অনুসন্ধান আকাংক্ষাত

Thursday, June 27, 2013

মৃত্যু






হে মৃত্যু নমস্কাৰ !

      চকুপানীৰে---

                তোৰ পূজাৰ শৰাই

                         ইমান জাতিস্কাৰ ৷

অন্ধকাৰৰ সিপাৰে জ্বলিছে

                 তোৰ পোহৰৰ দেশ ,

তোৰ দেশলৈ যাবলৈ কোনে

                 পিন্ধিলে নতুন বেশ ?

পৃথিৱী জুৰি অহোৰাত্ৰি

                  তোৰ দেশলৈ যাব যে যাত্ৰী

                  চিৰমৌন বিশ্বমাতৃ

মুক্তিদাত্ৰী !

বিশ্ব জুৰি চকুৰ পানীৰে

লৱ অনন্ত পূজা

হে চিৰনুবুজা 



[জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কবিতা]
[ইউনিকড ৰূপান্তৰ: দিগন্ত শইকীয়া]

No comments: