Assamese Song: Ki
Khil Khil
Album: Megh Mukti
Singer: Nirmala
Mishra and Archana Mahanta
Lyrics: Keshav
Mahanta
Director: Bandhu
Music Director: Khagen Mahanta
Year: 1979
কি খিল খিল, খিল খিল
হাঁহিৰে ক’লাহি..
ফুলৰ এই ৰঙৰ সভাত !
গাঁঠা গাঁঠা, গাঁঠা তোমাৰ !
মালিকা গাঁথাহি..!
কি খিল খিল, খিল খিল
হাঁহিৰে ক’লাহি..
আহা..... (আলাপ) !
মোৰ আলোক কোৱাঁ
মৰমৰ জোনক সানি দিওঁ নে ?
মোৰ মৰমীয়া !
হৃদয়ৰ সোণক সানি দিওঁ নে ?
মই দিওঁনে তাতেই... !
মই দিওঁনে তাতে
মৰম সৰস সপোন সনা সোণ হাঁহি
ফুলৰ এই ৰঙৰ সভাত !
গাঁঠা গাঁঠা, গাঁঠা তোমাৰ !
মালিকা গাঁঠাহি..!
কি খিল খিল, খিল খিল
হাঁহিৰে ক’লাহি..
মোক কোনে কবা
আজি কিয় ইমান আপোন লাগিছে ?
মোক কোনে কবা !
আজি কিয় সোণৰ সপোন জাগিছে..?!
আহা..... (আলাপ) !
সোণ তুমি বাৰু .!
আঁৰে আঁৰে মন মোৰ কাঢ়িছাঁ !
সোণ তুমি বাৰু !
বাৰে বাৰে ছবি হৈ জাগিছাঁ..
মোৰ জীৱন ভৰেই !
মোৰ জীৱন ভৰেই
হিয়া জ্বলি সাজে তোমাৰ মন বাঁহী !
ফুলৰ এই ৰঙৰ সভাত !
গাঁঠা গাঁঠা, গাঁঠা তোমাৰ !
মালিকা গাঁঠাহি..!
কি খিল খিল, খিল খিল
হাঁহিৰে ক’লাহি..
কি খিল খিল, খিল খিল
হাঁহিৰে ক’লাহি..
কি খিল খিল, খিল খিল
হাঁহিৰে ক’লাহি..
৷৷
বোলছবি/এলবাম: মেঘ মুক্তি
গায়ক/গায়িকা: নিৰ্মলা
মিশ্ৰ আৰু অৰ্চনা মহন্ত
গীতিকাৰ (কথা) : কেশৱ মহন্ত
পৰিচালক :- বন্ধু
সংগীত পৰিচালক: খগেন
মহন্ত
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment