Assamese Song: Paar hoi gol dhumuha ejak
Album: ?
Singer: Dwipen
Baruah
Lyrics
: Keshav
Mahanta
Music Director: Ramen Baruah
Year: ?
পাৰ হৈ গ’ল
ধুমুহা এজাক
ভাঙি থৈ
মোৰ পঁজা
পাৰ হৈ গ’ল
ধুমুহা এজাক
ভাঙি থৈ
মোৰ পঁজা
যেন উৰি গ’ল
এৰাতি এন্ধাৰ..
পোহৰ কাঢ়িব
খোজা
গ’ল ভাঙি
থৈ মোৰ পঁজা,
পাৰ হৈ গ’ল
ধুমুহা এজাক
ভাঙি থৈ
মোৰ পঁজা
অচিনাকি তুমি
তেনেই নতুন
তোমল কোমল
হাত
চকুত তোমাৰ !
হাঁহিৰ নাচোন
আলফুলীয়া
হাত
তুমি আহি দেখোঁ
ক’লা
আহি
আহি...
আকৌ
এবাৰ সাজা
পাৰ হৈ গ’ল
ধুমুহা এজাক
ভাঙি থৈ
মোৰ পঁজা
হয়তো তুমিয়েই
মোৰ সাধনাৰ
প্রথম
হেঙুলী পুৱা ..
হয়তো তুমিয়েই
মোৰ সাধনাৰ
প্রথম
হেঙুলী পুৱা ..
হয়তোবা তুমি
তুমিয়েই মোৰ
সূর্য্য
হেৰাই যোৱা
তোমাৰ বলেৰে
হবওতো পাৰে..
এইবাৰ ঘৰ
সজা
পাৰ হৈ গ’ল
ধুমুহা এজাক
ভাঙি থৈ
মোৰ পঁজা
যেন উৰি গ’ল
এৰাতি এন্ধাৰ..
পোহৰ কাঢ়িব
খোজা..
গ’ল ভাঙি
থৈ মোৰ পঁজা
পাৰ হৈ গ’ল
ধুমুহা এজাক
ভাঙি থৈ
মোৰ পঁজা
অ’......(আলাপ)
অ’.......
(আলাপ)
অ’...... (আলাপ)
অ’.......
(আলাপ) ৷৷
বোলছবি/এলবাম: ?
গায়ক/গায়িকা: দ্বিপেন
বৰুৱা
গীতিকাৰ : কেশৱ
মহন্ত্
সংগীত পৰিচালক: ৰমেন
বৰুৱা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment