Assamese Song: Asil
ba kinu
Album: ?
Singer: Dwipen
Baruah
Music Director: ?
Year: ?
আছিল বা কিনো ই মাহ..!
নিশা নে পৰভাত
ব’হাগৰ
কেতেকীৰ
পাহিটি সৰি গ’ল
অচিনা
ধুমুহাত
আছিল বা
কিনো ই মাহ..!
বুকুৰে চেনাই মোৰ
ক’তেবা
হেৰালি তই
ক’তে
হেৰুৱালোঁ তোক
আছিল বা কিনো ই মাহ
আছিল বা
কিনো ই মাহ..!
আছিল দুখ দুভৰি
কত যে সপোনৰ
নানা বৰণীয়া ফুল
আছিল মনে ভৰি
ব’হাগৰ
বিহুটিৰ
চিনাকীৰ অনেক
ভুল..
পৰিলহি কৰেনো
কলীয়া মেঘৰে
কিনো ভয়ে
লগা ছাঁ..
পৰিলহি কৰেনো
কলীয়া মেঘৰে
কিনো ভয়ে
লগা ছাঁ..
বুকুৰে চেনাই মোৰ
সাহেৰে যুজিলি তই
আনিবলে
পৰভাত
আছিল বা কিনো ই মাহ
আছিল বা
কিনো ই মাহ..!
জানোঁ যে গুচি গৈ
এলান্ধু কলীয়া
সময়ৰ
মায়াবী ছাঁ
জানোঁ যে গ’লিগৈ
মোৰে এই মাটিতে
ন পুৱতিৰ
বা
তোকে যে দেখিমেই
বহুতৰ মাজতে
আহিব
নতুন দিন মাহ..!
তোকে যে দেখিমেই
বহুতৰ মাজতে
আহিব
নতুন দিন মাহ..!
বুকুৰে চেনাই মোৰ
তাৰে সাহকনিকে লৈ
উৰালি
কৰেনো ছাঁত
আছিল বা কিনো ই মাহ
আছিল বা কিনো ই মাহ..!
নিশা নে পৰভাত
ব’হাগৰ
কেতেকীৰ
পাহিটি সৰি গ’ল
অচিনা
ধুমুহাত…৷৷
বোলছবি/এলবাম: ?
গায়ক/গায়িকা: দ্বিপেন
বৰুৱা
সংগীত পৰিচালক: ?
(ইউনিক’ড
ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment