অনুসন্ধান আকাংক্ষাত

Tuesday, June 18, 2013

মোৰ অহংকাৰৰ সংজ্ঞা





মোৰ অহংকাৰক সুধিলোঁ মই

 সাহিত্যৰ সংজ্ঞা কি ?

সি কলে মোক মূৰ থিয়কই

মই যি লিখোঁ সাহিত্য সেয়েই ৷

মোৰ অহংকাৰক সুধিলোঁ মই -

গান বোলে কাক ?

সি কলে মোক -

ছন্দ-সুৰ-তাল-মানেৰে

মই ৰচিলোঁ যাক

গান বোলে তাক

মোৰ অহংকাৰক সুধিলোঁ মই

কাক বোলেনো সুকুমাৰ কলা ?

সি কলে মোক হাঁহি মাৰি

মই যি আঁকোঁ, মই যি লিখোঁ,

মই যি গঢ়োঁ, মই যি সাজোঁ,

মই যি গাওঁ, বজাওঁ

জগত ৰজনজনাওঁ

সিয়েই হৈছে কলা সুকুমাৰ

নেজান কিয় ?

মই যে বুজি নাপাও ৷

মোৰ অহংকাৰক সুধিলোঁ আকৌ -

বাৰু পিছে তোমাৰ তেনে

নিজৰে সংজ্ঞা কি ?

দিয়াচোঁ মোক কৈ ৷

সি কলে মোৰ চকুলে চাই -

কোন নেজান মই ?

      সংজ্ঞা মোৰ তই ৷



[জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কবিতা]
[ইউনিকড ৰূপান্তৰ : দিগন্ত শইকীয়া]

No comments: