Assamese Song: Ei
khan Samaj
Album: Lalita
Singer: Dwipen
Baruah
Director: Brajen
Baruah
Music Director: Ramen
Baruah
Year: 1972
এইখন সমাজ.. আমাৰ সমাজ
-
ইউৰো - অসমীয়া… ৰাতিৰ সমাজ
-
ইকুল নাপাওঁ আমি সিকুল নাপাওঁ যেন
মাজ পানীত ৰৈ থকা অচল জাহাজ
এইখন সমাজ আমাৰ সমাজ
ইউৰো - অসমীয়া ৰাতিৰ
সমাজ
ইকুল নাপাওঁ আমি, সিকুল নাপাওঁ যেন
মাজ পানীত ৰৈ থকা অচল জাহাজ !
এইখন সমাজ আমাৰ সমাজ
-
অতিকৈ চেনেহৰ মূগাৰে মেখেলা
তাতোকৈ চেনেহৰ ৰিহা !
তাতোকৈ চেনেহৰ টেৰেলিন শাড়ীৰে
শুৱনি কৰে যে দেহা (মিচেচ কেক্তী হাও দু য়ু দু)
উদং বাহু আৰু উদং পিঠি !
নাইলন চুলিৰে লেডী কৈলা পটি !
উদং বাহু আৰু উদং পিঠি !
নাইলন চুলিৰে লেডী কৈলা পটি !
ডিগম্বৰ জঁটাধাৰী !!
লৰ্ড কৈলাশপতি..
আহিলে ইয়ালৈ পাৰ্বতী নাই !
এইখন সমাজ আমাৰ সমাজ
-
এঙাৰ কলীয়া ৰং হ’লেও
বিলাতী চাহাবী ধং
বিহুগীত নালাগে, বৰগীত নালাগে
গাওঁ আমি মদাৰ্ন পপ্ চং
মিচেচ পাতাঙ্গীয়া হাও দু য়ু দু ?
-
ভাত নাখাওঁ আমি খাওঁ ডিনাৰ লাঞ্চ
গামোচাৰে মুখ মচি নাচো বল ডাঞ্চ !
ভাত নাখাওঁ আমি খাওঁ ডিনাৰ লাঞ্চ
গামোচাৰে মুখ মচি নাচো বল ডাঞ্চ !
-
শুনা শুনা সৰ্বজন..
ৰাম-চৰিত বিতোপন..
ৰাম-ৰস পান কৰাত নাই কোনো লাজ!
এইখন সমাজ আমাৰ সমাজ..
-
ইউৰো - অসমীয়া ৰাতিৰ
সমাজ..
-
ইকুল নাপাওঁ আমি, সিকুল নাপাওঁ যেন
মাজ পানীত ৰৈ থকা অচল জাহাজ
এইখন সমাজ আমাৰ সমাজ ৷৷
বোলছবি/এলবাম: ললিতা
গায়ক/গায়িকা: দ্বিপেন
বৰুৱা
পৰিচালক : ব্ৰজেন
বৰুৱা
সংগীত পৰিচালক: ৰমেন
বৰুৱা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment