Assamese Song: Junti Ulaley Torati
Album: Moynajan
Singer: Khagen Mahanta,Archana Mahanta
Music Director: Khagen Mahanta
Lyrics :- Keshav Mohanta
Year: 1979
পুৰুষ:- জোনটি ওলালে
তৰাটি ওলাব
জোনক জানো সুধি চায় ?
বুকুৱে উকিয়ায়
বুকুৱে উমান পায়
সুধিলেই বু..কু ! ভাগি যায়
জোনটি ওলালে
তৰাটি ওলাব ৷
মইনা চুপহি যদি
মইনা মেলিব পাহি
মইনা গোন্ধে মলেমলাই যায়
মইনা চুপহি যদি
মইনা মেলিব পাহি
মইনা গোন্ধে মলেমলাই যায়
ফুলে কি নুফুলে..
মৰমৰে কলি !
হালে কি নাহালে
বতাহ পাই
জোনক জানো.. সুধি চায় ?
জোনটি ওলালে
তৰাটি ওলাব ৷
নাৰী :- অ’...... (আলাপ)
অ’...... (আলাপ)
জান ঐ বতাহ জানো
জান ঐ বৰদৈচিলা.. ?
জান ঐ পাহিটি নি লৈ যায়.. !
জান ঐ বতাহ জানো
জান ঐ বৰদৈচিলা.. ?
জান ঐ পাহিটি নি লৈ যায়.. !
ৰৈ ৰৈ উচুপে
আজলি কলিটি !
কোনে আহি নিব
হাত বোলাই...
দুয়ো :- জোনক জানো... সুধি চায় ?
জোনটি ওলালে
তৰাটি ওলাব ৷
জোনক জানো.. সুধি চায় ?
বুকুৱে উকিয়াই
বুকুৱে উমান পায়
সুধিলেই বুকু ভাগি যায়
জোনটি ওলালে
তৰাটি ওলাব ৷৷
বোলছবি/এলবাম: মইনাজান
গায়ক/গায়িকা: খগেন মহন্ত আৰু অৰ্চনা মহন্তৰ কন্ঠত
সংগীত পৰিচালক: খগেন মহন্ত
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment