সৌ সীমাৰ সিপাৰে তৃপ্তি আমাৰ
মাজত তৃষাৰে নৈ।
সাগৰ তীৰত পৰি ৰ’লোঁ আমি
শামুকৰ খোলা হৈ
মাজত তৃষাৰে নৈ।
ওঁঠত আমাৰ ভাষা নাই নাই
গাবলে’ হাজাৰ গান
ধৰাৰ মদিৰা ভৰাই ল’বলে
নাই যে সহজ প্ৰাণ,
মন গহনত জীৱন তৃষাৰ
চিৰ হাহাকাৰ লৈ
মাজত তৃষাৰে নৈ।
সাগৰ তীৰত…
পৃথিৱীকে আমি ভাল পোৱা দিওঁ
অযুত সাধুকে কৈ
আকাশকে আমাৰ বুকুৰ মৰম
গোপনে গোপনে থৈ
হেঁপাহ আমাৰ আমাৰ হেঁপাহ
মাটিত নুগুছে
পোৱাকে সহজে লৈ
মাজত তৃষাৰে নৈ।
[ভূপেন হাজৰিকাদেৱৰ কণ্ঠেৰে নিগৰিত গীত]
(ইউনিক’ড ৰূপান্তৰ: গীতাৰ্থ বৰদলৈ,
৭ নৱেম্বৰ,২০১১)
No comments:
Post a Comment