অনুসন্ধান আকাংক্ষাত

Tuesday, June 4, 2013

নাহৰৰে কলি দেখিছাঁ নে নাই (দ্বৈত কণ্ঠত)





Assamese Song:    NAHORORE KOLI 
Album:                      Moromi
Singer:  Dwipen Baruah & Namita Bhattacharya 
Music Director:       Ramen Baruah
Year:                                      ?

পুৰুষ:-  নাহৰৰে কলি দেখিছাঁ নে নাই

তোমাৰ চকুযুৰি দেখোঁ তেনেকুৱাই

এনে নাই নাই নাই

দেখা নাই !

নাৰী :- যা: ছি ছি লাজ লাগি যায়...

পুৰুষ:- নাহৰৰে কলি দেখিছাঁ নে নাই

তোমাৰ চকুযুৰি দেখোঁ তেনেকুৱাই

এনে নাই নাই নাই

দেখা নাই !

নাৰী :- ছি ছি লাজ লাগি যায়...
-                  

পুৰুষ:-  ল ডাঙৰ আইজনী

             গাত নাইচোন তৰণি

             চাই চাই মৰম লাগি যায়..!

নাৰী :-   ৰং লগাই নিদিবা

              মন উৰা মাৰিব

              হেৰুৱালে পাবলৈ নাই..!

পুৰুষ:-   কাৰেং যে সোণেৰে সজা..!

              কেনে মজা ৰাণী হবা

              আনি দিম ৰজা..

নাৰী :-   যা: ছি ছি লাজ লাগি যায়...

পুৰুষ:-  নাহৰৰে কলি দেখিছাঁ নে নাই

তোমাৰ চকুযুৰি দেখোঁ তেনেকুৱাই

এনে নাই নাই নাই

দেখা নাই !

নাৰী :-  ছি ছি লাজ লাগি যায়...

-

পুৰুষ:- চাট মাৰি ধৰিছে

             ৰূপ নে জুই জ্বলিছে

             দেহা জ্বলি দেই পুৰি যায়...

নাৰী :-   ভালপোৱা গংগালৈ

             তাত গা ধুই আহাঁগৈ

              তাতকৈ কি দিম উপায়...!

পুৰুষ:-    সেইখন নৈ বাৰু কেনি ?

                কিযে কৰোঁ অকলে

    নাপাওঁ মই চিনি..

নাৰী :-     ছি ছি লাজ লাগি যায়...

পুৰুষ:-    নাহৰৰে কলি দেখিছাঁ নে নাই

তোমাৰ চকুযুৰি দেখোঁ তেনেকুৱাই

এনে নাই নাই নাই

দেখা নাই !

নাৰী :-  ছি ছি লাজ লাগি যায়...

পুৰুষ:- নাহৰৰে কলি দেখিছাঁ নে নাই

তোমাৰ চকুযুৰি দেখোঁ তেনেকুৱাই

এনে নাই নাই নাই

দেখা নাই !

নাৰী :-   ছি ছি লাজ লাগি যায়...

              ছি ছি লাজ লাগি যায়...

               ছি ছি লাজ লাগি যায়...

              ছি ছি লাজ লাগি যায়...

              ছি ছি লাজ লাগি যায়... ৷৷




বোলছবি/এলবাম:   মৰমী 
গায়ক/গায়িকা:  দ্বিপেন বৰুৱা & নমিতা ভট্টাচাৰ্য্য 
সংগীত পৰিচালক: ৰমেন বৰুৱা 
(ইউনিকড ৰূপান্তৰ: দিগন্ত শইকীয়া)

No comments: