[জয়মতীৰ আত্মাৰ উক্তি]
মই অক্লেদ্য
মই
অচ্ছেদ্য
মই
অদাহ্য
চানেকিৰো চানেকি মহাচানেকি মই
দিঠকৰ
সত্য,
মহামানৱৰ ময়ে আদৰ্শ সনাতন
কাললৈ নুমাই জ্বলোঁ চিৰকাল মই চিৰনিত্য
ময়ে
মহাসত্য ৷
জগাবলে’ নিষ্পেষিত
দলিত
ধৰিত্ৰী,
প্ৰতিৰোধ কৰিবলে’
পাশৱীয় শকতিৰ উন্মত্ত বিলাস,
অমোঘ শকতি লৈ
আঁচলত
মোৰ
জাগোঁ
অহোৰাত্ৰী ৷
জাগ আজি পৃথিৱীৰ
নিষ্পেষিত
ধৰ্ষিত
দলিত
স্খলিত যত
হতবীৰ্য্য
নিৰাশ মানৱ !
দিবলৈ তহঁতক শকতিৰ অগ্নিবাণ
পিন্ধাবলে’
বিজয়ী তিলক,
পাৰে পাৰে জ্বলি আছোঁ জয়সাগৰৰ
দিগন্ত পোহৰ কৰি
অনিৰ্ব্বাপিত মই প্ৰদীপ্ত আহৱ
ব্যৰ্থ কৰি জেৰেঙাৰ শত অত্যাচাৰ
ৰোধি-গচকি মই আসুৰীয় শকতিৰ
শত
অবিচাৰ
ভেদিলোঁ ছলনা পাশৱিক ক্ৰুৰতাৰ ৷
পণ্ড কৰি অভিযান
অন্ধ
ক্ষমতাৰ
জয়সাগৰৰ
পাৰে পাৰে
ফুৰোঁ
মই পূৰ্ণিমাই পূৰ্ণিমাই
থাকি
উজাগৰে ৷
দেখিছনে অসমীয়া
দেখিছনে
ভাৰতৰ দলিত মানৱে
দেখিছনে পৃথিৱীৰ
দেশ-বিদেশৰ
শক্তিহীন
আৰ্ত্ত সবে ?
আছোঁ মই আজিও জীয়াই
অজেয়
আতমা লৈ
মৃত্যুহীনা
মই
কলিৰ
প্ৰদীপ হৈ
অসমৰ
কোলা শুৱাই ;
চালে দেখিবি মোক জয়সাগৰত
পূৰ্ণিমাৰ
নিশাই নিশাই ৷
ব্যৰ্থ কৰিলে যত পশু-শকতিৰ
নিৰ্ম্মম
অপঘাত
আসুৰীয় সভ্যতাক প্ৰতিৰোধ কৰিবলে’
জগাবলে’
অব্যৰ্থ সংঘাত,
উদ্বোধিত কৰিবলে’
আত্মাৰ শক্তিৰ
অসুৰবিনাশী
বজ্ৰপাত ৷
অমোঘ মন্ত্ৰৰ ময়ে মন্ত্ৰদাত্ৰী
দধীচি-ত্যাগৰ
কৰি পুনৰাভিনয়
জেৰেঙাত
অস্থি দিলোঁ
ৰচিবলে’
নবীন ধৰিত্ৰী ৷
মহামানৱৰ
দৈৱী
বিজয়ৰ
আলোক-বন্তি
ময়ে
ময়ে
জয়মতী,
কালাগ্নি জিনি মই
জ্বলোঁ জয়সাগৰত
শকতি-যজ্ঞ সম
কেতিয়াও
নুনুমায় প্ৰেৰণাৰ বাঁতি
নৱালোক
দূতী ৷
উদ্বোধিত যত
দৈৱী
মানৱৰ
অভ্ৰান্ত
ভাগ্যৰ
ময়ে
বাট দেখূৱাওঁ
ময়ে
মহাসতী
মই পুণ্যৱতী,
ধ্ৰুবতাৰকা
সম জ্বলন্ত জ্যোতি ৷
[জ্যোতিপ্ৰসাদ
আগৰৱালাদেৱৰ কবিতা]
[ইউনিক’ড ৰূপান্তৰ : দিগন্ত শইকীয়া]
No comments:
Post a Comment