অনুসন্ধান আকাংক্ষাত

Sunday, May 5, 2013

বাঁহৰ মূঢ়া বগৰীৰ গুৰা





Assamese Song:                 Bahor Murha Bogorir Gura
Album:                                   Moynajan
Singer:                                   Khagen Mahanta
Music Director:                     Khagen Mahanta
Year:                                      1979



কথা:-

বাৰু সোণ এতিয়া মই তোমাক সাধু কওঁ হা !



গীত :-

বাঁহৰ মূঢ়া !

বগৰীৰ গুৰা !

এটা আছিল বুঢ়া !

বাঁহৰ মূঢ়া !

বগৰীৰ গুৰা !

এটা আছিল বুঢ়া !

সৰু লৰাবোৰে

হে মাতে জোৰে জোৰে

সৰু লৰাবোৰে

হে মাতে জোৰে জোৰে

কলৈ যোৱা তলৌ খুৰা !



বাঁহৰ মূঢ়া !

বগৰীৰ গুৰা !

এটা আছিল বুঢ়া !





তলৌ খুৰাৰ হলৌ চোলা

জলৌ জপৌকৈ যায় !

ৰাতিপুৱাই ভাত ৰান্ধি লৈ

দুবেলা অকলে খায়.. !



ভতিজাহঁতে !

এদিন সোমাই খঙতে

ভতিজাহঁতে !

এদিন সোমাই খঙতে

যিমান ভাত আছিলে

পেলালে খাই !

কথা:-

কৰা বাবা !

গীত:-

বাঁহৰ মূঢ়া !

বগৰীৰ গুৰা !

এটা আছিল বুঢ়া !




কথা:-

তাৰপিচত বুঢ়াই কি কৰিলে জানা ?

গীত :-

ৰাতি সোমাই দেখে খুৰাই

সোপাকে খাই !

ঈশ্বৰে বোলে অকলে খালে !

হবই এনে বিলাই

বুজি পাই খুৰাই

আকৌ চাউল সিজাই

বুজি পাই খুৰাই

আকৌ চাউল সিজাই

ভতিজাহঁতক !

দিলে খুৱাই !

কথা:-

খোৱা বাবা

ওঁ.. ওঁ



গীত :-

বাঁহৰ মূঢ়া !

বগৰীৰ গুৰা !

এটা আছিল বুঢ়া

সৰু লৰাবোৰে

হে মাতে জোৰে জোৰে

সৰু লৰাবোৰে

হে মাতে জোৰে জোৰে

কলৈ যোৱা তলৌ খুৰা !





বোলছবি/এলবাম:                    মইনাজান
গায়ক/গায়িকা:                        খগেন মহন্তৰ কন্ঠত
সংগীত পৰিচালক:                  খগেন মহন্ত
(ইউনিকড ৰূপান্তৰ:               দিগন্ত শইকীয়া)

No comments: