Assamese Song: Karo
Jorey Mango Prabhu
Album: Bohagor
Duporiya
Singer: Shanta
Sharma
Music Director: Bhupen Ujir
Year: 1985
কৰযোৰে মাগোঁ প্ৰভু
কৰুণা তোমাৰ..
কৰযোৰে মাগোঁ প্ৰভু
কৰুণা তোমাৰ..
জ্ঞানো জানো !
প্ৰভু তুমি !
দয়াৰে আধাৰ
দয়াৰে আধাৰ..
কৰযোৰে মাগোঁ প্ৰভু
কৰুণা তোমাৰ
শুনিছোঁ তোমাৰ নাই..
ভেদাভেদ জ্ঞান..
সুখী দুখী শাপী তাপী
সকলো সমান..
অবুজ বালক মই নাপাওঁ
একোৱেই পাৰ..
চকু মেলি চোৱা প্ৰভু
মাথো এটিবাৰ.. !
মাথো এটিবাৰ..
কৰযোৰে মাগোঁ প্ৰভু
কৰুণা তোমাৰ
দয়াময় কিদৰে মোৰ..
প্ৰাণতো অধিৰ..
কিজানোঁ যে দেখোঁ আজি
মৰণ পথিক..
চৌদিশতে নামে প্ৰভু
ঘোৰ অন্ধকাৰ..
চকু মেলি চোৱা প্ৰভু
মাথো এটিবাৰ !
মাথো এটিবাৰ
কৰযোৰে মাগোঁ প্ৰভু
কৰুণা তোমাৰ ৷৷
বোলছবি/এলবাম: ব’হাগৰ
দূপৰীয়া
গায়ক/গায়িকা: শান্তা শৰ্মা (উজিৰ)
সংগীত পৰিচালক: ভূপেন উজিৰ
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment