Assamese
Song: Jai Eri Jai
Album: Raja Harichandra
Singer: Dwipen
Baruah
Lyrics: Keshav Mahanta
Director: Diban Baruah
Music
Director: Ramen Baruah
Year: 1980
যায়… এৰি যায়…!!
যায় !....
যায় এৰি যায় অ’
কাৰেং সোণালী
যায় এৰি যায় অ’
কাৰেং সোণালী
এই আছে এই নাই !
যেন নৈৰে বালি
যায় এৰি যায় অ’
কাৰেং সোণালী
নিয়তি তোমাৰ
ই কি ছলনা
পুতলা খেলিব মাথোঁ জানা..!
এই সিংহ কোন ?
এই ৰাজকোষ কাঢ়ি..!
ৰজাক কৰিলা বনচাৰী !
সৰ্বস্বান্ত কৰি
কৰা কি ধেমালি
এই আছে এই নাই
যেন নৈৰে বালি
যায় এৰি যায় অ’
কাৰেং সোণালী
তুমি মহাৰাজ
আহি দিছিলাঁ
সহস্ৰ সুবৰ্ণ মুদ্ৰা !
সেই তুচ্চ ধন
আজি তাকেই বিচাৰি
এৰিলা ভাগৰ নিদ্ৰা
কাল মেঘে ভাগে
তোমাৰ তৰালি
এই আছে এই নাই
যেন নৈৰে বালি
যায় এৰি যায় অ’
কাৰেং সোণালী ৷৷
বোলছবি/এলবাম: ৰজা
হৰিচন্দ্ৰ
গায়ক/গায়িকা: দ্বিপেন
বৰুৱা
পৰিচালক
: দ্বিবন
বৰুৱা
সংগীত পৰিচালক: ৰমেন
বৰুৱা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment