- সাধক -
মই ইয়াৰে সাধক,
প্ৰভু ! ইয়াৰে সাধক
সৰল
শিশুৰ প্ৰাণ,
প্ৰভু মোক কৰা দান
গুচাই
পাপক
কপটতা কৰা দূৰ
হিংসা-দ্বেষ কৰা চুৰ
অন্তৰ পবিত্ৰ কৰা সৰলতা
শিকোৱা
বিশ্বক
মই ইয়াৰে সাধক,
প্ৰভু ! মই ইয়াৰে সাধক ;
নিস্বাৰ্থ প্ৰেমিক দান
মিনতি
তোমাক,
হৃদয়ৰ যিমান মোৰ
স্বাৰ্থতে অন্ধলা ঘোৰ
আঁতৰাই পাৰোঁ যেন সাৱটিব
সুন্দৰ
বিশ্বক
মই
ইয়াৰে সাধক,
প্ৰভু
! ইয়াৰে সাধক ৷
ধৰি কৰ্ম্মৰ কঠোৰ ব্ৰত
উপেক্ষি বিঘিনি শত
(যেন) বিচাৰোঁ লক্ষ্যক,
ত্যাগৰ
অগ্নিত পুৰি
সাধনাৰ বনলতি ধৰি
সম্বোধিব পাৰোঁ যেন
কৰ্ম্মী
জগতক
মই ইয়াৰে সাধক,
প্ৰভু ! ইয়াৰে সাধক ৷
সত্যত আশ্ৰয় থাপি
গোটেই জীৱন ব্যাপি
বিশ্বৰ
সেৱক
দয়া ক্ষমা ভক্তি লৈ
বিশ্বাসী পবিত্ৰ হই
হওঁ যেন প্ৰভু মই
নিষ্কামী সাধক
মই ইয়াৰে সাধক,
প্ৰভু ! ইয়াৰে সাধক ৷
আৰু এটি মাথোঁ মোক
গুচিব পিয়াহ-ভোক
তোমাৰেযে দান,
মহা মহা পুৰুষৰ
ই যে শ্ৰেষ্ঠ জীৱনৰ
দিয়া সেই মনুষ্যত্ব
শ্ৰেষ্ঠ
উপাদান,
হৃদয়ৰ পদ্ম ধৰো
অশেষ ভক্তি কৰোঁ
বিশ্বৰ
স্ৰজক ৷
শোক-তাপ, পাপ এৰি
হিংসা-দ্বেষ পৰিহৰি
সকলো মানৱ আজি,
একেটি সুৰতে বাজি
মৰমৰ পৃথিৱীতে
স্বৰগ
থাপক
মই ইয়াৰে সাধক,
প্ৰভু ! ইয়াৰে সাধক ৷
[জ্যোতিপ্ৰসাদ
আগৰৱালাদেৱৰ কবিতা]
[ইউনিক’ড ৰূপান্তৰ : দিগন্ত শইকীয়া]
No comments:
Post a Comment