Assamese Song: Dudinor Karoney Misatey
Album: Mon
aru Morom
Singer: Dwipen
Barua
Director: Diban Barua
Music Director: Ramen Barua
Year: 1980
দুদিনৰ কাৰণে
মিচাতে সজালোঁ
সোণৰে দেহাটি
ভাই
সোণৰে দেহাটি
ভাই
হেৰালে মাণিক
পৰিব পানী
হেৰালে মাণিক
পৰিব পানী
কান্দিলে
চাবলৈ নাই
মোৰ গুৰু ঐ
কান্দিলে
চাবলৈ নাই ৷
এ হৰি এ !
ধন ধন কৰি
মই ধন সঞ্চিলোঁ
বহুদিন খামে
লম বুলি
ধন লৈ পৰি
দেহা গৈ নচলি
ধন লৈ পৰি
দেহা
গৈ নচলি
যেন কচুপাতৰ পানী
মোৰ গুৰু ঐ
ধন লগতে নাযায়...
এ হৰি এ !
ধন ধন কৰি
মই ধন সঞ্চিলোঁ
পকাইলো মূৰৰে চুলি
জীয়াই থাকোঁতে !
টানি বাগি
পৰে
জীয়াই থাকোঁতে
টানি বাগি
পৰে
ঘৰ চোৱা যাব বুলি
মোৰ গুৰু ঐ
ঘৰ লগতে নাযায়...
এ হৰি এ !
বাৰীৰে পাছৰে
জাতি বাঁহ এজুপি
সিও মোৰ সোদৰৰ ভাই..
জীয়াই থাকোঁ মানে !
কৰোঁ কাঠি কামি
জীয়াই থাকোঁ মানে !
কৰোঁ কাঠি কামি
মৰিলে লগতে যায়
মোৰ গুৰু ঐ
মৰিলে লগতে যায়... ৷
এ হৰি এ !
মায়ে কান্দোন কান্দে
হাকোতাই হাকোতাই বুলি
ভনী কান্দোন কান্দে চাই
পতিৰে ভাৰ্য্যাই
কান্দো কান্দিছে
পতিৰে ভাৰ্য্যাই
কান্দো কান্দিছে
হেৰা মোৰ প্ৰাণ গোঁসাই !
মোৰ গুৰু ঐ
হেৰা মোৰ প্ৰাণ গোঁসাই …
তলে ধাৰি দিয়া
বুকে বাঁহত দিয়া !
আপোন পৰিয়ালে বান্ধে...!
অগণিৰ বুকুতে
দেহটি জাপি দি
অগণিৰ বুকুতে
দেহটি জাপি দি
তাতে অকলশৰে কান্দে
মোৰ গুৰু ঐ
কোনো লগতে নাযায়...
দুদিনৰ কাৰণে
মিচাতে
সজালোঁ
সোণৰে দেহাটি ভাই
সোণৰে দেহাটি ভাই ৷৷
বোলছবি/এলবাম: মন
আৰু মৰম
গায়ক/গায়িকা: দ্বিপেন
বৰুৱা
পৰিচালক :- দ্বিবন বৰুৱা
সংগীত পৰিচালক: ৰমেন
বৰুৱা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment