Assamese Song: Kelei
Huk Kora
Album: Megh Mukti
Singer: Dwigen
Mahanta
Director: Bandhu
Music Director: Khagen Mahanta
Year: 1979
কেলৈ শোক কৰা ?
অ’ কেলৈ দুখ
কৰা ?
আনি দিব পাৰোঁ মইনা
সৰগৰে তৰা
কৰি দিব পাৰোঁ মনটো !
কৰি দিব পাৰোঁ মনটো !
ৰঙে ! ৰসে ভৰা
কেলৈ শোক কৰা ?
অ’ কেলৈ দুখ
কৰা ?
নাহি কোন থাকিব পাৰে !
তোমাৰ ওচৰলে - তোমাৰ ওচৰলে !
অ’ পলম হ’ব
মইনা
চিন্তা কৰা কেলে মইনা ?
চিন্তা কৰা কেলে ?
সেয়ে মইনা হ’ব কইনা(ই)
নাই ভয় নাই , ভয় নাই, ভয় নাই !
সাঁজি কাঁচি আহি আছে !
সাঁজি কাঁচি আহি আছে !
আমাৰ ! নতুন দৰা !
কেলৈ শোক কৰা ?
অ’ কেলৈ দুখ
কৰা ?
পিন্ধাই দিম হাতকড়ি
গঢ়াই দিম গলেপতা
জোনবিড়ি, আঙঠি, খাৰু !
সূতা বচাঁ দোলাই দিম
মিনাকৰা গেজেৰা
আৰু কি লাগিব বাৰু ?!
শিৰ পোৰাই সেন্দুৰ !
কাণফুলি মঞ্জুৰ ?
কেচ্ দিয়া ৰিহা !
কি মজা আহা !
আহা ! আহা ! আ..হা..হা...... !!
হৰ-গৌৰী বাস হয় যেন !
হৰ-গৌৰী বাস হয় যেন !
ৰঙৰ ৰসে ভৰা !
কেলৈ শোক কৰা ?
অ’ কেলৈ দুখ
কৰা ?
কেলৈ শোক কৰা ?
অ’ কেলৈ দুখ
কৰা ?
হ’ল !
বোলছবি/এলবাম: মেঘ মুক্তি
গায়ক/গায়িকা: দ্বিগেন
মহন্ত
গীতিকাৰ (কথা) : কেশৱ মহন্ত
পৰিচালক :- বন্ধু
সংগীত পৰিচালক: খগেন
মহন্ত
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment