হে কবি ! অকলশৰীয়া নাৱৰীয়া
লুইতৰ সোণোৱালী পানী
শুকুলা শুৱনি পালখনি
উজুৱাই-ভটিয়াই
যোৱা
তুমি
জানোঁ সঁচাকৈয়ে
অকলশৰীয়া
?
অতীন্দ্ৰিয় মৰমৰ
ধূনি
জ্বালি
তুমি
জানো
যতীন্দ্ৰ
নোহোৱা ?
তুমি যেন
মৃগালৰ
পৰা ছিগা বিকশ পদুম,
লুইতৰ
দুয়োপাৰ
মৰমৰ
সুৰভিৰে
স্নিগ্ধ
কৰি তুমি উটি যোৱা
মৰমৰ সূৰুয ধিয়োৱা ৷
কেনেকৈ বাৰু তুমি
অকলশৰীয়া
অ’
নাৱৰীয়া !
জীৱনৰ সেউজী বনত
লগৰীয়াৰ লগত
মৰম-ভাৱনা পাতি
গাইছিলা মৰমৰ
যাউতিযুগীয়া
গীত
তুমি
নাৱৰীয়া !
হায় ! হায় ! হায় !
সোণৰ
হৰিণা দেখি
লগৰীয়াবোৰে
অকলে এৰি থৈ যায়
উনমত্
বলিয়াবটিয়া !
লগৰীয়া নাই
সেইহে
আহিলা ওলাই
লুইতৰ
ঘাটলৈ
মৰমৰ
বাঁহীটি বজাই ৷
গইছিল ভটিয়াই ক’ৰবাৰ
নাও
শুকুলা পালত লাগে
মৰমৰ বাও
পাৰলৈ মাতি তাতে উঠি যোৱা
পোহৰলৈ নেকি ?
বহু
দূৰণীয়া ?
সোণৰ ৰূপৰ জুয়ে
লুইতৰ দুয়োপাৰে
পুৰি
নিয়ে বন সেউজীয়া
অ’
নাৱৰীয়া !
মৰমৰ নাই যে বিনাশ
সোণ-ৰূপ-হীৰা জিনি
মৰমৰ
জ্বলন্ত প্ৰকাশ ৷
হ’ব হ’ব
হ’ব বুলি তুমি গীত গোৱা,
মৰমহে যাউতীযুগীয়া
মৰমহে আকাশী অমিয়া
মৰমেহে জীৱনত
ফুলাই
সৰগী ফুল
কেনে
বিনন্দীয়া ৷
মৰম-বাতৰি জগতৰ
প্ৰচাৰি তুমি যে সুন্দৰ
মৰমৰ
ইন্দ্ৰধনু পিন্ধি কপালত
জয়
কৰা সকলোৱে হিয়া,
কবি
তুমি যতীন্দ্ৰ দুৱৰা !
নোহোৱা, নোহোৱা
তুমি অখলশৰীয়া
জোনালী
নিশাৰ দিনা
ৰূপালী
সুঁতিত
মৰমৰ
ঢৌ তুলি যোৱা,
জানো গম পোৱা ?
জানো গম পোৱা ?
সোণৰ
জাপি পিন্ধি
ফুলাম
ছৈৰ নাৱতে
আহি
ৰূপকোঁৱৰে
বীণখনি
বোৱা ?
তোমাৰে আশেপাশে
আলেঙে-আলেঙে
শুকুলা
পালৰ মাজে মাজে
জুমি চোৱা ?
হি: হি: হি: হি:
হি: হি: হি: হি:
দেখিলোঁ. দেখিলোঁ মই
কাৰে স’তে যোৱা !
কাৰে স’তে যোৱা !
কিয় বাৰু আমালে’ নোচোৱা
জিল্মিল্ গাৰে দেখোঁ
সেই
সোণপাহী,
কুল্ কুল্ টুল্বুল্
বাই নাওখনি,
লীলায়িত লয়লাসে
লাচে লাচে নাচে
তাই হাঁহি ৷
তুমি যোৱা গুৰি ধৰি
তাই যায় ব’ঠা মাৰি
লৈ যায় যত আছে
জীৱনৰ সোণালী সন্ধিয়া
কবিতাকুঁৱৰী
তাই
জীৱনৰ
চিৰলগৰীয়া ৷
মিছাকৈয়ে গোৱা গান
অকলশৰীয়া বুলি
অকলশৰীয়া বুলি
অ’ নাৱৰীয়া !
অ’ এই কথা
নকবা, নকবা আৰু
ইকথা
সিকথা
মানুহক কম কাণে
কাণে
লিখি যাম মই গানে
গানে
তোমাৰ এই মৰমৰ
সাধুটি
অমিয়া,
সোণৰ ফাঁকিটি আৰু
নিদিবা , নিদিবা
অ’ নাৱৰীয়া !
ৰসগ্ৰাহী হে’ৰা পণ্ডিত !
নিৰলাৰ গান বুলি
কিয়
হাহাকাৰ
নিৰলা নহয় ই যে
মৰমৰ বেজাৰৰ
জয়জয়কাৰ
৷
মৰম নহয় জানো
কোমলৰো
অতি কুমলীয়া
সেই বাৰ্ত্তাবাহী সুৰ
অৱশ্যে নিশ্চয় হ’ব
সুৰৰো
কোমল সুৰ, কৰুণসুৰীয়া
কবিতাৰ
সেইটিহে আটকধুনীয়া ৷
[জ্যোতিপ্ৰসাদ
আগৰৱালাদেৱৰ কবিতা]
[ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া]
No comments:
Post a Comment