নাম
ভূপেন হাজৰিকা !
সাগৰ সঙ্গমত
সাতুৰি-নাদুৰি
অক্লান্ত দুবাৰু
হৈ
মণি-মুকুতা
বুটলি অনা
সীমাহীন এটি
প্ৰেৰণাৰ নাম
ভূপেন হাজৰিকা !
মানুহৰ পৃথিৱীত
মানুহৰেই গান গোৱা
ঈশ্বৰ-প্ৰদত্ত
উদাত্ত কণ্ঠ !
তেওঁ যে
সুধাকণ্ঠ !
আজি এই মধুময়
লগণত
তোমাৰ বাবে
হিয়াৰ কৰণি
উপচাই
সজাই আনিছোঁ
নৈবদ্য
সঁচা মৰম আৰু ভক্তিৰ
অঞ্জলিৰে
একবিংশ শতিকাৰ
পঞ্চম দশকতো মই তোমালৈ বাট চাম
এমুঠি গীত আৰু
কবিতাৰ এই সংকলনটি
হেঁপাহেৰে
নিবেদিছোঁ তোমাকেই !
ভূ: হা:-
একবিংশ
শতিকাৰ
পঞ্চম দশকতো মই..
তোমালৈ বাট চাম
একবিংশ
শতিকাৰ
পঞ্চম দশকতো মই
তোমালৈ বাট চাম
গুটিধানৰ
ভড়ালৰ এলান্ধু গুচাই
উজাগৰি বহু ৰাতি..
কল্পনাৰ
মণি গাঁঠি..
জোনাক-নিশাবোৰ আদৰিবলৈ যাম
একবিংশ
শতিকাৰ
পঞ্চম দশকতো
মই তোমালৈ বাট চাম
মই
তোমালৈ বাট চাম
শিলাবৃষ্টি
!
শিলাবৃষ্টি..
শিলাবৃষ্টি,
ধুমুহা মহাপ্ৰলয় !
ধুমুহা
মহাপ্ৰলয় !
হওক ঘনঘোৰ অন্ধকাৰ..
তথাপি
যাম মই
কাঁজল গাঁৱলৈ..
সৰুজন কচাৰীক তাতেই পাম..
খাৰবাও, ব্ৰহ্ম, মনেশ্বৰ বা মিলি
মানাহৰ
পাৰলৈ যাম
তিপকাই পাৰৰ বাগৰুম্বা
খেৰাই,
বাৰদৈচিক্লাচাং
একবিংশ
শতিকাৰ
পঞ্চম দশকতো
মই
তোমালৈ বাট চাম
মই
তোমালৈ.. বাট চাম
কথা
এটি কওঁ শুনা..
অ’ মোৰ আপোন
মানুহ !
অ’
মোৰ আপোন মানুহ !
কথা এটি কওঁ শুনা..
স্বপ্ন
দেখোঁ মই
একবিংশ শতিকাৰ পঞ্চম দশকৰ..
তন্দ্ৰাত
মোৰ ভাঁহি উঠে কুৰুক্ষেত্ৰ মহাৰণ..
চেতনাত
মোৰ থুপাই ৰাখিছোঁ
স্বপ্নহীনতাৰ স্বপ্ন দেখা
বন্ধ্যা
পৃথিৱীক
বিধস্ত কৰাৰ
যীশুভিয়াসী
বিধ্বংশী শিহৰণ !
অ’ মোৰ দেশৰ
মানুহ
অ’
মোৰ দেশৰ মানুহ !
মোৰ
সমস্ত আত্মবিশ্বাসেৰে
দৃহতাৰে
ধৈৰ্য্য আৰু ন্যায়-নিষ্ঠাৰে
তোমালোকৰ ওচৰলৈ যাম
গৌৰাং
!
গদাধৰৰপৰা
লাওখোৱাত বহি
হস্থীকন্যাৰ সুৰৰ মূৰ্চনাত
উটি-ভাহি যাম
উটি-ভাহি যাম
একবিংশ
শতিকাৰ
পঞ্চম দশকতো
মই
তোমালৈ বাট চাম
মই
তোমালৈ.. বাট চাম
ধূলি
আৰু বাৰুদৰ ধোঁৱাৰে ধূষৰিত
ধ্বংশস্তূপৰ মাজতো
বাট চাম মই গভীৰ আশাৰে...
গতিহীন
নিস্তৰংগ
নিস্তেজ জীৱনৰ গতি দিবলৈ..
ৱাংমই, ৰালিপাৰ, চিকাং, মিৰবাৰী, নিৰ্দাং,
আলেঙৰ বহুগিৰি প্ৰকৃতিৰ
দান
প্ৰকৃতিৰ দান
প্ৰকৃতিৰ দান
কাঠাৰিংতী, তাৰো,ৰংপী, ৰংহান
ৰাচিংজান, ৰংমিলিৰ সতে
মিলিচাং ছুজুং
ছুমানকাং
ছুমানকাং
ছুমানকাং
একবিংশ
শতিকাৰ
পঞ্চম দশকতো
মই
তোমালৈ বাট চাম
মই
তোমালৈ.. বাট চাম
বনফুলৰ
নাভিৰপৰা মোৰ বুকুৰে বৈ যোৱা
সুগন্ধি
মই তোমাক বিলাম
ঘুৰ্মুটিয়াই ঘুৰ্মুটিয়াই হ’লেও
নীলা পাহাৰৰ চোলাত উঠি
শান্তিৰ চিলা উৰুৱাম
একবিংশ
শতিকাৰ
পঞ্চম দশকতো
মই
সিংহাসন
পাহাৰলৈ যাম
কৃষ্ণপক্ষ ৰাতি
আৰণ্যক
নিৰ্জনতাত
তৰাৰ
পোহৰৰ
ছাঁয়ামায়া
ধূষৰতাত
তোমাক
বিচাৰি চাম
লৌহিত, সোৱনশিৰী, কামেঙেৰে উজাই
তোমাৰ
বতৰা ল’ম
ইতা,পুলুক বিচাৰি
ৰয়িঙৰপৰা
মায়’দিয়া-পাছলৈ
যাম
মাদি, মাগানে, নিটেৰ স’তে
দিবাঙত
ৰেহ চাম
একবিংশ
শতিকাৰ
পঞ্চম দশকতো
মই
তোমালৈ বাট চাম
মই
তোমালৈ.. বাট চাম
মহামায়াৰ পৰা মই পৰশুৰাম কুণ্ডলৈ
যাম
নামবৰৰ
পৰা মানাহ অৰণ্য চাম
ধনশিৰী, সোৱনশিৰী, দিখৌ, দিচাং
দিহিং,
পুঠিমাৰী, কপিলী, কলং
সকলোৱে
আছে ৰৈ !
স্বাগতম
জনাবলৈ..
একবিংশ
শতিকাৰ
পঞ্চম দশকলৈ !
একবিংশ
শতিকাৰ
পঞ্চম দশকলৈ !
[বনজিত তালুকদাৰৰ কবিতাটি পঢ়িলোঁ “একবিংশ শতিকাৰ পঞ্চম দশকতো মই
তোমালৈ বাট চাম” ৷
অতি ভাল লাগিল মোৰ
কবিতাটো...]
[ভূপেন
হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত কবিতা আবৃত্তি]
[ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া]
[ভুল-ক্ৰুটিবোৰ আঙুলিয়াই দিয়া যেন]
No comments:
Post a Comment