Assamese Song: Rupahi
kobaney muk
Album: Megh Mukti
Singer: Archana
Mahanta
Lyrics: Keshav
Mahanta
Director: Bandhu
Music Director: Khagen Mahanta
Year: 1979
ৰূপহী ক’বানে মোক
ক’ত থাকে সেই
ৰূপহ কোঁৱৰ ?
ৰূপে যাৰ বুকুত তোমাৰ..
ৰূপে যাৰ !
ৰূপে যাৰ বুকুত তোমাৰ
তোলে আজি প্ৰেমৰ লহৰ
সপোনত দেখিলানে
কিমান মুগ্ধ ?!
তুমি এনে উষা যেন
তেওঁ অনিৰূদ্ধ !
তুমি জানোঁ তেওঁৰে নদী ?
তুমি জানোঁ ?
তুমি জানোঁ তেওঁৰে নদী
তেওঁ তোমাৰ সাগৰ
ৰূপহী ! ৰূপহী ক’বানে
মোক
ক’ত থাকে সেই
ৰূপহ কোঁৱৰ ?
মই যে তোমাৰ প্ৰেমৰ
দৰদী চিত্ৰলেখী
মই যে তোমাৰ প্ৰেমৰ
দৰদী চিত্ৰলেখী
মই যে তোমাৰ সপোন
অঁকা মৰমেই সখী !
নাচেনে চকুত তোমাৰ !
কোঁৱৰৰ স্বপ্ন,সেই কোঁৱৰৰে স্বপ্ন ?
নাচেনে চকুত তোমাৰ
কোঁৱৰৰ স্বপ্ন ?
তুমি আজি তাৰে
সাধনাতে মগ্ন ?
যাওঁ নে সখী দ্বাৰকালে ?
যাওঁ নে সখী ?
যাওঁ নে সখী দ্বাৰকালে ?
জনাওঁ তোমাৰ খবৰ..
ৰূপহী ! ৰূপহী ক’বানে
মোক
ক’ত থাকে সেই
ৰূপহ কোঁৱৰ ?
ৰূপহী ক’বানে মোক
ক’ত থাকে সেই
ৰূপহ কোঁৱৰ ৷৷
বোলছবি/এলবাম: মেঘ মুক্তি
গায়ক/গায়িকা: অৰ্চনা
মহন্ত
গীতিকাৰ (কথা) : কেশৱ মহন্ত
পৰিচালক :- বন্ধু
সংগীত পৰিচালক: খগেন
মহন্ত
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment