: প্ৰথম উচ্ছ্বাস :
নৱজীৱনৰ অৰুণ অগ্নিস্নাত
নৱবিপ্লৱী কবি জাগে
আলোক আশিস মাগে
আগ্বেয়গিৰি সম----
ভোহাৰি-বিদাৰি-ভাঙি-বিস্ফোৰি পৃথিৱীৰ গৰ্ভ
জাগে বিদ্ৰোহী কবি উদ্গৰি অগণিত
অগ্নি-স্ফুলিঙ্গ
৷
আকাশ-পৱন জুৰি জুই-ধোঁৱা ধূলি-বালি
সিঁচৰি
বিচৰি
দিয়ে জ্বলন্ত অঙ্গ,
বিচ্ছ্বৰি
দিশে দিশে
আকাশে
আকাশে---
তাৰ
শিখা উল্লাস
তাৰ
প্ৰিয় দহন-বিলাস ৷
অনাগত পৃথিৱীৰ জীৱনৰ জননীৰূপা
যি
মহাপঙ্কই
হিয়াভগা
কান্দোনৰে
আউলী-বাউলী
হৈ
প্ৰকাশৰ
বাবে উদ্বাউলী,
সেই মহাপঙ্কৰ পিয়াহৰ জুই শুহি
কালৰ জলধি ভেদি
অনল কলম সম কৰি উঠি হাঁহি
ফুলি
পাহিয়ে পাহিয়ে লিখা সোণজুই-পানীৰে
বিপ্লৱী কবিতাৱলী ৷
শতাব্দী শতাব্দী ধৰি পাৰস্যবাদী
সভ্যতাৰ---
গছকত
খছকত
জহি খহি গৈ,
নিৰাশাৰ পঙ্কত
অনশনত
মৌন মূঁছ-কঁছ হৈ,
সন্ত্ৰাসিত
যি জনতা যুগে যুগে
দুখ-বেদনাৰে ভৰা
কাঁইটীয়া
সঙ্কোচৰ লাজুকী বনতে আছে ক্ষীণ
প্ৰাণে শুই ;
তাৰ
ইকৰা পাতেৰে সজা ভগাছিগা
গোঁসাই-ঘৰত
মাটিৰ থাপনাতে
জ্বল মোৰ ফিৰিঙতি
হৈ সোণ-জুই---
তাৰ
তেল নথকা
চাকিত
তয়েই শলিতা
হৈ জ্বলি থাক, জ্বলি থাক
অনিৰ্ব্বাপিত ৷
অশ্ৰুত
অগীত যি ব্যক্তিৰ দুখিতৰ গানে
আলোকৰ ধ্বনি শুনি
প্ৰকাশ বিচাৰি ফুৰি
গুমৰি গুমৰি বুকু ধুনে---
আশাৰ যি
অৰচিত ৰাগে
সুৰচিত
হুৰত সঞ্চাৰ মাগে,
মুক্তি, মুক্তি বুলি আশাত কৰিছে ঘনে
ৰোহত কামুৰি ওঁঠ
নিচুক নহওঁ বুলি
উচুপি উঠিছে মনে মনে ;
অযোজিত
ছন্দই
অনাহক
তালে
নৱহিল্লোলে
আনন্দ কম্পনে
উন্মাদ আলোড়নে
ভূমিকম্প আনে
ক্ষণে ক্ষণে
দুৰ্দ্দম
গান-সুৰ
অদম্য ছন্দ
অপ্ৰকাশ
বেদনাৰে মহাবিক্ষুব্ধ,
মোৰ
কণ্ঠ বৃক্ষ ফালি আজি অনিৰুদ্ধ
আজি মহাজাগৰণ প্ৰয়াসী
পূৰ্ণপ্ৰকাশ অভিলাসী ৷
আপোন
গানেৰে মই আপুনি মতলীয়া
আপোনাৰ সুৰত বলিআয়
আপুনিয়ে
গাঁথি যোৱা ছন্দে-বিছন্দে
জুই-দেওধাই
উঠি খলকিছোঁ বিশ্ব মহানন্দে ৷
সুৰত
ঝলসিছে বিজুলিৰ দ্যুতি
গানে
গানে উন্মেষে প্ৰতিভাৰ জ্যোতি
পাৰ ভাঙো ভাঙো কৰি
সীমান্ত উছলি
হ’ব
খোজে কক্ষচ্যুতি ৷
মই
অদভূত ছান্দিক
বিচিত্ৰ
মাত্ৰিক
ময়ে মহামানৱৰ নৱতম যজ্ঞৰ নৱাগত
অগ্নিহোত্ৰী
কেন্দ্ৰীভূত য’ত
সমাগত
অলিখিত
গানৰ
দীপনেৰে সুৰৰ জ্বলনেৰে
সুন্দৰ
স্ফুটনেৰে ভাব পীড়নেৰে দু:খৰ দহনেৰে
দহি দহি জ্বলি পুৰি
জ্বালামুখী কবি মই অশ্ৰুত কীৰ্ত্তি ৷
:
দ্বিতীয় উচ্ছ্বাস :
নৱবিপ্লৱী
কবি জাগে
আগ্নেয়গিৰি
সম
আপোনাৰ জ্যোতিৰেই
আপুনি উদ্ভাসে
আপোনাৰে
বুকু ফালি
দিয়ে
ঢালি
কবিতাৰ
বান---
ছন্দ-বৰ্ণ-সুৰ-লয়-তান
গান
তপত তেজৰ দৰে বৈ যায়
লগে লগে লৈ যায়
ফুটন্ত প্ৰাণ
সঞ্জীৱনৰ অভিযান ৷
পৃথিৱীৰ
গৰ্ভত
গলিত সোণৰ আছে তপ্ত সাগৰ,
তাতে জহিখহি গৈ উতলি
উতলি আছে
অতীতৰ সভ্যতাৰ
কনক নগৰ ;
হীৰা-মণি-মুকুতাও
গলি পমি আছে তাতে
আছে
কীৰ্ত্তি মাৰ যোৱা
যত দানৱৰ
যক্ষৰ, ৰক্ষৰ,
দেৱতা, অসুৰৰ
আৰু
মানৱৰ ;
কত
ভাব, কত ভাষা
আশা-নিৰাশা
কলিতে
মৰহি যোৱা নুফুলা পাহি,
অকালতে চকু মুদা অকুমাৰী
ৰূপহীৰ নুফুটা হাঁহি,
মেল খোৱা মনীষাৰ প্ৰতীভাৰ
বাজোঁ কি নাবাজোঁতে
নহাকৈয়ে উভতিলে
কিবাৰ অভিমানেৰে
সি সুৰ বাণী
সাজোঁতেই
ভাগি যোৱা যতবোৰ
প্ৰথিৱীৰ নবজোৱা বাঁহী
;
হাঁহিবলে’,
মাতিবলে’, ফুলিবলে’,
নাচিবলে’
নৱ নৱ ভঙ্গে ধেমালি খেলিবলে’
বিকাশত প্ৰকাশিবলে’
আলোকৰ চুম্বন
স্পৰ্শন মাগি
সৃষ্টিৰ
পুলকত অবগাহি ;
আলোকৰ
বিৰহত
আধাফুটা সৃষ্টিয়ে
কান্দি শুই আছিলে যি মাটিৰ বুকত
জীৱনৰ অধিকাৰ
বিচাৰে আহি
৷
লক্ষ
বাতিৰে জ্বলা সভ্যতাৰ গছাৰ তলত
ছাঁৰ আন্ধাৰত
যি প্ৰাণীয়ে তেল আৰু
শলিতা যোগায়
এদিনলে’
প্ৰদীপৰ পোহৰ নাপায়,
গছাৰ তলৰ সেই শিল-ধূলি-
বালিতেই
জীৱনৰ বিননি বিনায়
জীৱনৰ প্ৰকাশ নাপায়
উপজি
পচি মৰি যায়,
জেকা
কেলুকীয়া তাৰ
শেলুকীয়া
বোকাতেই
জহি পচি যায়
ৰ’দৰ
নেদেখা মুখ অৰণ্য-গৰ্ভৰ
ওখ বন-বিটপীৰ
ঢাক খাই
উশাহ নাপায়
মৰি যোৱা
উদ্ভিদপ্ৰায় ৷
মোৰ
কবিতাই
সিহঁতৰ কান্দোনৰ ৰোল শুনি
তালৈকে যায়,
বিভৎস সি দিঠকত
ছন্দ হেৰুৱাই,
থোকাথুকিকৈ
বেদনাৰ পীড়নত
বেসুৰীয়া সুৰত
ইনাই বিনায় ৷
বিকৃত ছন্দত
বিকৃত জীৱনৰ
জ্বলিছে স্বৰূপ
মহত্ত্বাভিমানীক কৰি বিদ্ৰূপ ৷
ফুলৰাণী
কবিতাই
ফুল-মালা ছিঙি-ভাঙি
সোণ-হীৰা-কেৰুমণি
দলিয়াই—
হ’গৈ
আতুৰা সেৱিকা,
লীলায়িত
ছন্দ এৰি থৈ গঢ়ি ল’লে
নৱতম ছন্দ বাস্তাৱিকা ৷
সেই
মন্বন্তৰৰ যত
সঞ্চিত অপূৰণ প্ৰকাশৰ আশা
অতৃপ্ত কামনাই
অলব্ধ কামনাই
অশ্ৰুসীমিত বেদনাই সমাধান
বিচাৰিছে
নিষ্পেষিতৰ আজি মহাসমস্যাই
প্ৰচণ্ড বজ্ৰ হানি বিচাৰিছে ভাষা
সেইহে জাগিছে যত
মোৰ কণ্ঠ
উচ্ছলি---
আগ্নেয়গিৰি গৰ্ভ সমুত্থিত
লেলিহান শিখা সমান ৷
আজি মোৰ
গন্ধকগন্ধা আগ্ন্যুৎপাৎ
পৃথিৱীৰ
উৎকট অবিচাৰ
বীভৎস অন্যায়
ধুই লৈ
যাওক সেই বহ্নি-বন্যাই,
তলাতল,
দ্বিতল
সপ্তবিংশতল
পাৰস্যবাদীৰ
অন্দৰমহল
ইঙ্গিততে হোক
ভস্মসাৎ ৷
শৃঙ্খলিত
যত
মানৱীয় অধিকা হৃত
আলোকৰ পৰা বঞ্চিত
জীৱনৰ মন্থনত উঠা অমৃতৰ
গোন্ধতো নাপায়
কেৱল বিষকে খায়,
বিষাক্ত ৰাগীতে জৰ্জ্জৰিত
সেই কণ্ঠ ৰুদ্ধ য’ত
ভাৰবাহী জনতাৰ ;
বৃত্ৰাসুৰীয়
সভ্যতাৰ
নিষ্ঠুৰ আঘাতত
মূৰ্চ্ছা হৈ পৰি থকা
হৃদয়ৰ দেৱতাই
ইন্দ্ৰই---
আজি জন-দধীচিৰ
অস্থি-বজ্ৰ লৈ
সঞ্জীৱিত হৈ
জিনি জয়
মহত্বৰ
অসুৰক কৰক নিপাত
দানৱীয় অধিকাৰ কৰি উৎখাৎ ৷
নতুন
বেলিয়ে আজি
নতুন পোহৰ দি
উজ্বলায় নৱধৰিত্ৰী,
নৱ জনজীৱনৰ
জাগিছে নবীন বেদ
ঝঙ্কৃত
দেশে দেশে নতুন গায়ত্ৰী
নতুন সুৰৰে
গা নৱনিৰ্ম্মিত সাম-গান ৷
: তৃতীয় উচ্ছ্বাস :
নৱবিপ্লৱী কবি জাগে
বাস্তৱ সত্য চাবলৈ
গাবলৈ অভিনৱ দৃষ্টি মাগে,
আগ্নেয়গিৰি সম
উদ্ভটি, উদ্গাৰি আন্ধাৰত কান্দি থকা
দলিতৰ, শোষিতৰ কাহিনী---
তিতিক্ষাচ্যুত হৈ আহে যত
উগ্ৰ বুভুক্ষাত জ্বলিপুৰি
ডেই যোৱা
জীয়াতে মৰি থাকি
প্ৰেত হোৱা কাহিনী ৷
সিহঁতৰ ক্ষত-বিক্ষত যত অঙ্গৰ
বৈ আহে ৰক্ত-নিঝৰ্ৰ,
আচম্বিতে মোৰ
কবিতাৰ ফুলনিলে’
সেই তপ্ত তেজত তিয়াই,
মোৰ এই লেখনীৰে
লিখি যাওঁ ৰক্তলেখা---
তাতে ঢৌ খেলি যায়---
আজি নৱ-প্ৰভাতৰ জ্যোতি-শিখা ৷
[জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কবিতা]
[ইউনিক’ড ৰূপান্তৰ : দিগন্ত
শইকীয়া]
No comments:
Post a Comment