এদিন
সূৰ্য্যৰ তপ্ত অংশ
উফৰি পৰি পৃথিৱীৰ হেনো সৃষ্টি হৈছিল !
আৰু এদিন এই পৃথিৱীৰ বুকুতেই
লক্ষ
লক্ষ তৰু-তৃণ
উপচি
পৰিছিল
আৰু
আন এটি শিখৰত
এই সুন্দৰৰ বুকুতেই
মানুহৰ হৈছিল বসতি !
এই মানুহেই
প্ৰতিজ্ঞাবদ্ধ
হৈছিল
সমাজ গঢ়িবলে’
শেষত
সমাজ গঠিত হৈছিল..
আৰু
সেই সমাজেই
আজিৰ বৰ্ত্তমান সমাজৰ
আদিকথা..
আজিৰ সমাজ
মুখাপিন্ধা
সমাজ
আজিৰ
সমাজ
মুখাপিন্ধা সমাজ !
আজিৰ
সমাজ
দুমুখীয়া সমাজ
যাৰ
কক্ষৰ পৰিধি
ৰৈ আছে
ম্লানহৈ পৰি থকা
কিছু নতুনৰ আৱাহন;
মই কিন্তু বিচলিত হোৱা নাই
মই
বিচলিত হোৱা নাই !
মই
ৰৈ আছোঁ
আলিৰ দাঁতিৰ..
এজনা কাঁইটীয়া বনফুলৰ দৰে
নিতৌ দেখিছোঁ
সমাজৰ একো-একোজন নৱ-সত্ব,
নিতৌ
দেখিছোঁ...
সমাজ বোলা শব্দটোৰ..
ফাঁকে ফাঁকে উটি অহা
শত সহস্ৰ ঘটনা
লগতে
দেখিছোঁ
সমাজৰ মৌলিক প্ৰকাশ
সমাজৰ মৌলিক অপ্ৰকাশ !
ভষ্ট্ৰাচাৰ !
যি মানুহক কৰিলে পঙ্গু
নিসঙ্গ ..
সময়ক
কৰিছে দু:সময় !
সময়ক
কৰিছে দু:সময়
ধৰণিৰ ধূলিবোৰে
অৱমাননাৰ কাকটি-ফৰিং অজস্ৰ !
সহিব
নোৱাৰা কলংক,
এই
শুভ-অশুভৰ
অহোৰাত্ৰ সংঘাতত !
সময়ৰ
বলিষ্ট সোঁত !
সময়ৰ
বলিষ্ট সোঁত !
সেই
সোঁতত
সমাজৰ অতীত !
বৰ্ত্তমান !
আৰু
অনাগত ভৱিষ্যৰ খোজে খোজে
প্ৰগতিৰ
পথত
সময় !
আগুৱাই আছে !
সময় !
আগুৱাই আছে !
সময়
আগুৱাই আছে ৷
[ভূপেন
হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত কবিতা আবৃত্তি]
[ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া]
No comments:
Post a Comment