হা: হা: হা: হা:
বিশ্বজুৰি বিয়পিছে
অট্টহাঁহি,
মহাদেশে, মহাদেশে
বাজে
বজ্ৰবাঁহী ৷
হাঁহিৰ বাঁহীৰ প্ৰালয়িকী ছন্দই
ফুলাই
তুলিছে
নতুন
সৃষ্টিৰ ভূমিকম্প ৷
মহা উন্মত্ত আস্ফালনেৰে
দুৰ্নিবাৰ
আঘাতেৰে
সংঘাতেৰে
ভাঙি-ছিঙি চূৰ্ন-বিচূৰ্ণ কৰি
অতীতৰ সংস্কৃতিৰ ভ্ৰান্তিময়ী
সপোন-প্ৰকাশ
মাটিৰ দিঠক মহাশূদ্ৰ
নৱতম
ৰুদ্ৰ হৈ
বজ্ৰঘোষে মহামানৱৰ
এক
নৱতম পূৰ্ণ বিকাশ ৷
কোটি কোটি চকুপানী-টোপালৰ
ওৰণি
লৈ,
যি সত্যই
মুক্তিৰ বাবে
প্ৰকাশৰ
সিংহদ্বাৰ
বিচাৰি
বিচাৰি,
বিশ্ব জুৰি---- কালে কালে
ফুৰিছিল
অনাই-বনাই,
মহামনীষাৰ মহামহত্বৰ
মনৰ
দুৱাৰেদি
যি
মুক্তি পাই
শত নিৰ্য্যাতন-নিপীড়ন জিনি
আজি
যি
ঘোষিলে
মহাৰণ
বধিবলে’ তাৰ প্ৰপীড়ক
কংসৰায়
---
শুভ্ৰ হীৰাৰ দৰে জ্যোতিৰ্ম্ময়
তাৰ
হিয়াখনি
জ্বলে তাত নতুন সৃষ্টিৰ
আগেয়ে
নেদেখা ছবি,
জাগে তাত--- নতুন সংস্কৃতিৰ
সুকুমাৰ
ৰবি ৷
হীৰাৰ দৰেই কিন্তু
অতিকে কঠোৰ
সেইখনি হিয়া
---
নৃশংসতাৰে যি মানুহক
গচকি-খচকি
শুহি শুহি খাই
অসুৰৰ স্বৰ্গ ৰচি প্ৰমোদৰ
কাৰেঙত
থাকি
মষিমূৰ কৰি পৃথিৱীৰ ন্যায়
নিৰ্ব্বিকাৰে টোপনি যায় ;
সিহঁতৰ বাবে নাই, নাই, নাই
কোনো
অনুকম্পা নাই,
সেই
জ্যোতিৰ্ম্ময়-বজ্ৰকঠোৰ
অন্তৰত--- নাই, নাই, নাই
কোনো অনুকম্পা নাই ৷
[জ্যোতিপ্ৰসাদ
আগৰৱালাদেৱৰ কবিতা]
[ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া]
No comments:
Post a Comment