Assamese Song: Hun
Mur Tuponi Jai
Album: Mon
aru Morom
Singer: Namita Bhattacharya
Director: Diban Barua
Music Director: Ramen Barua
Year: 1980
সোণ মোৰ টোপনি যায় অ’
সোণ মোৰ ঘূমটি যায়...
ইকৰাৰে নাও সাজি
খাগৰিৰ বঁঠা লৈ
সোণে মোৰ জোনৰ দেশলৈ ..!
যায় অ’
সোণ মোৰ টোপনি যায় অ’
সোণ মোৰ ঘূমটি যায়...
আকাশৰে
তৰাবোৰে
সখী পাতি
সোণে সতে
উৰে নিশাৰ কত গীত গায়..!
টুপ টুপ নিয়ৰৰে
নিচুকনি গীতেৰে
সোণৰ চকুতে মোৰ
সপোনৰ গোন্ধ সানি যায়
সোণ মোৰ টোপনি যায় অ’
সোণ
মোৰ ঘূমটি যায়...
শাৰী শাৰী জোনাকীয়ে
মৰমৰ গীতেৰে
সোণক মাতে ৰিঙিয়াই অ’..
ৰিঙিয়াই..!
থুপি থুপি তৰাৰে
জোক জোক বৰষুণ
থপিয়াই জোনৰ মোৰ
মোলৈকে আছে বাট চাই...!
সোণ মোৰ টোপনি যায় অ’
সোণ
মোৰ ওঁ হু...ওঁ... ৷৷
বোলছবি/এলবাম: মন
আৰু মৰম
গায়ক/গায়িকা: নমিতা ভট্টাচাৰ্য্য
পৰিচালক :- দ্বিবন বৰুৱা
সংগীত পৰিচালক: ৰমেন
বৰুৱা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment