(১)
মই কাঞ্চনজঙ্ঘা
তুষাৰ
শুভ্ৰশিৰ
ময়ে
অভ্ৰভেদী বীৰ
মোৰ জটা ঝাৰি ঝাৰি
নিজৰি
নিজৰি বয়
নিগৰি
নগিৰ
অবিকল
কল্কল্ ৷
শৈলজা পয়োধৰা
পিযুষ
সলিলা
যুৰধনী
গঙ্গা ;
প্ৰথমৰ
প্ৰভাতৰ
অৰুণৰ
জ্যোতি,
অণ্বনৃ হুৰি মোৰ
আলোক-নৃত্য
কৰি ৷
বিয়পাই
বিশ্বত ৰঞ্জন দ্যূতি ৷
মোৰে আশেপাশে গায়
কিন্নৰী
বালিকাই
আলোক-বোধন
মহাগীত,
সন্ধিয়াই সন্ধিয়াই
বেলি-বিদায়
গানে
দিগন্ত
কৰে মুখৰিত ৷
উদয় আৰু অন্তৰ
বৰ্ণ-বৈচিত্ৰৰ,
ছঁয়ামায়া কাচোনৰে কাচে
প্ৰহেলিকাময়ী সম নাচে
কুটজ
কুসুমৰ
লগে
লগে
লাখে
লাখে
মৃদু মৃদু কম্পিত সমীৰণছন্দা
শৈলবালা দলে কস্তুৰীগন্ধা ৷
(২)
অতীতৰো অতীতৰ
যি
মহাঅতীতে
বৰ্ত্তমান
ভেদি
ভৱীষ্যতলৈ
যায়,
মোৰে জুহালত বহি
বুৰঞ্জীৰ পাত লুটিয়াই
ভৱিষ্যতৰ কথা কয়
কল্পনা-লঙ্ঘা
বহি বহি মই কাঞ্চনজঙ্ঘা ৷
ভাৰতবৰ্ষ
দেখি-শুনি জাগে মোৰ
বিষাদতো হৰ্ষ ৷
প্ৰকৃতিৰ অভিনয়
মানসী পুতলা
আহিল, উঠিল গ’ল
পাতি পাতি বিচিত্ৰ মেলা,
হাঁহি আৰু
কান্দোনৰ
নৱ নৱ খেলা ৷
ৰূপান্তৰেদি
আহি
বৰণ সলাই
হাঁহি
মানসীয়ে
নাচে এই ভাৰতৰ মঞ্চত ৷
যুগ কাল
ব্যঞ্জনাৰে কৰি লৈ সঙ্গত ৷
পিন্ধি
পিন্ধি সভ্যতাৰ
নতুন মেখেলা
নাচি নাচি
উৰুৱায়
সোণোৱালী ধূলা ৷
সেই
ধূলিৰেই ঢাক খায়
ধূলিতেই জহি যায়
পুৰণিভঙ্গা,
পুনু
ধূলিৰেই পৰা
ৰূপ লৈ জাগে এক
নৱযুগ অঙ্গা,
অহৰহ আছে বৈ,
সুৰধনী গঙ্গা,
ময়ো উদাসী আছোঁ
কাঞ্চনজঙ্ঘা
৷
(৩)
ডুগ্
ডুগ্
ডুগ্
ডুগ্
ডম্বৰু
বাজে
মোৰে
চোতালতে নিতে
ত্ৰ্যম্বক নাচে,
বাজে
ৰুদ্ৰতাল
নাচে
মহাকাল
অভিনৱ
তাণ্ডৱ
বিবধ বিভঙ্গ
উলঙ্গ বিলঙ্গ ৷
মুদ্ৰাত
জ্বলি উঠে সৃষ্টিৰ ইঙ্গিত
ডম্বৰুত
বাজি উঠে প্ৰলয়ৰ সঙ্গীত
নয়নাৰ দৃষ্টিত আলোক-বৃষ্টি
মানৱৰ কল্পনাত
সেই জ্যোতি-প্ৰপাতত
গজি উঠে
যুগে যুগে
অভিনৱ কৃষ্টি ৷
ডুগ্
ডুগ্
ডুগ্
ডুগ্
ডম্বৰু বাজে
সৃষ্টি সৃষ্টি বুলি মহাকালে নাচে,
সৃষ্টিয়ে আদি
সৃষ্টিয়ে অনাদি
সৃষ্টিৰ চক্ৰ
মন্থিত কৰি ঘূৰে প্ৰলয়ৰ তক্ৰ
সৃষ্টিহে সৃষ্টি
চলে অহোৰাত্ৰি,
প্ৰলয়েই সৃষ্টিৰ যুগে যুগে মাতৃ ৷
জীৱন, জীৱন, মাষোঁ অনন্ত
জীৱন
স্ফুৰণ, স্ফুৰণ, মাথোঁ অনন্ত
স্ফুৰণ
ঘূৰণ, ঘূৰণ, মাথোঁ অনন্ত
ঘূৰণ,
মৰণেই আনি দিয়ে মহাসঞ্জীৱন ৷
ধ্বংস—ধ্বংস
ক’ত ?
ধ্বংস যে নাই---
ধ্বংসতে সৃষ্টিয়ে পাতনি
পেলায় ৷
ঘোৰ প্ৰলয়ৰ তৰাঙ্গাঘাতত
জলদ-ঘৰ্ষণত
সৃষ্টিৰ বিদ্যুত ইঙ্গিত জাগে,
সৃষ্টিৰ মেঘৰাগে
সুগভীৰ গাজনি গাজে,
সৃষ্টি সৃষ্টি বুলি
ডুগ্
ডুগ্
ডুগ্
ডুগ্
ডম্বৰু বাজে,
ধৰাচৰ সৃষ্টি অমৃতসঙ্ঘা,
শুভ্ৰকেশী মই কাঞ্নজঙ্ঘা ৷
(৪)
মাটিত কিৰণ পৰি
যি ফুল ফুলাই
সৰিলে জহিলে সি
মাটিল’কে
যায়
আলোকত সুৰভি মিলাই,
মাটিৰ লগতে যি মাটি হৈ গ’ল
তাক জানো বিচাৰিলে পায়,
বিস্মৃতিৰ গৰ্ভলৈ যিটি সোমায়
?
ভাৰতৰ মাটিতেই
কত মাটি ফুটি উঠা
লৱ লৱ ৰূপ-ৰস-গন্ধ-বৰ্ণ গান
হ’ল
অৱসান ;
মাটিতেই নিজকেই দিলে মিহলাই
খেলি মায়া ছাঁয়াৰাজী আৰু নাই নাই
কাৰ আঁৰকাপোৰ পেলায় !
বিস্মৃত কল্পৰ শেষ চকুলোৰ
শেষ বনৰীয়া সুৰ
কঁপি কঁপি জাহ গ’ল
আন্ধাৰৰ অন্তৰালত,
পাহৰা সি সুৰ গ’ল
শেষ কৰি পৃথিৱীৰ
সাধুকথা তাৰ
কোনোবা অনন্তলে’
ক্ষীণ প্ৰতিধ্বনি ৰল ৰূপান্তৰত ৷
মাথোঁ জাগি ৰ’ল
পৃথিৱীৰ মাটিৰ বুকুত
ছঁয়ামায়া ছাঁ তাৰ
মনত নপৰা অতীতৰ সপোনত ৷
হাঁহিছিল, মাতিছিল
যি আদিম প্ৰাণীৰ গানে
পৃথিৱীত পুৱাই পুৱাই ,
তাৰ দিন উকলিল
ললে সিও চিৰবিদায় ৷
ডুগ্
ডুগ্
ডুগ্কৈ
ডম্বৰু বাজিয়ে ৰ’ল,
মহাকালে নাচিলেহি বৰ্ব্বৰ
তাণ্ডৱ
জাগে য’ত
মহাকায় দৈত্য-দানৱ ৷
যক্ষ যক্ষ কত অসুৰৰ সঙ্ঘ
বীভৎস উল্লাসে নাচে অভঙ্গ ৷
পৈশাচী কল্পনাই
দেখুৱাই---
হুটামুটা উৎকট ৰূপ,
মুক্ত হ’ল
সৌন্দৰ্য্যৰ আদিম স্বৰূপ
জ্বলিল পৃথিৱী
জুৰি কামগন্ধী ধূপ ৷
পৃথিৱী প্ৰথম কলাই
অঙ্গৰ আভাষ দিয়া
কুদৰ্শন ভ্ৰুণৰূপে
আহিল ওলাই,
কলা-সৃষ্টি আদি পাতনি পেলাই
৷
তামসিকতাৰ হ’ল বিচিত্ৰ
প্ৰকাশ
আসুৰীয় সভ্যতাৰ পাৰস্য-
বিলাস
দুৰন্ত কামনা যত
নিষ্ঠুৰ বাসনা
শৃঙ্খল বন্ধনহীনা
বজালেহি দানৱীয় সুৰ বীণা ৷
আঘাতত জনমিল সুৰ উন্মত্ত
ফুটন্ত ছন্দ ঝঞ্জবৃত
হ্ৰেষণি ঘ্ৰেষণি উঠে
দানৱীয় বাজনাৰ,
ঝঙ্কাৰে, গৰ্জ্জে,
উঠে হুহুঙ্কাৰ,
জ্বলে লেলিহান যজ্ঞ
ভোগ-লালসাৰ,
অসংযত তামসী তৃষ্ণাৰ
ধূমাকীৰ্ণ কৰি জীৱনৰ
পাৰাবাৰ,
ক্ষণে ক্ষণে
ঘটে মহামাৰ
আপুনিয়ে হয় ছাৰখাৰ ৷
(৫)
তমসৰ আন্ধাৰত
ৰজসৰ পোহৰ পৰিল
দানৱীয় চেতনাত---
মেধা আৰু মনীষাৰ
কল্পনাৰ---
নৱতম প্ৰভাত জাগিল,
নৱসুৰে, নৱতানে বাজনা বাজিল ৷
অতীতে লুকুৱালে বুৰঞ্জীৰ পাত
হ’ল
পৃথিৱীত জীৱনৰ মৱ সূত্ৰপাত ৷
ইন্দ্ৰিয় তৃপ্তিৰ প্ৰচণ্ড সাধন
কল্পনাৰ পাহি মেল খালে অগণন
মেধা আৰু মনীষাৰ
বিস্তাৰ প্ৰসাৰ
দানৱীয় আকাঙ্ক্ষা মহাদুৰ্নিবাৰ ;
আসুৰী
সম্পদ লৈ লৰিল দানৱ
গঢ়িলে
সভ্যতা জগতত অভিনৱ ৷
স্বৰ্গে
স্বৰ্গে
যত দেৱতাৰ
ত্ৰাস
শুনি
অসুৰৰ অট্টহাস
দূৰে
দূৰে
জাগে যত মানৱৰ দল
সিহঁতৰ কল্পনাত স্বৰ্ণকমল ৷
সিহঁতৰ মনীষাত
অভ্যুদয়িলে জ্যোতিষ্মান
নৱতম প্ৰভাতৰ দিব্যতম গান ৷
অৱসান পৃথিৱীৰ তামসী ৰাত্ৰি
গায়ত্ৰী ছন্দে
নাচে দলে দলে যত
আলোক যাত্ৰী ৷
সিহঁতৰ
প্ৰতিভাত নৱনৱোন্মেষ
সৃষ্টি মনিময় হ’ল
বিশেষ বিশেষ,
দৃষ্টি লোকালোক প্ৰসাৰিত
মনীষাত
জ্যোতি উদ্ভাসিত,
জিলিকিল পূৰ্ব্বাভাস অনাগত
মহামানৱৰ
প্ৰনৱ ওঙ্কাৰধ্বনি
উঠিছে আকাশ
জুৰি
জ্বলে যজ্ঞ বিশ্বমঙ্গলৰ ৷
[৩ মাৰ্চ্চ, ১৯৪৭ ‘অসমীয়া’]
[তামোলবাৰী চাহ বাগিছা, ডিব্ৰুগড়]
[জ্যোতিপ্ৰসাদ
আগৰৱালাদেৱৰ কবিতা]
[ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া]
No comments:
Post a Comment