Assamese Song: O
Maya Bhora Ei Dhora
Album: Bhaiti
Singer: Khagen
Mahanta
Music Director: Ajit Singh
Year: 1972
অ’....
মায়া ভৰা এই ধৰা..
মোহৰে আৱৰা..
আন্ধাৰে আৱৰা
বুলিলে
উজুতি খাওঁ
বুলিলে
উজুতি খাওঁ
অ’....হ’.. !
হাঁহি ভৰা এই হিয়া...
ভাগৰি জুগৰি !
এই একাজলি
বিষাদৰে
গীত গাওঁ..
বিষাদৰে
বীণ বাওঁ
অ’...হ’. .!
মায়া ভৰা এই ধৰা..
বতাহত নুমালে
গচকি চাকিটি
গোঁসাই মোক নিদিবা শাও
বতাহত নুমালে
গচকি চাকিটি
গোঁসাই মোক নিদিবা শাও
পাৰ কৰি নিবা !
গুৰিত ধৰি !
পাৰ কৰি নিবা
তুমি গুৰিত ধৰি..!
এই বুৰো বুৰো নাও !
গোঁসাই মোৰ
জীৱনৰ তুলুঙা নাও
জীৱনৰ তুলুঙা নাও
অ’....হ’... !
মায়া ভৰা এই ধৰা..
মোহৰে আৱৰা..
আন্ধাৰে আৱৰা
বুলিলে
উজুতি খাওঁ
বুলিলে
উজুতি খাওঁ
অ’....হ’... !
মায়া ভৰা এই ধৰা.. ৷৷
বোলছবি/এলবাম: ভাইটি
গায়ক/গায়িকা: খগেন
মহন্ত
সংগীত পৰিচালক: অজিত
সিংহ
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment