Assamese Song: Mon
Kagojor Nau Haji Haji
Album: ?
Singer: Dwipen
Baruah
Music Director: ?
Year: ?
মন কাগজৰ নাও
সাজি সাজি
মই উটুৱাও
সেয়ে জীৱন নদীৰ
সোঁতে সোঁতে
কতনো যে
গীত গাওঁ
মন কাগজৰ নাও
সাজি সাজি
মই উটুৱাও
দুয়ো পাৰে
জিলিকিছে !
আশা নিৰাশা !
দুয়ো পাৰে
জিলিকিছে !
আশা নিৰাশা !
হাঁহি আৰু বেজাৰৰে
কত শলিতা !
অ’ তাকে দেখি
ময়ো আজি
নিজক হেৰুৱাও
!
মন কাগজৰ নাও
সাজি সাজি
মই উটুৱাও
মৰমৰে
মায়া ভৰা
এমুঠি
জোনাকী
!
মৰমৰে
মায়া ভৰা
এমুঠি
জোনাকী
কেতিয়াবা
লাগে দেখোন
নিজেই চিনাকি
অ’ সেয়েই আজি
উটি ভাহি
নিজেই ভাল
পাওঁ..
মন কাগজৰ নাও
সাজি সাজি
মই উটুৱাও
সেয়ে জীৱন নদীৰ
সোঁতে সোঁতে
কতনো যে
গীত গাওঁ
মন কাগজৰ নাও
সাজি সাজি
মই উটুৱাও ৷৷
বোলছবি/এলবাম: ?
গায়ক/গায়িকা: দ্বিপেন বৰুৱা
সংগীত পৰিচালক: ?
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment