Assamese Song: Jheri
Jheri Kori Barokha
Album: Sadori
Singer: Namita
Bhattacharya,Atul Medhi
Lyrics
: Hemanta
Dutta
Director: Pulak
Gogoi
Music Director: Kula-Atul
Year: 1981
নাৰী :- ঝিৰি
ঝিৰি ঝিৰি !
বৰষা নামিছে
এনেটো বতৰত
নেউচি কোন
থাকে..?
পুৰুষ:- দেহা ভৰা...
কামনাৰে
জুই...!
দেহা
! ভৰা
কামনাৰে
জুই...!
নাৰী :- বৰষুণে
নুমাব যে
চুই..
শাওণে কৈ থাকে
ঝিৰি ঝিৰি ঝিৰি !
বৰষা নামিছে..
পুৰুষ:- গুজৰি
গুমৰি বুকুৰে বাতৰি ক’লে
ডাৱৰে,
মাটিলে চাই..
নাৰী :- মাটিয়ে
উলহে বৰষা সাৱতি ল’লে
মৰম,
উন্মখে চাই ..!
বিজলীয়ে
ক’লে
এইটো
সময়
!
মাটিয়ে
আকাশে একাকাৰ হয়..
পুৰুষ:- মৰম
আহে..,
বৰষা ৰূপে..!
মৰম
আহে..,
বৰষা ৰূপে..!
হিয়াকে
উপচাই..
নাৰী :- ঝিৰি
ঝিৰি ঝিৰি !
বৰষা নামিছে..
পুৰুষ:- গপতে
উপচি নদীয়ে ধাপলি মেলে
সাগৰ,
চুবলৈ..
গপতে
উপচি নদীয়ে ধাপলি মেলে
সাগৰ,
চুবলৈ..
নাৰী :- সাগৰো
থাকে.. হেঁপাহেৰে ৰৈ..!
কেতিয়া
আহিব লগৰীয়া লৈ...
পুৰুষ:- সাগৰ
আৰু.. নদী মিলি যায়...
সাগৰ
আৰু.. নদী মিলি যায়...
হিয়াকে
উদঙাই..
নাৰী :- ঝিৰি
ঝিৰি ঝিৰি !
বৰষা নামিছে
ঝিৰি ঝিৰি ঝিৰি !
বৰষা নামিছে
ঝিৰি ঝিৰি ঝিৰি !
বৰষা নামিছে
৷৷
বোলছবি/এলবাম: সাদৰী
গায়ক/গায়িকা: নিৰ্মলা
ভট্টাচাৰ্য্য আৰু অতুল মেধি
পৰিচালক : পুলক গগৈ
সংগীত পৰিচালক: কুল-অতুল
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment