ছবি অঁকা শিল্পী নহওঁ মই
যদিও আকোঁ ছবি
গান-কবিতাৰ শিল্পী নহওঁ
যদিও ময়েই কবি ৷
কলাৰ মাজত যদিও প্ৰকাশ মোৰ
জীৱন-কলাক ধুনীয়া কৰি
মানুহকেই মানুহ কৰি
থৈ যাবলৈ
বাস্তৱৰেই কেন্দ্ৰস্থলীত
লৈছোঁ স্থিতি
যুঁজিবলৈ দুষ্কৃতিক দুৰ্ঘোৰ ।
শিল্পীৰ মই পালো যে নতুন অৰ্থ,
মানুহৰ মহাসত্য
মানুহ শিল্প, মানুহ
কেন্দ্ৰী
মানুহেই
নিত্যাতীত,
মানুহৰ মই ন-ৰূপ দিম,
পৃথিৱীখনকো পুনৰ গঢ়িম
মোৰ
ই দৃষ্টিৰ, নতুন সৃষ্টি
অৱশ্যে
অব্যৰ্থ,
আজি
জীৱনৰ অগ্নিক্ষণত
স্বাগত
সতী্থ ৷
[‘ফিৰিঙতি’লৈ
দিয়া হৈছে]
[জ্যোতিপ্ৰসাদ
আগৰৱালাদেৱৰ কবিতা]
[ইউনিক’ড ৰূপান্তৰ : দিগন্ত শইকীয়া]
No comments:
Post a Comment