Assamese Song: Maa
O Maa
Album: Bhaiti
Singer: Arati Mukharjee
Music Director: Ajit Singh
Year: 1972
মা.. অ’ মা....!
কৰা মোক ক্ষমা..
নাজানি
লগালোঁ জগৰ
ইমান আপোন..!
আছিলোঁ তোমাৰ..
আজি নকৰিবা
পৰ
আজি নকৰিবা পৰ
মা.. অ’ মা....!
কৰা মোক ক্ষমা !
তোমাৰ হাতৰ আদৰেৰে !
তোমাৰ মাতৰ সাদৰেৰে !
তোমাৰ হাতৰ আদৰেৰে
তোমাৰ মাতৰ সাদৰেৰে !
তোমাৰ কোলাৰ সুৰ লৈ
আছিলোঁ উমলি
নিচিঙিবা নিচিঙিবা
এই এনাজৰি গছি
আশা যাব উ..ৱলি
মোৰ ! মৰম...
মা.. অ’ মা.. !
কৰা মোক ক্ষমা !
আপোনৰো আপোনকিজন !
আগত দি থৈ ভাঙিলা মন
আপোনৰো আপোনকিজন !
আগত দি থৈ ভাঙিলা মন
ভাবি ভাবি চকুপানী
বয় ধাৰাসাৰে..!
মা.. অ’ মা আকোৱালি
লোৱাহি আকৌ তুলি
তোমাৰেই ! হাতেৰে..
তুলি লোৱা সাদৰেৰে ৷৷
বোলছবি/এলবাম: ভাইটি
গায়ক/গায়িকা: আৰতি মুখাৰ্জী
সংগীত পৰিচালক: অজিত
সিংহ
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment